ETV Bharat / state

ষ্ট্ৰোক প্ৰতিৰোধ কেনেকৈ কৰিব ? বিশেষজ্ঞই আগবঢ়াইছে পৰামৰ্শ

ষ্ট্ৰোক হ'লে প্ৰথম এক ঘন্টাৰ ভিতৰত কিয় চিকিৎসা প্ৰদান কৰিব লাগে ? সবিশেষ জানিবলৈ পঢ়ক...

WORLD STROKE DAY 2025
বিশ্ব ষ্ট্ৰোক দিৱসত জানক প্ৰতিৰোধৰ উপায় (CANVA)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:10 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : আধুনিক জীৱন যাত্ৰাত ষ্ট্ৰোকত আক্ৰান্তৰ সংখ্য়া অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে । জীৱন শৈলীজনিত ৰোগৰ অন্য়তম হিচাপে বিশ্ব স্বাস্থ্য় সংস্থাই আখ্য়া দিয়া ষ্ট্ৰোকৰ বিষয়ে জনগণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৯ অক্টোবৰত পালন কৰা হয় ‘বিশ্ব ষ্ট্ৰোক দিৱস’ । এই নিশ্চুপ ঘাতকৰ পৰা কেনেদৰে হাত সাৰিব পাৰি আৰু ইয়াৰ পৰিণতি কিমান ভয়াৱহ সেই বিষয়ে সবিশেষ জনালে জৰুৰীকালীন বিভাগৰ বিশেষজ্ঞ ডাঃ প্ৰণৱ বৰুৱাই ।

ষ্ট্ৰোকৰ পৰা হাতসাৰি থাকিবলৈ কি ধৰণে জীৱন শৈলীৰ পৰিৱৰ্তন কৰিব ? খাদ্যাভাস সলনি কৰি কিদৰে ষ্ট্ৰোক প্ৰতিৰোধ কৰিব পাৰি ? আক্ৰান্ত হোৱাৰ পিচত কি কি লক্ষণ ফুটি উঠে আপুনি জানেনে ? ষ্ট্ৰোক হ'লে 'গ'ল্ডেন আৱাৰ' কিমান গুৰুত্বপূৰ্ণ এই সকলোবোৰ সামৰি ইটিভি ভাৰতৰ এক প্ৰতিবেদন ।

কেনেদৰে জানিব ষ্ট্ৰোকত আক্ৰান্ত হোৱা বুলি ?

ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ পিচত কিছুমান লক্ষণ ফুটি উঠে । এই লক্ষণ সমূহৰ বিষয়ে কেনেদৰে জানিব পাৰি সেই সন্দৰ্ভত ডাঃ প্ৰণৱ বৰুৱাই কয়,"মগজুত তেজৰ চলাচল বন্ধ হ'লেই ষ্ট্ৰোক হয় । মগজুত তেজৰ চলাচল বন্ধ হোৱাৰ কাৰণ কেইবাটাও আছে । মগজুলৈ তেজ বৈ যোৱা ধমনী বন্ধ হ'লে মস্তিস্কত তেজৰ চলাচল বন্ধ হৈ পৰে । দ্বিতীয়তে ধমনী ফাটিও ষ্ট্ৰোক হয় । ৮০-৮৫% ষ্ট্ৰোক মগজুলৈ তেজ বৈ যোৱা ধমনী বন্ধ হৈ হোৱা দেখা যায় । "

ডাঃ বৰুৱাই লগতে কয়, "বহু সময়ত ষ্ট্ৰোকৰ লক্ষণ সমূহ আওকাণ কৰা হয় । মানুহে ইয়াক গুৰুতৰ নহয় বুলি ভাবে; কিন্তু এই বিলম্ব কৰিলে মাৰাত্মক হ'ব পাৰে । শৰীৰৰ এফাল হঠাতে দুর্বল হোৱা, কথা কোৱাত খোকোজা লগা, মুখ বেঁকা হৈ পৰা বা ভাৰসাম্য হেৰুৱাই পেলোৱা, দুয়োখন হাতত সমান জোৰ নোহোৱা হোৱা, এনে ধৰণৰ লক্ষণ সমূহ দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰ চাপিব লাগে । যদি গ'ল্ডেন আৱাৰৰ ভিতৰতে ৰোগীক চিকিৎসালয়লৈ আনে, তেন্তে বহু ক্ষেত্ৰত ৰোগীৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ হৈ উঠে।"

কিয় বৃদ্ধি পাইছে ষ্ট্ৰোক ?

আজিকালি ষ্ট্ৰোকত আক্ৰান্ত লোকৰ সংখ্য়াও বাঢ়িছে । আনকি কম বয়সীয়া ল'ৰা-ছোৱালীও এই ৰোগত আক্ৰান্ত হৈছে । কি কাৰণত এনে ৰোগীৰ সংখ্য়া বৃদ্ধি পাইছে ? এই সন্দৰ্ভত ডাঃ প্ৰণৱ বৰুৱাই কয়, "বৰ্তমান সময়ত মানুহৰ মানসিক চাপ বৃদ্ধি, খাদ্যৰ ওপৰত নিয়ন্ত্ৰণ নথকা, ফাষ্ট ফুড, ভজা-পোৰা খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱা, চিগাৰেট, মাদকদ্ৰব্য সেৱন আৰু শৰীৰত ওজন বৃদ্ধি হোৱাৰ লগতে মানুহৰ শৰীৰ চৰ্চা কমি যোৱাৰ ফলত ষ্ট্ৰোকৰ হাৰ বৃদ্ধি পাইছে ।"

তেওঁ লগতে কয়, "পূৰ্বতে ৬০ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিৰহে ষ্ট্ৰোক হোৱা দেখা গৈছিল । ওপৰত উল্লেখ কৰা কাৰক সমূহৰ বাবে বৰ্তমান কম বয়সৰ লোকৰ ষ্ট্ৰোক হোৱা দেখা যায় ।"

গ'ল্ডেন আৱাৰ কি ?

জৰুৰীকালীন চিকিৎসা সেৱাত 'গ'ল্ডেন আৱাৰ' অতিকৈ গুৰুত্বপূৰ্ণ বিষয় । কাৰণ এই ৰোগত আক্ৰান্ত হোৱাৰ পিচত যদিহে আক্ৰান্ত লোকজনক এক ঘন্টাৰ ভিতৰত চিকিৎসা প্ৰদান কৰাটো সম্ভৱ হয় তেতিয়াহ'লে জটিল অৱস্থা সৃষ্টি হোৱাৰ আশংকা কম হয় । বিশেষকৈ ষ্ট্ৰোক, হার্টএটেক আৰু দুৰ্ঘটনাৰ ক্ষেত্ৰত এই সময় অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয় ।

এই সময়ত জৰুৰীকালীন চিকিৎসা লাভত পলম হ'লে ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা বহু পৰিমাণে হ্রাস পায় । এনে সমস্য়া সন্দৰ্ভত ডাঃ বৰুৱাই কয়, "ষ্ট্ৰোক আৰু হাৰ্টএটেকৰ ক্ষেত্রত প্ৰথম ৬০ মিনিট অতিকৈ মূল্যবান সময় । প্রতিটো মিনিট বহুমূলীয়া । যেতিয়া তেজৰ সোঁত বাধাপ্রাপ্ত হয় তেতিয়া মগজু আৰু হৃদকোষৰ ক্ষতি সোনকালে হ'বলৈ আৰম্ভ কৰে । এই গ'ল্ডেন আৱাৰৰ ভিতৰত ৰোগী এজনে চিকিৎসা লাভ কৰিলে ৰোগীজন সুস্থ হোৱাৰ সম্ভাৱনা থাকে । যেতিয়া মগজুলৈ তেজৰ সোঁত বন্ধ হৈ যায় তেতিয়া মগজুৰ কলাবোৰ অতি সোনকালে ধ্বংস হ'বলৈ আৰম্ভ কৰে । আজিৰ উন্নত ষ্ট্ৰোকৰ চিকিৎসাৰ দ্বাৰা আমি জমা হোৱা তেজ আঁতৰাব পাৰো বা পুনৰ তেজৰ সোঁত ঘূৰাই আনিব পাৰো; কিন্তু এই চিকিৎসা পদ্ধতিসমূহ তেতিয়াহে ফলপ্রসূ হয় যদিহে ৰোগী সময়মতে চিকিৎসালয়ত উপস্থিত হয় ।" সেয়েহে ষ্ট্ৰোকৰ লক্ষণে দেখা দিলেই ততাতৈয়াকৈ চিকিৎসকৰ কাষ চাপিবলৈ আহ্বান জনাই ডাঃ বৰুৱাই ।

কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰা উচিত ?

How you can prevent Stroke
কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰা উচিত ? (ETV Bharat Assam)

ষ্টোক হোৱাৰ বেছিভাগ কাৰণ মানুহে নিজেই চপাই লোৱা । ষ্ট্ৰোকৰ পৰা হাতসাৰি থাকিবলৈ হ'লে মানুহে মানসিক চাপৰ পৰা আতৰি থাকিব লাগিব । তদুপৰি দিনটোত ৭-৮ ঘন্টা শোৱা, উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিবই লাগিব । তদুপৰি শৰীৰ চৰ্চা কৰাৰ লগতে নিতৌ সুষম আহাৰ খোৱা উচিত । চিগাৰেট আৰু মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থাকিলে ষ্ট্ৰোকৰ পৰা হাত সাৰিব পৰা যায় বুলি কয় ডাঃ প্ৰণৱ বৰুৱাই ।

লগতে পঢ়ক:বিশ্ব ষ্ট্ৰোক দিৱস ২০২৫: পূৰ্বৰ তুলনাত কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে ষ্ট্ৰোকত আক্ৰান্তৰ সংখ্যা

হাৰ্ট এটেক তথা ষ্ট্ৰোকৰ লক্ষণসমূহ আজিয়েই জানি লওক...