ETV Bharat / state

বানত জুৰুলা গুৱাহাটীৰ জনতা: খবৰ ল’বলৈ আহৰি নহ’ল জনপ্ৰতিনিধিৰ, নাহিল কুংকি চৌধুৰী-বিজয় গুপ্তাও

দেওবাৰে নিশা অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল বানৰ কবলত পৰে ৷ কিন্তু এই সময়ত আৰ্তজনৰ কাষত দেখা নগ’ল কোনো জনপ্ৰতিনিধিক ৷

Guwahati Flash FLood
বানত জুৰুলা মধ্য গুৱাহাটীৰ জনতা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 8:19 PM IST

|

Updated : April 22, 2026 at 9:21 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: যোৱা দেওবাৰে নিশা অহা এজাক ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল বানৰ কবলত পৰে ৷ প্ৰায় দুদিন ধৰি বানৰ ফলত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হয় কেবাটাও অঞ্চলৰ লোকে ৷ কিন্তু এই বিপদৰ সময়ত তেওঁলোকৰ খবৰ ল’বলৈ অহা দেখা নগ’ল কোনো জনপ্ৰতিনিধিক ৷ বিধায়কেই হওক বা সাংসদ বিজুলী কলিতা মেধিয়েই হওক এজনেও আৰ্তজনৰ কাষত থিয় নিদিয়াৰ অভিযোগ উঠিছে ৷ ইফালে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো ফেচবুক পোষ্টযোগে ৰাইজৰ সহযোগিতা বিচাৰিয়েই দায়িত্ব সামৰা পৰিলক্ষিত হয় ৷ আনহাতে নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীক লৈ বিভিন্ন প্ৰতিশ্ৰুতি দিয়া একাংশ প্ৰাৰ্থীৰো সময় নহ’ল জনতাৰ খবৰ ল’বলৈ ৷

বিধানসভা নিৰ্বাচনৰ সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল দুগৰাকী প্ৰাৰ্থীয়ে ৷ তেওঁলোক হৈছে বিজেপিৰ বিজয় গুপ্তা আৰু অসম জাতীয় পৰিষদৰ কুংকি চৌধুৰী ৷ বিজেপিয়ে বিজয় গুপ্তাৰ দৰে এজন অনা অসমীয়া প্ৰাৰ্থীক টিকট প্ৰদান কৰা বুলি ব্যাপক চৰ্চা হোৱাৰ বিপৰীতে কুংকি চৌধুৰীয়ে এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে চৰ্চা লাভ কৰে ৷ দুয়োগৰাকীয়েই একেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ৷

বানত জুৰুলা মধ্য গুৱাহাটীৰ জনতা (ETV Bharat Assam)

তেওঁলোকৰ সমষ্টি হৈছে মধ্য গুৱাহাটী সমষ্টি ৷ বিজয় গুপ্তাই বুথে বুথে সভা অনুষ্ঠিত কৰাৰ বিপৰীতে কুংকিৰ তীব্ৰ গতিত প্ৰচাৰ চলিছিল সামাজিক মাধ্যমত ৷ নিৰ্বাচনৰ পূৰ্বে দুয়োগৰাকী প্ৰাৰ্থীয়ে মধ্য গুৱাহাটী সমষ্টিবাসীক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু ভোটগ্ৰহণ হৈ যোৱাৰ পাছত এতিয়া ক’ত তেওঁলোক ?

বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত সৰ্বাধিক প্ৰভাৱিত হয় মধ্য গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এলেকাৰ জনতা ৷ প্ৰায় দুদিন ধৰি জলবন্দী হৈ থাকিবলগীয়া হয় মধ্য গুৱাহাটী সমষ্টিৰ বিভিন্ন অঞ্চলৰ লোক ৷ নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি অহা দুয়োগৰাকী জন প্ৰতিনিধিক কিন্তু এই বিপদৰ সময়ত ছাঁটোও দেখিবলৈ নাপালে ৰাইজে ৷ সামাজিক মাধ্যমক সতকাই সৰৱ হৈ থকা কুংকি চৌধুৰীয়েই হওক বা বিজয় গুপ্তাই হওক, এজনো জনপ্ৰতিনিধিক এই বিপদৰ সময়ত কাষত নাপালে সমষ্টিবাসীয়ে ৷ যাৰ ফলত ক্ষোভ প্ৰকাশ কৰিছে একাংশ জনতাই ৷

নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীৰ বান সমস্যাক লৈ সৰৱ হোৱা দেখা গৈছিল কুংকি চৌধুৰীক ৷ বিজয়ী হৈ আহিলে বান নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণৰো প্ৰতিশ্ৰুতি দিছিল যুৱ প্ৰাৰ্থীগৰাকীয়ে ৷ কিন্তু জনতাই বানত ককবকাই থকাৰ সময়ত কেৱল ফেচবুকত পোষ্ট দিয়েই নিজৰ দায়িত্ব সামৰিলে কুংকিয়ে ৷ একেদৰে নিজৰ নিৰ্বাচনী ভাষণত গুৱাহাটী শ্বিলং-ছুইজাৰলেণ্ড বনোৱাৰ কথা কোৱা বিজয় গুপ্তাৰো নাই কোনো খবৰ ৷ হঠাৎ উদ্ভৱ হোৱা বানৰ ফলত সমষ্টিবাসীনো কেনেদৰে আছে, কি খাইছে তাৰ খবৰ ল’বলৈ আহৰি নাপালে তেওঁলোকে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰি ইটিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল মধ্য গুৱাহাটী সমষ্টিৰ একাংশ জনতাৰ কাষত ৷ বান সমস্যাক লৈ তেওঁলোকে ক্ষোভ ব্যক্ত কৰাৰ লগতে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তোলে ৷ একেদৰে সমষ্টিটোৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে বিপদৰ সময়ত খবৰ নোলোৱাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে লোকসকলে ৷

এগৰাকী মহিলাই এই সন্দৰ্ভত কয়, ‘‘চৰকাৰৰ উন্নয়নৰ গংগাই মানুহক বোৱাই লৈ গৈ আছে । এনেকুৱা উন্নয়ন কৰিছে যে মানুহে উটি-ভাঁহি গৈছে । তিনিদিন ধৰি কৃত্ৰিম বানত ভুগি আছোঁ, এজনো জনপ্ৰতিনিধি নেদেখিলোঁ । নিৰ্বাচনৰ পূৰ্বে সকলোৱে ভোট বিচাৰি আহিছিল, এতিয়া কাকো দেখা নাই । বিজয় গুপ্তাৰ কথা বাদেই দিলোঁ, তেওঁক দেখাই নাই ৷ কিন্তু কুংকি চৌধুৰীকো নেদেখিলোঁ । বিজয় গুপ্তাই যি শ্বিলং-ছুইজাৰলেণ্ডৰ কথা কৈছে, সেয়া কেতিয়াও সম্ভৱ নহয় ৷’’

আন এজন ব্যক্তিয়ে এই সন্দৰ্ভত এনেদৰে কয়- ‘‘বিজ্ঞানসন্মত নলাৰ অভাৱ আৰু পৰিষ্কাৰ নকৰাৰ ফলত আমাৰ অঞ্চলত দিনক দিনে কৃত্ৰিম বানৰ সমস্যা বৃদ্ধি পাইছে । বিশেষকৈ বিগত দুবছৰৰ পৰা আমাৰ বিৰুবাৰী-জোনাকপুৰ অঞ্চলত কৃত্ৰিম বান বৃদ্ধি পাইছে । এইবাৰ কৃত্ৰিম বানে অধিক জটিল ৰূপ লৈছিল, যোৱা তিনিদিন ধৰি অঞ্চলটো পানীৰ তলত আছিল । আজিহে পানী শুকাইছে । আমাৰ অৱস্থা গাঁৱত থকা মানুহতকৈও বেয়া হৈছে ৷ এখন চৰকাৰক আমি তেতিয়াহে সমৰ্থন কৰিম যেতিয়া তেওঁলোকে সমস্যাৰ প্ৰতি গুৰুত্ব দিব ৷ কিন্তু সমস্যা সমাধান কৰিব নোৱাৰিলে তেনে চৰকাৰক সমৰ্থন কৰি লাভ নাই ৷’’

গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ অৱস্থাৰ কথা কেবাজনো ব্যক্তিয়ে উল্লেখ কৰে ইটিভি ভাৰতক ৷ তেওঁলোকে অভিযোগ কৰে যে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই উপযুক্ত পৰিকল্পনা অবিহনে নলা নিৰ্মাণ কৰাৰ ফলতেই বৰষুণ আহিলেই অঞ্চলবোৰ পানীত বুৰ যায় ৷ নলা চাফা কৰি বোকাবোৰ পাৰত তুলি থয়, কিন্তু বৰষুণ আহিলেই সেই বোকাবোৰে পুনৰ নলাবোৰ পুতি পেলায় ৷ ফলত মানুহৰ ঘৰৰ ভিতৰতো পানী সোমাই থাকিব নোৱৰা অৱস্থাৰ সৃষ্টি কৰিছে ৷ অতি শীঘ্ৰে চৰকাৰক বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে দাবী জনাইছে এইসকল লোকে ৷

লগতে পঢ়ক:

ভয়ংকৰ জলাশয়ত পৰিণত সমগ্ৰ গুৱাহাটী : নলাত পৰি প্ৰাণ গ'ল মহিলাৰ, স্কুল-কলেজ সকলো বন্ধ

কোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী

Last Updated : April 22, 2026 at 9:21 PM IST