ETV Bharat / state

জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত বিশাল গণ সমাৱেশ কোচ ৰাজবংশীৰ

কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবীত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিশাল সমাৱেশত অংশগ্ৰহণ হাজাৰ হাজাৰ লোকৰ ।

koch rajbongshi Protest
জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশীসকলৰ প্ৰতিবাদ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 9, 2025 at 9:08 PM IST

4 Min Read
Choose ETV Bharat

বঙাইগাঁও: অসমৰ ছয় জনগোষ্ঠীয়ে শেহতীয়াকৈ জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । টাই-আহোম, চুতীয়া, চাহ জনগোষ্ঠী, মৰাণ আৰু মটক জনগোষ্ঠীয়ে ইতিমধ্যে উজনি অসমত বিশাল প্ৰতিবাদেৰে ৰাজপথ কঁপাইছে । তাৰ মাজতে কোচ ৰাজবংশীসকলেও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে ।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, প্ৰাক্তন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন, সদৌ কোচ ৰাজবংশী সন্মিলনী, কোচ ৰাজবংশী মহিলা পৰিষদ, কোচ ৰাজবংশী জাতীয় পৰিষদকে আদি কৰি প্ৰায় ১৩ টা সংগঠনৰ একত্ৰিত আহ্বানত দেওবাৰে এক বৃহৎ প্ৰতিবাদী গণ সমাৱেশ অনুষ্ঠিত হয় ।

জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত বিশাল গণ সমাৱেশ কোচ ৰাজবংশীৰ (ETV Bharat)

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী তথা পৃথক কমতাপুৰ ৰাজ্য, কে এল অ' শান্তি চুক্তিকে আদি কৰি কেইবাদফীয়া দাবী উত্থাপন কৰি চৰকাৰক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই । এই প্ৰতিবাদী গণ সমাৱেশত অসম, পশ্চিমবংগৰ উপৰিও বিহাৰ আদি ৰাজ্যৰ প্ৰায় ৫০ হাজাৰ কোচ ৰাজবংশী লোকে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত বছৰৰ পিছত বছৰ ধৰি প্ৰতিবাদ কৰি অহাৰ পিছতো আজিলৈকে তেওঁলোকৰ দাবীক কোনো এখন চৰকাৰেই গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ'ল । ফলশ্ৰুতিত নিজৰ প্ৰাপ্যৰ দাবীত কেবল আন্দোলন কৰাৰ বাহিৰে কোনো পথ নথকাত ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ নকৰিলে ইয়াৰ পৰিণাম ভূগিব লাগিব বুলিও সকিয়াই দিয়ে সংগঠনৰ নেতাসকলে । প্ৰখৰ ৰ'দকো নেওচি সহস্ৰাধিক প্ৰতিবাদী জনতাই চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ।

koch rajbongshi Protest
বঙাইগাঁৱত কোচ ৰাজবংশীৰ প্ৰতিবাদ (ETV Bharat)

প্ৰতিবাদত অংশ লৈ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰাণাদিত্য বৰ্মনে কয়, "চৰকাৰে কোচ ৰাজবংশী লোকসকলক সদায়ে ঠগি আহিছে, প্ৰবঞ্চনা কৰি আহিছে । এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । নিৰ্বাচন আহিলেই আকৌ মডেলিটিৰ কথা আহিছে, জনজাতিকৰণৰ কথা আহিছে, আমাৰ জীৱন সিংহক আনি গুৱাহাটীত ৰাখি থৈছে কোনো শান্তি চুক্তি হোৱা নাই ।"

তেওঁ লগতে অভিযোগ কৰে, "আমাৰ কমতাপুৰক খণ্ড খণ্ডকৈ ভাগ কৰিলে, এতিয়া আমাৰ মানুহখিনিকো ভাগ ভাগ কৰাৰ চেষ্টা কৰিছে । মেঘালয়ত থকা আমাৰ মানুহখিনি এছ টি আৰু বেংগলত থকাখিনি এছ চি আৰু আমি অসমত থকাখিনিক অ' বি চিৰ মৰ্যাদা দিছে । প্ৰতিবাৰেই এই চৰকাৰখনে আমাক প্ৰৱঞ্চনা কৰি ছল-চাতুৰীৰ আশ্ৰয় লৈ শেষ কৰাৰ চেষ্টা কৰিছে । কিন্তু এইবাৰ আমি কোনোপধ্যেই মানি নলওঁ । আমি বিজেপি চৰকাৰক ইয়াৰ পৰাই সকীয়াই দিছো । তেওঁলোকৰ ছল-চাতুৰী কোচ ৰাজবংশীয়ে কোনোমতেই আৰু নামানে ।"

koch rajbongshi Protest
জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশীয়ে কঁপালে বঙাইগাঁও (ETV Bharat)

তেওঁ কয়, "এইবাৰ যদি কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰাপ্য মৰ্যাদা নিদিয়ে । ইয়াৰ পৰিণাম ভূগিব লাগিব ৷ যেনেদৰে বি টি চি নিৰ্বাচনত আমি বিজেপিক হৰুৱাই হাগ্ৰামা মহিলাৰীক সমৰ্থন দি শাসনত অনাত সহায় কৰিলো, তেনেদৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক হৰুৱাবলৈ কুণ্ঠাবোধ নকৰিম ।"

koch rajbongshi Protest
জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত বিশাল গণ সমাৱেশ কোচ ৰাজবংশীৰ (ETV Bharat)

আনহাতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি মনোজ ৰায়ে কয়, "আজি হাজাৰ হাজাৰ লোক এই গণ সমাৱেশত সমবেত হৈছে । ইয়াৰ এটাই কাৰণ কোচ ৰাজবংশী লোকসকলক কেৱল লাঞ্ছিত বঞ্চিত কৰি প্ৰবঞ্চনা কৰি অহাৰ বাবে তেওঁলোকৰ ক্ষোভ ইয়াত প্ৰকাশ পাইছে । অনাগত দিনত চৰকাৰে কোচ ৰাজবংশী লোকসকলক প্ৰতাৰণা কৰিব নোৱাৰিব । কাৰণ আমাৰ কোচ ৰাজবংশী ৰাইজ আজি সজাগ হৈছে, আজি বুজি পাইছে যে তেওঁলোকক কেৱল নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰি আহিছে । বিজেপি চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ শাসনত আহিছিল । কিন্তু দেখা গ'ল তেওঁলোকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ পৰা ফালৰি কাটি আহিছে ।"

koch rajbongshi Protest
জনজাতিকৰণৰ দাবীত বঙাইগাঁৱত বিশাল গণ সমাৱেশ কোচ ৰাজবংশীৰ (ETV Bharat)

তেওঁ লগতে কয়, "আদিত্য খাখলাৰীক চৰকাৰে এজেণ্ট হিচাপে নিয়োগ কৰি ভাতৃঘাতী সংঘাত লগাব চেষ্টা কৰিছে । আমি স্পষ্টকৈ কৈছো আমি ভাতৃ সংঘাত বিচৰা নাই । ২৫ তাৰিখে দিবলগীয়া প্ৰতিবেদন আমাৰ মনে বিচৰা প্ৰতিবেদন যদি নহয় আমি ভয়ানক কাৰ্যব্যৱস্থা হাতত ল’ম ৷ প্ৰয়োজন হ'লে ৰে'লপথ অৱৰোধ কৰিম, অৰ্থনৈতিক অৱৰোধ কৰিম অথবা অসম বন্ধ ঘোষণা কৰিম ।"

লগতে পঢ়ক: তিনি হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে মিচিং ভাষাত একেলগে গালে 'মানুহে মানুহৰ বাবে…'