কোকৰাঝাৰ আৰক্ষীৰ তৎপৰতাত প্ৰায় ১০.৫ কোটি টকাৰ হেৰ’ইন জব্দ
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ দুটা সৰবৰাহকাৰীয়ে এখন কণ্টেইনাৰ বাহনেৰে হেৰ’ইনখিনি কোকৰাঝাৰৰ দামৰাপাৰাৰ পৰা আনি আছিল ৷

Published : August 27, 2026 at 10:32 AM IST
গুৱাহাটী: নিষিদ্ধ দ্ৰব্য ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে এই কথা কৈ আহিছে ৷ তাৰ পিছতো যেন কেৰেপ কৰা নাই অপৰাধীয়ে ৷ ৰাজ্যৰ চুকে-কোণে আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ পিছতো ড্ৰাগছৰ দৰে বৰবিহৰ সৰবৰাহ অব্যাহত আছে ৷
তেনে এক সময়তে কোকৰাঝাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজে সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ দিছে ৷
Engine, engine number nine. Heroin hidden, busted in time.@KokrajharPolice seized 1.48 kg heroin worth ₹10.5 cr from 131 soap cases hidden inside a container vehicle at Damrapara. Two accused held.
— Himanta Biswa Sarma (@himantabiswa) August 26, 2026
Kudos @assampolice#AssamAgainstDrugs pic.twitter.com/xwrHL5kKjJ
বুধবাৰে নিশা কোকৰাঝাৰ আৰক্ষীয়ে ১৩১ টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত প্ৰায় ১০.৫ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জব্দকৃত হেৰ’ইনখিনিৰ ওজন প্ৰায় ১.৪৮ কেজি ৷ মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত দিয়া পোষ্ট অনুসৰি, দুটা সৰবৰাহকাৰীয়ে এখন কণ্টেইনাৰ বাহনেৰে এই নিষিদ্ধ হেৰ’ইনখিনি কোকৰাঝাৰৰ দামৰাপাৰাৰ পৰা আনি আছিল ৷ কিন্তু অপৰাধীৰ কৌশল ওফৰাই আৰক্ষীয়ে বাহনসহ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷
Wary of our relentless crackdown on drugs, the mafia is now attempting a new route from Myanmar through Arunachal Pradesh.
— Himanta Biswa Sarma (@himantabiswa) August 26, 2026
Let this be a clear warning: routes may change, but our resolve will not. We will hunt down every drug network and strike hard, wherever they operate.… pic.twitter.com/JTkHJww8J9
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মুকলিকৈ মত ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ প্ৰসংগ উত্থাপন কৰিও বহুকেইটা গুৰুত্বপূৰ্ণ কথা কয় ৷
তেওঁ কয়, ‘‘ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অদম্য স্থিতিৰ বিষয়ত সতৰ্ক হৈ মাফিয়াই এতিয়া ম্যানমাৰৰ পৰা অৰুণাচল প্ৰদেশৰ মাজেৰে নতুন পথৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ প্ৰয়াস কৰিছে । এইটো এটা স্পষ্ট সতৰ্কবাণী - পথ সলনি হ’ব পাৰে, কিন্তু আমাৰ সংকল্প সলনি নহয় । আমি প্ৰতিটো ড্ৰাগছৰ নেটৱৰ্কক ধৰাশায়ী কৰিম আৰু য’তেই তেওঁলোকে কাম কৰে, তাতেই কঠোৰ আক্ৰমণ চলাম ।’’
লগতে পঢ়ক: খানাপাৰাত প্ৰথম বহুবিভাগীয় টাস্ক ফ’ৰ্চৰ বৈঠক, সাঁচিগছৰ মূল্য নিয়ন্ত্ৰণক লৈ আলোচনা

