সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব আশ্ৰয় শিবিৰত থকা লোকসকলক: দেৰহাছৎ বসুমতাৰী
আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পুনৰ-সংস্থাপন আৰু সাহায্য দিয়াৰ ঘোষণা কাৰ্যবাহী সদস্য দেৰহাছৎ বসুমতাৰীৰ । নিৰাপত্তা পালে ঘৰলৈ উভতি যোৱাৰ মন আশ্ৰয় শিবিৰত থকা লোকসকলৰ ।

Published : January 23, 2026 at 10:06 AM IST
কোকৰাঝাৰ: কোকৰাঝাৰত সৰ্বদলীয় শান্তি সভা অনুষ্ঠিত হোৱাৰ পাছতে বৃহস্পতিবাৰে বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছৎ বসুমতাৰীয়ে পৰিদৰ্শন কৰে কোকৰাঝাৰৰ আশ্ৰয় শিবিৰৰসমূহ । আশ্ৰয় শিবিৰত থকাসকলক বি টি চি চৰকাৰৰ পৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়া হৈছিল আৰু সেই অনুসৰি ইয়াৰ ব্যৱস্থা কৰা বুলি বসুমতাৰীয়ে সাংবাদিকৰ আগত সদৰী কৰে ৷
তেওঁ কয় যে যিসকল ঘৰ-বাৰী জ্বলিছে তেওঁলোকক সাময়িক সকাহ দিবৰ বাবে বেছিকৈ ক্ষতিগ্ৰস্ত হোৱা ২৮ টা আদিবাসী পৰিয়ালক তিনি বান্ধকৈ টিনপাত, প্ৰত্যেক ব্যক্তিকে এখনকৈ কম্বল, কাম কৰাৰ বাবে আৰ্থিক সাহায্য, কেইদিনমান চলিব পৰাকৈ ৰেচন যোগান ধৰা হ'ব । একেদৰে ক্ষতিগ্ৰস্ত হোৱা বড়ো পৰিয়াল সকলকো একেই সাহায্য প্ৰদান কৰা হ’ব ৷ যিসকলৰ ঘৰ-বাৰী জ্বলা নাই তেওঁলোকক টিনপাতৰ বাদে সকলোখিনিয়েই যোগান ধৰা হ’ব ।
দেৰহাছৎ বসুমতাৰীয়ে বড়ো-আদিবাসী পাঁচটা শিবিৰেই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু কোনোধৰণৰ অসুবিধাৰ যাতে সন্মুখীন নহয় তাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ দেৰহাছৎ বসুমতাৰীয়ে ঘটনাত নিহত হোৱা সুনীল মুৰ্মু আৰু আহত মহেশ মুৰ্মুৰ পৰিয়ালক সাক্ষাৎ কৰি ব্যক্তিগতভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে ৷
আনপিনে নিঠৰুৱা হোৱা সুনীল মুৰ্মুৰ তিনি সন্তানক চৰকাৰী নীতি-নিয়ম অনুসৰি সমাজ কল্যাণ বিভাগৰ শিশু সুৰক্ষা সমিতিৰ জৰিয়তে ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । ইতিমধ্যে পৰিয়ালটোৰ ঘৰত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে বুলি বসুমতাৰীয়ে কয় ।
ইপিনে আশ্ৰয় শিবিৰত আজিও অবৰ্ণনীয় পৰিৱেশ বৰ্তি আছে । আশ্ৰয় শিবিৰসমূহত শৌচাগাৰ-প্ৰসাৱগাৰ, শিশুখাদ্য, ৰন্ধাৰ বাবে বাচন-বৰ্তন, ইন্ধন প্ৰশাসনে যোগান ধৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে আশ্ৰয় শিবিৰত থকা ভুক্তভোগীসকলে । প্ৰশাসনে চাউল-দাইলৰ যোগান ধৰিছে যদিও ৰান্ধিবলৈ খৰিৰ অভাৱ বুলি মন্তব্য কৰি আশ্ৰয় শিবিৰত থকা লোকসকলে শিশুখাদ্য, কাপোৰ, টাৰ্পলিন আৰু ইন্ধন(খৰি) যোগান ধৰিবলৈ দাবী উত্থাপন কৰিছে । এনে এক পৰিৱেশৰ মাজতে আজি বি পি এফ চৰকাৰৰ পৰা আশ্ৰয় শিবিৰসমূহত কিছু খাদ্য সামগ্ৰী যোগান ধৰা হয় ৷

যোৱা ১৯ জানুৱাৰীৰ নিশা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ২০ জানুৱাৰীৰ পুৱাৰে পৰা কাৰিগাঁৱত আৰম্ভ হৈছিল লংকাকাণ্ড । চিকনা জৗহৗলাও বিছমিট ওৰফে ৰাজাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কাৰিগাঁও উপ-আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ আৰম্ভ কৰিছিল । এই প্ৰতিবাদে লাহে লাহে উগ্ৰ ৰূপ ধাৰণ কৰে আৰু প্ৰতিবাদকাৰীসকলে কাৰিগাঁও আৰক্ষী চকীৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে ।
একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । আনহাতে আন একাংশ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰপিনে থকা গাঁওসমূহত তাণ্ডৱ চলায় । দুস্কৃতিকাৰীৰ তাণ্ডৱত গঞাই ঘৰ-দুৱাৰ এৰি পলায়ন কৰে আৰু পিছলৈ বিদ্যালয়, খেলপথাৰ তথা মুকলি স্থানত আশ্ৰয় লয় । এনেদৰে জিলাখনত পাঁচটা আশ্ৰয়শিবিৰ গঢ় লৈ উঠে আৰু চৰকাৰী তথ্য মতে পাঁচটা আশ্ৰয় শিবিৰত ৬৮০ টা পৰিয়ালৰ ২৯২৯ গৰাকী সদস্য আছে ।
প্ৰশাসনে দুই-এদিনৰ ভিতৰতে আশ্ৰয় শিবিৰত থকা লোকসকলক নিজা নিজা ঘৰলৈ উভতাই পঠিওৱাৰ পৰিকল্পনা কৰিছে যদিও আজি তিনিটা আশ্ৰয় শিবিৰ চৰকাৰীভাৱে বন্ধ কৰি দিয়াৰ কথা জানিবলৈ দিয়ে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷ একাংশ লোকে নিৰাপত্তা অবিহনে আশ্ৰয় শিবিৰ এৰি যাবলৈ অস্বীকাৰ কৰিছে ।
কাৰিগাঁও হাইস্কুলত আশ্ৰয় লৈ থকা চুমী মাৰ্ডীয়ে স্পষ্টভাৱে কয়, "গাঁৱত থাকিবলৈ ঘৰটোৱে নাই । জ্বলি ছাই হৈ গ'ল । আমি গৰু-ছাগলী নেকি ? ঘূৰি গৈ ক'ত থাকিম ? নিৰাপত্তাৰক্ষী নাথাকিলে আমি গাঁৱত কেনেকৈ থাকিম ? বাৰে বাৰে এনে ঘটনা হৈ আছে । আমাৰো জীৱনৰ প্ৰতি ভয় আছে , ল'ৰা-ছোৱালীৰ জীৱনৰ কথা আছে । গাঁৱত পুলিচ ৰাখক আৰু জ্বলি ছাই হোৱা ঘৰসমূহ পুনৰনিৰ্মাণ কৰক আমি নিশ্চয় যাম ।"
আনহাতে ধ্বংসপ্ৰাপ্ত বা ক্ষতিসাধন কৰা ঘৰসমুহৰ বাবে টিনপাত যোগানৰো দাবী জনাইছে আশ্ৰয় শিবিৰত থকা লোকসকলে । তেওঁলোকে অস্থায়ীকৈ হ'লেও আক্ৰান্ত গাঁৱত নিৰাপত্তাৰক্ষীৰ শিবিৰ স্থাপনৰ দাবী জনাই জীৱনৰ নিৰাপত্তা অবিহনে তেওঁলোক শিবিৰ এৰি নাযায় বুলি স্পষ্টকৈ কয় ৷
আনপিনে বৃহস্পতিবাৰৰ পৰা স্বাভাৱিক পৰিৱেশ ঘূৰি অহাৰ ফলত আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকাসকলে আজি নিজৰ ঘৰলৈ উভতি যোৱাৰ মন মেলিছে ৷ নিৰাপত্তা দিলেই ঘৰলৈ উভতি যাব দিনচিকি বজাৰত আশ্ৰয় লৈ থকা ১০খন গাওঁৰ ৰাইজে ৷ উক্ত আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা ভাওৰাগুৰি গাওঁৰ ৮০ বছৰীয়া গাইডে নাৰ্জাৰীয়ে সাংবাদিকৰ আগত কয়,"ঘৰত গৰু- ছাগলী এৰি আহিছোঁ । নাতি-নাতিনীক লৈ কেনেকৈ ঘৰত থাকিম ? প্ৰাণৰ মায়াত ঘৰ-বাৰী এৰি বোৱাৰী নাতি-নাতিনীক লৈ পলাই আহি এতিয়া ৰাতি টাৰ্পলিনৰ তলত আছোঁ । বাহিৰত ইমান ঠাণ্ডা ৷"
আনহাতে স্নাতক প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ববিতা মুছাহাৰীয়ে কয়, "ইয়াত থাকি আমাৰ স্কুল-কলেজ ক্ষতি হৈ আছে ৷ মেট্ৰিক ফাইনেল দিয়া ১০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে, উচ্চতৰ মাধ্যমিক ফাইনেল পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰী আছে ৷ আমাৰ পঢ়াৰ ক্ষতি হৈ আছে ৷ চৰকাৰে নিৰাপত্তা ব্যৱস্থা কৰি আমাক ঘৰত লৈ যোৱাৰ ব্যৱস্থা কৰক নহ'লে আমাক বেলেগ ঠাইত ৰাখি পঢ়িবলৈ সুযোগ দিয়ক ।"
চাওঁতালসকলক মাওবাদী বুলি অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান:
সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমৰ নেৰ্তৃত্বত বৃহস্পতিবাৰে চাওতাল ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে শিবিৰসমূহ পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয় । পৰিভ্ৰমণৰ সময়ছোৱাত সংবাদমাধ্যমৰ আগত ছাত্ৰনেতাগৰাকীয়ে ১৯ জানুৱাৰীত সংঘটিত ঘটনা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি উক্ত কাণ্ডক তীব্ৰ ভাষাৰ গৰিহণা দিয়ে ৷
ছাত্ৰনেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয়, "প্ৰতিবাৰে ইয়াত গোষ্ঠীগত সংঘৰ্ষ হ’লে আমাক ঝাৰখণ্ডী বুলি কয় । এইবাৰৰ সংঘৰ্ষত একাংশ বুদ্ধিজীৱীয়ে চাওঁতালী অঞ্চলসমূহত মাওবাদীৰ প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ বুলি কৈছে ৷ এনেকুৱা ভুৱা অপপ্ৰচাৰ আমাৰ বিৰুদ্ধে চলাব নালাগে ৷ চাওঁতাল জনগোষ্ঠীক মাওবাদী উগ্ৰপন্থী সজাই আমাৰ স্বাভিমানক আঘাত হানিছে ৷ যদিহে কোনো বুদ্ধিজীৱীৰ ওচৰত তথ্য আছে তেখেতসকলে চৰকাৰৰ ওচৰত দাখিল কৰি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক ৷"
তেওঁ লগতে কয়, "আইনৰ আওতালৈ আনি বিচাৰ কৰক আমিও সহায় কৰিম ৷ আনপিনে ১৯ জানুৱাৰীত গাড়ী জ্বলাই দিয়া এজন লোকক প্ৰহাৰ কৰি হত্যা কৰাৰ অপৰাধত যিদৰে চাওতাল ব্যক্তিসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেনেদৰে ঘৰ-বাৰী জ্বলাই দি ক্ষতিসাধন কৰাসকলকো গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাইছে ছাত্ৰনেতাজনে ৷ তেওঁ কয় যে শান্তি সকলোৱে বিচাৰিছে । অশান্তি কৰি চৰকাৰৰো লাভ নহয়, জনতাৰো লাভা নহয় ।
বিমল কুমাৰ হেমব্ৰমে লগতে কয়, "যি দোষী তেওঁক শাস্তি দিয়ক, আপত্তি নাই ৷ কিন্তু সন্দেহতে ঘৰৰ পৰাই ধৰি নিয়া নিৰ্দোষীসকলক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী দাবী জনাইছো । তদুপৰি পুনৰসংস্থাপন নোহোৱা পৰ্যন্ত শিবিৰতে পৰ্যাপ্ত সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছো । শান্তিৰ অৰ্থ ভালদৰে বুজি পাব লাগিব আৰু চাওতালসকলে সংবিধান মানি চলে ।"

