শীঘ্ৰে কৰিব পাৰে পৰিকল্পনা, পৰ্যটকৰ বাবে মুকলি কাজিৰঙাৰ কঁহৰা
মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে কঁহৰা বনাঞ্চল ৷

Published : November 2, 2025 at 11:15 PM IST
কাজিৰঙা: ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা ৷ বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত দেওবাৰে পৰ্যটক, স্থানীয় ৰাইজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ লগতে বনবিভাগৰ বিষয়া-কৰ্মী, পৰ্যটন ব্যৱসায়ী আদিৰ উপস্থিতিত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰিকল ভাঙি, ফিটা কাটি কঁহৰা বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ৷
ইয়াৰ লগে লগে কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰা হয় ৷ মুঠৰ ওপৰত সৰ্বতোপ্ৰকাৰে পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৷
বনমন্ত্ৰী পাটোৱাৰীয়ে বিগত পৰ্যটন বৰ্ষত কাজিৰঙাত অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটাৰ কথা উল্লেখ কৰি কয়, ‘‘আশা কৰা হৈছে এইবাৰো পৰ্যটকৰ সমাগমে কাজিৰঙাত অভিলেখ গঢ়িব ৷’’ ৰাইজক কাজিৰঙা দৰ্শন কৰিবলৈ আহিবলৈ আহ্বান জনাই মন্ত্ৰী পাটোৱাৰীয়ে ৷
আনহাতে, মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘অসমৰ সাম্প্ৰতিক পৰিৱেশত বিশ্বৰ যথেষ্ট পৰ্যটক আকৰ্ষিত হৈছে ৷ পৰ্যটকৰ সমাগমৰ ক্ষেত্ৰত এই পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ব আৰু প্ৰকৃতিপ্ৰেমীৰ আগমন বৃদ্ধি পাব ৷’’

কাজিৰঙাত পৰ্যটকৰ সংখ্যা প্ৰত্যেক বৰ্ষতে বাঢ়ি আছে বুলি প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই এই বৰ্ষতো পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৷ সকলোকে কাজিৰঙালৈ আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷
ইপিনে, কঁহৰা বনাঞ্চল মুকলিৰ পূৰ্বে দেওবাৰে পুৱা “কাজিৰঙা ৰাইনো ৰাণ” শীৰ্ষক এখন দৌৰ প্ৰতিযোগিতা সম্পন্ন হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু “ডব্লিউ টি আৰ পি”ৰ উদ্যোগত অনুষ্ঠিত এই দৌৰ প্ৰতিযোগিতাত দেশৰ ভিন্ন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷

কঁহৰা বনাঞ্চল মুকলিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিন সেৱা আগবঢ়াই কিছুদিন পূৰ্বে মৃত্যুক আঁকোৱালি লোৱা পৰাক্ৰমী হস্তীনী মোহনমালাৰ স্মৃতিত মুকলি কৰা হয় এক হাতীশাল ৷

