বছৰৰ প্ৰথমটো দিন আপোনাৰ কেনে যাব ?
জ্যোতিষ শাস্ত্ৰৰ মতে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন কোন কেইটা ৰাশিৰ বাবে গুৰুত্বপূৰ্ণ...।
ৰাশিফল (ETV Bharat)

Published : January 1, 2026 at 7:29 AM IST
- মেষ ৰাশি : আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব পাৰে । আপোনাৰ খং-ৰাগৰ কাৰণে কৰ্মক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে । পৰচৰ্চাৰ পৰা আঁতৰি থাকক । অৱসৰ বিনোদনৰ বাবে চিন্তা কৰিব পাৰে । আপুনি বিভিন্ন ক্ষেত্ৰত সফল হ'ব ।
- বৃষ ৰাশি : আপুনি খং-ৰাগক নিয়ন্ত্ৰণত ৰাখক । পৰচৰ্চা নকৰাই ভাল । তেতিয়াহে আপুনি সফল হ'ব ।
- মিথুন ৰাশি : আজি আপোনাৰ ভাল বন্ধুত্ব লাভৰ যোগ আছে । সঠিক পথেৰে চলিলে লক্ষ্যত উপনীত হ'ব । আপুনি সক্ৰিয় হৈ থাকিলে প্ৰায় সফল হ'ব । আপোনাৰ দিনটো প্ৰায় ভালে যাব ।
- কৰ্কট ৰাশি : আপোনাৰ আজি ভাগ্যৰ উদয় হ'ব । ধন-সম্পত্তি লাভৰ যোগ আছে । অধিক উপাৰ্জন কৰিব পাৰিব । ব্যৱসায়ত সফল হ'ব । ব্যৱসায় বৃদ্ধিৰো যোগ আছে । বন্ধু বা প্ৰেমিক-প্ৰেমিকাৰ সৈতে পার্টি হ'ব পাৰে ।
- সিংহ ৰাশি : আপুনি পৰিয়ালৰ ক্ষেত্ৰত মনোযোগ দিব । নতুন ঘৰ লোৱা বা গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে । কাঠৰ বস্তু ক্ৰয় কৰিব পাৰে । পৰিয়ালৰ লগত সম্পর্ক ভালে যাব পাৰে । ভাল বন্ধু লাভ কৰিব ।
- কন্যা ৰাশি : কৰ্মক্ষেত্ৰত সফল হ'ব । আপোনাৰ বিদেশত ব্যৱসায়ৰ ইচ্ছা হ'ব পাৰে । ব্যৱসায়ত সফল হ'ব । সৌন্দৰ্য্যৰ প্ৰতি গুৰুত্ব দিয়ক ।
- তুলা ৰাশি : সফলতাৰ যোগ আছে । আনৰ পৰা প্ৰশংসা লাভ কৰিব । কৰ্মক্ষেত্ৰত নতুন বন্ধু লাভৰ যোগ । কৰ্মক্ষেত্ৰত নতুন লক্ষ্য প্ৰদান কৰিব পাৰে । পদোন্নতিৰো যোগ আছে ।
- বৃশ্চিক ৰাশি : ভাৰতীয় ধৰ্ম অনুসৰি যিয়েই নহওঁক কিয় সদায় ভাল কর্ম কৰিব । ইয়াৰ চুড়ান্ত ফলাফল নিভাঁজ হ'ব । আপুনি আপোনাৰ নিজৰ ব্যৱসায় বা কর্মক্ষেত্ৰত মনোযোগ দিব । ব্যৱসায়ত ধৈৰ্য্য নেহেৰুৱাব । আপুনি কঠোৰ পৰিশ্ৰমৰ ফল ভাল পাব ।
- ধনু ৰাশি : আপুনি নিবিচৰাকৈয়ে কোনো পৰামর্শ পাব কিন্তু সেয়া ভাল পৰামর্শ হ'ব । আপুনি পৰামর্শ মতে আপোনাৰ নিজৰ কর্মত গুৰুত্ব দিয়ক, প্ৰায় সফল হ'ব । আপুনি নিজৰ মতে চলিব সফল হ'ব ।
- মকৰ ৰাশি : দিনটো একেদৰে নাযাব । আপুনি যুক্তি আৰু চিন্তাধাৰাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব পাৰে । দিনটো বিভিন্ন খেলিমেলিৰ মাজেৰে পাৰ হ'ব । কৰ্মক্ষেত্ৰত সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে ।
- কুম্ভ ৰাশি : আজি আপুনি বহু ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে । ভাল লগা কাম কৰক সফল হ'ব । কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে । আপুনি কিছুমান কথাত হতাশ হৈ পৰিব পাৰে । অৱসৰ বিনোদনৰ বাবে সময় উলিয়াব পাৰে ।
- মীন ৰাশি : আজি আপুনি নতুন ব্যৱসায় আৰম্ভ নকৰিব । কৰ্ম জীৱনত ভাল বন্ধু লাভৰ যোগ আছে । পদোন্নতিৰ যোগ আছে । নতুন কামৰ সুযোগ লাভ কৰিব পাৰে ।

