ETV Bharat / state

উত্তপ্ত কোকৰাঝাৰ ! পূৰ্বতকৈ উন্নত হৈছে পৰিস্থিতি

কাৰিগাঁও আৰক্ষী থানাৰ সমীপৱৰ্তী গৌৰীনগৰত সংঘটিত পথ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে কোকৰাঝাৰ । ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত ৰাখিব বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

Kokrajhar Tense
উত্তপ্ত কোকৰাঝাৰ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 11:07 PM IST

7 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : সোমবাৰে সন্ধিয়া কোকৰাঝাৰ জিলাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাৰিগাঁৱৰ ওচৰৰ গৌৰীনগৰত সংঘটিত হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি অগ্নিগৰ্ভা সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় কোকৰাঝাৰত ৷ উক্ত ঘটনাত একাংশ উত্তেজিত আদিবাসী লোকৰ প্ৰহাৰত ছিকনা জৗহৗলাও বিছমিটৰ নামৰ উদীয়মান যুৱকজনৰ থিতাতে নিহত হোৱাৰ লগতে দুজন আহত হয় । এই ঘটনাক কেন্দ্ৰ কৰি আজি (মঙলবাৰ) প্ৰতিবাদকাৰীসকলে কাৰিগাঁৱৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷

উত্তেজিত প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই, ন্যায় আমাক লাগিব আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ একে সময়তে প্ৰতিবাদকাৰীসকলে উত্তৰ কাৰিগাঁৱত কেবাটাও ঘৰ, ই-ৰিক্সা, মটৰ চাইকেল জ্বলাই দিয়ে ৷

মঙলবাৰে পুৱাৰে পৰা কেবা শতাধিক প্ৰতিবাদকাৰীয়ে কাৰিগাঁও আৰক্ষী চকী ঘেৰাও কৰে । সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত পৰিস্থিতি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰে । এটা সময়ত প্ৰতিবাদকাৰীসকলে কাৰিগাঁও উপআৰক্ষী চকীৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে ।

প্ৰতিবাদকাৰীসকলে উপ-আৰক্ষী চকীত সোমবাৰৰ নিশা ঘটনাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ২২ টা অভিযুক্তক কাৰিগাঁও উপ আৰক্ষী চকীত আৱদ্ধ কৰি ৰখাৰ সন্দেহত থানাত তালাচী অভিযান চলায় ।

ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ মটৰচাইকেল জ্বলাই দিয়ে । তদুপৰি প্ৰতিবাদকাৰীসকলে বীৰছা কামাণ্ডোৰ অস্থায়ী শিবিৰ, নিৰ্মাণধীন বীৰসিং মুণ্ডা সাংস্কৃতিক প্ৰকল্প চৌহদত থকা শ্ৰমিকগৃহ আৰু কাৰিগাঁৱৰ দাঁতিকাষৰীয়া এলেকাৰ কেবাটাও গৃহ জ্বলাই দিয়াৰ দিয়াৰ লগতেকেবাখনো দোকানৰ ক্ষতিসাধন কৰে ৷

আৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকল কোনো কথা শুনিবলৈ মান্তি নহয় । প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত শাৰী শাৰী বাহন আৱদ্ধ হৈ পৰে আৰু কেবাখনো ভূটানৰ মালবাহী আৰু যাত্ৰীবাহী গাড়ী আৱদ্ধ হৈ পৰে ।

আনহাতে প্ৰতিবাদকাৰীসকলে অধিক উগ্ৰ ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে কঠোৰ স্থিতি ল'বলৈ বাধ্য হৈ পৰে । উপায়ন্তৰ হৈ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে । ফলত প্ৰতিবাদকাৰীসকল অলপ আঁতৰি যায় যদিও পুনৰাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখে ।

এনে এক উত্তেজনাময় পৰিৱেশৰ মাজতে আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰতিবাদকাৰীসকলক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় । কিন্তু প্ৰতিবাদকাৰীসকল মান্তি নহয় ।

আনকি প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী সংঘৰ্ষ হয় । উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰে । তাৰ পাচত প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে । যাৰ ফলত এগৰাকী আৰক্ষী বিষয়াসহ দুজন আৰক্ষী জোৱান আহত হয় ।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছো নিক্ষেপ কৰে । কেবাঘণ্টা যুঁজি অৱশেষত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ মোকলাবলৈ সক্ষম হয় আৰু আৱদ্ধ হৈ পৰা যানবাহনসমূহ এচকৰ্ট দি পাৰাপাৰ কৰে ।

ইপিনে প্ৰতিবাদকাৰীসকলে বিশেষ সম্প্ৰদায়ৰ গাঁৱৰ ভিতৰলৈ সোমাই খেৰৰ পুঁজি পৰ্যন্ত জ্বলাই দিয়ে । বাতৰি লিখা পৰলৈকে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে । ৰেপিড একশ্যন ফ'ৰ্চৰ দুটা বাহিনীৰ লগতে চিআৰপিএফৰ বাহিনী মোতায়ন কৰা হৈছে ।

সেনা বাহিনৰ দলে কাৰিগাঁও এলেকাত ফ্লেকমাৰ্চ কৰাৰ লগতে কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে ৷ বাতৰি লিখা পৰলৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও চেপা উত্তেজনা অব্যাহত আছে ৷

আনহাতে কাৰিগাঁও আৰু আওদাং বজাৰ এলেকাৰ দুয়োটা সম্প্ৰদায়ৰ কেইবাটাও পৰিয়ালে আতংকিত হৈ স্কুলৰ অস্থায়ী শিবিৰত আশ্ৰয় লব'লৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, সোমবাৰে নিশা এক ভুল বুজাবুজিৰ পৰিণতিতে কাৰিগাঁও আৰক্ষী চকীৰ পৰা এক-ডেৰ কিলোমিটাৰ নিলগৰ গৌৰিনগৰত এক ভয়ানক ঘটনা সংঘটিত হৈছিল । কাৰিগাঁৱৰ পৰা আওডাং বজাৰ যোৱা ৰাস্তাটো নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনৰ কেম্পৰ পৰা নিৰ্মাণ সামগ্ৰী আনিবলৈ বাৰোন্দা বসুমতাৰীৰ জোৱায়েক চিকনা জৗহৗলাও বিছমিট ৰাজা বসুমতাৰীয়ে আন তিনিগৰাকী সংগীক লৈ স্কৰপিঅ' গাড়ীৰে ওলাই যায় ।

তেওঁলোক সামগ্ৰী লৈ ঘূৰি আহোতে গৌৰীনগৰৰ মানছিং এলেকাত একাংশ যুৱকে তেওঁলোকক গৰুচোৰ বুলি সন্দেহ কৰে আৰু গাড়ী ৰখাবলৈ চেষ্টা কৰে । সেই সময়তে স্কৰপিঅ'খন দুৰ্ঘটনাত পতিত হয় । ফলত গাড়ী ৰখাবলৈ চেষ্টা কৰা দুই স্থানীয় বাসিন্দা মহেশ মুৰ্মু আৰু সুনীল মুৰ্মু গুৰুতৰভাৱে আহত হয় ।

ইয়াৰ পিছতে যুৱকৰ দলটোৱে স্কৰপিঅ' বাহনখনলৈ শিলগুটি নিক্ষেপ কৰে । ফলত নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅ' বাহনখন সৰু খাল এটাত বাগৰি পৰে । তেতিয়াই যুৱকৰ দলটোৱে স্কৰপিঅ' বাহনত থকা লোকসকলক আক্ৰমণ কৰে ।

যুৱকৰ দলটোৰ আক্ৰমণত চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰী ঘটনাস্থলীতে মৃত্যু হয় ৷ আনহাতে প্ৰভাত ব্ৰহ্ম আৰু যুগিৰাজ ব্ৰহ্ম গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত আৰু আক্ৰমণত আহত হোৱা চাৰিজনকে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

আনহাতে স্কৰপিঅ'ৰ খুন্দাত আহত হোৱা সুনীল মুৰ্মু (৩২) নামৰ যুৱকজন আজি চিকিৎসাধীন অৱস্থাতে আজি (মঙলবাৰ) মৃত্যু হয় ।

ইপিনে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে এটা দুৰ্ঘটনাৰ আলম লৈ মাৰধৰ কৰি হত্যা কৰা আৰু উক্ত ঘটনাৰ আলম লৈ পৰবৰ্তী পৰ্যায়ত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে । সকলো পক্ষকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই বিধায়কগৰাকীয়ে আইন হাতত তুলি নলবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে । এই অঞ্চলসমূহত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে, সেয়ে সকলো পক্ষকে শান্তি -সংযম বৰ্তাই ৰাখিবলৈ তেওঁ আহ্বান জনাইছে ।

আনহাত সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্ৰম আৰু সম্পাদক দীপাংকৰ হেমব্ৰমে আৰক্ষী সঞ্চালক প্ৰধানলৈ দিয়া এক পত্ৰত বিষয়টো সাৱধানে নিষ্পত্তি নকৰিলে সাম্প্ৰদায়িকতাৰ ফালে গতি কৰিব বুলি আশাংকা প্ৰকাশ কৰে । গণপ্ৰহাৰ ঘটনাৰে জড়িত থকাসকলক ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী জনাই আহতসকলক পৰ্যাপ্ত চিকিৎসা সেৱা দিবলৈ দাবী জনাইছে ।

উভয় পক্ষৰ গাঁওসমূহত অধিক অৰ্ধসামৰিক বাহিনী আৰু ৰেপিড একশ্যন ফ'ৰ্চ নিয়োগ কৰিবলৈ দাবী জনাই শান্তিৰ বাবে দুয়োপক্ষকে লৈ আগবাঢ়িবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে সোমবাৰে সংঘটিত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ঘটনাৰ নিশাই ১৯ জন আৰু মঙলবাৰে ৩ জনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ।

ধৃত কেইজন হ'ল ক্ৰমে -

  • সত্যনাথ টুডু (৪৭),
  • গুদৰাই কিস্কু (৩০),
  • গুনি মাৰ্ডি (২৮),
  • পৱন হেমব্ৰম (২২),
  • মংগল মুৰ্মু (২০),
  • ৰাজু বাস্কি (২৬)
  • সোণীৰাম মুৰ্মু (৩০),
  • ৰবিন হেমব্ৰম (৪৫),
  • সোবান মাৰ্ডি (৩৫),
  • ৰবিন ছ’ৰেন (২৫),
  • ৰবি হাছদা (৩৮),
  • বাচিলিঅ’ছ ছ’ৰেন (২৩ ),
  • চাবাহ মুৰ্মু (৬০),
  • নিকোলাছ ছ’ৰেন (৩৫),
  • সোম হেমব্ৰম (১৮),
  • চেবাছ হেমব্ৰম (৪৪),
  • সুনীল টুডু (৩৫) আৰু
  • মন্টু মুৰ্মু (২৫)

ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিৎ সিং, আইন-শৃংখলা বিভগৰ আইজিপি অখিলেশ সিং আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল কাৰিগাঁৱত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে । আনহাতে আৰক্ষী মহাপৰিদৰ্শক অখিলেখ সিঙে কাৰিগাঁৱত উপস্থিত হৈ আইন কাকো হাতত তুলি ল'বলৈ দিয়া নহ'ব বুলিও মন্তব্য কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একশ্নযন ফ'ৰ্চ আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে বুলি সদৰী কৰে ।

লগতে পঢ়ক : কোকৰাঝাৰত সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা : গণপ্ৰহাৰত নিহত ২, ছুইজাৰলেণ্ডৰ পৰা পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে