ETV Bharat / state

কোচ ৰাজবংশীয়ে হাত সাৱটি বহি নাথাকে; বি টি চি সচিবালয় আক্ৰমণকাৰীক গৰিহণা আক্ৰাছুৰ

মন্ত্ৰীগোটৰ প্ৰতিবেদনক আদৰণি জনাই সকীয়ালে বি টি চি সচিবালয় আক্ৰমণকাৰীক ।

BTC Secretary attack incident ( file photo)
বি টি চি সচিবালয় আক্ৰমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 30, 2025 at 8:32 PM IST

3 Min Read
Choose ETV Bharat

বঙাইগাঁও : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ ৰাজ্যজুৰি সৰৱ চৰ্চা অব্যাহত । ইয়াৰ মাজতে শনিবাৰে জনজাতিকৰণৰ বিৰোধিতাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে কোকৰাঝাৰত উত্তাল প্ৰতিবাদৰ নামত বি টি চি সচিবালয় আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীয়ে ।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি মনোজ ৰায়ে এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত কয়, "কালি বিধানসভাত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে তাক আদৰণি জনাইছো । লগতে এইটোও কওঁ যে চৰকাৰে কেৱল প্ৰতিবেদন দাখিল কৰি বহি থাকিলে নহ'ব ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক ।"

বি টি চি সচিবালয় আক্ৰমণকাৰীক গৰিহণা কোচ ৰাজবংশী সংগঠনৰ (ETV Bharat Assam)

এই প্ৰতিবেদন দাখিলৰ পিছতেই শনিবাৰে কোকৰাঝাৰত বাংলাদেশ, নেপালৰ দৰে যি পৰিৱেশৰ সৃষ্টি কৰিলে সেয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি মন্তব্য় কৰি আক্ৰাছুৰ সভাপতিগৰাকীয়ে কয়, "আমি অসমত এনে ঘটনা সংঘটিত হ'ব বুলি ভবা নাছিলো । অসমখন ভালপাঁও, অসমৰ পৰিস্থিতি বেয়া কৰিব খোজা নাই । নিজৰ জাতি-মাটি-ভেঁটি আৰু প্ৰাপ্য অধিকাৰহে চৰকাৰৰ পৰা বিচাৰিছো । আমি কাৰো অধিকাৰ খৰ্ব কৰি জনজাতিকৰণ বিচৰা নাই । তেওঁলোকে কোচ ৰাজবংশীক লক্ষ্য কৰি লোৱাটো অতি দুৰ্ভাগ্যজনক । আমি তেওঁলোকক স্পষ্টকৈ কৈছো এই কাৰ্যৰ পৰা বিৰত থাকক অন্যথা কোনোবাই ৰঙা চকু দেখুৱালে কোচ ৰাজবংশীয়ে হাত সাৱটি বহি নাথাকে ।"

কোচ ৰাজবংশীয়ে যদি ধৈৰ্য্যৰ সীমা অতিক্ৰমিব লগা হয় তেন্তে অসমৰ পৰিস্থিতি ভয়াবহ হ'ব বুলি সকীয়াই দি এবছুৰ সভাপতি দ্বীপেন বড়োই সাপ হৈ খোটে, বেজ হৈ জাৰে বুলি কয় ।

আনহাতে, কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি বিশ্বজিৎ ৰায়ে কয়," কোচ ৰাজবংশীৰ জনজাতিৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আন্দোলন কৰি আছো । কালি যিখন প্ৰতিবেদন দাখিল কৰা হ'ল আচলতে সেইখন পাঠ কৰিব লাগিছিল । প্ৰতিবেদনখন পাঠ নকৰাকৈ দাখিল কৰাটো আশ্বৰ্যকৰ বিষয় । তথাপিও আমি আশা কৰো যে প্ৰতিবেদনখনৰ জৰিয়তে আমাৰ জনজাতিকৰণৰ বিষয়টো কিবা এটা আগবাঢ়িছে । আমি দাবী কৰো এই প্ৰতিবেদনখন লোকসভাত গৃহীত কৰি এখন আইনলৈ যাতে পৰ্যবসিত কৰে ।"

বি টি চি সচিবালয়ত সংঘটিত ঘটনা সন্দৰ্ভত তেওঁ কয়, "সচিবালয় ভঙা চিঙা কৰাটো ঘৃণনীয় বিষয় । কিয়নো আমি পূৰ্বৰ জনজাতিসকলৰ অধিকাৰ খৰ্ব কৰিব বিচৰা নাই । আমি চৰকাৰকহে জনজাতি প্ৰদানৰ দাবী কৰিছো আৰু চৰকাৰেহে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব, ইয়াত তেওঁলোকে ভয় শংকাৰ একো কাৰণ নাই ।"

উল্লেখ্য যে, শনিবাৰে কোকৰাঝাৰৰ দেৱৰগাঁৱৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বডোফা নগৰস্থিত বি টি চি সচিবালয়লৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে প্ৰতিবাদী সমদল উলিয়াইছিল একাংশ প্ৰতিবাদকাৰীয়ে । হাজাৰ হাজাৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে উক্ত প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে যদিও একাংশ উন্মাদ শিক্ষাৰ্থীয়ে সচিবালয়ৰ প্ৰৱেশদ্বাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইয়াৰ পিচতেই এই ঘচনাকলৈ ৰাজ্য়জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : মন্ত্রীগোটৰ প্ৰতিবেদন দাহ ট্ৰাইবেল সংঘৰ

বিধানসভাত আলোচনা নকৰাকৈয়ে মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল : জাকিৰ হুছেইন শিকদাৰ