১০ টকাতে এক প্লেট ডোচাৰ জুতি; দাক্ষিণাত্যত নহয় গুৱাহাটীৰ মাজমজিয়াতে আছে এই বিপণি
কম দামতে ডোচা খাবলৈ মন গৈছে নেকি ? চিন্তা নাই, আহক মহানগৰীৰ এই বিপণিখনলৈ....

Published : December 16, 2025 at 8:20 AM IST
গুৱাহাটী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰি আহিছে । বৰ্তমান সময়ত বজাৰত প্ৰতিবিধ সামগ্ৰীৰে জুই চাই দাম । তেনে পৰিস্থিতিত আপুনি মহানগৰীৰ চাহ দোকানত একাপ খালী চাহ খালেই ভৰিবলগীয়া হয় ১০-১৫ টকা । এই মূল্যবৃদ্ধিৰ সময়ত কোনে কাৰ কথা ভাবে; কিন্তু এই সময়তো কংক্ৰিটৰ মহানগৰীত জীয়াই আছে মানৱতা ।
গুৱাহাটী মহানগৰীত আছে এনেকুৱা এখন বিপণি য'ত আপুনি ১০ টকাতে জুতি ল'ব পাৰিব এক প্লেট ডোচাৰ । মহানগৰীৰ গুৱাহাটী ক্লাবৰ উৰণ সেতুৰ সমীপৰ তেলুগু কলনীত আছে এই বিশেষ বিপণিখন । এগৰাকী ৪৭ বছৰীয়া মহিলাই চলাইছে এই বিশেষ বিপণিখন । এইগৰাকী গৃহিণীয়ে সন্তান আৰু পৰিয়ালৰ প্ৰেৰণা আৰু সহযোগিতাত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছে বিপণিখন ।
এই বিপণিখনত ১০ টকীয়া দক্ষিণ ভাৰতীয় খাদ্যৰ সোৱাদ ল'বলৈ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহক আহে । অতি কম মূল্যত ঘৰুৱা পৰিৱেশত দক্ষিণ ভাৰতীয় খাদ্য পোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে আন গ্ৰাহকৰ বাবেও সুবিধা হৈছে । মহিলাগৰাকীৰ নাম ছাননো কৌৰ । তেওঁক এই কাৰ্যত সহায় কৰে তেওঁৰ কন্যাই ।

কোনবোৰ দক্ষিণ ভাৰতীয় খাদ্য পোৱা যায় ?
বিপণিখনত দক্ষিণ ভাৰতীয় খাদ্য় হিচাপে প্লেইন ডোচা, মচালা ডোচা, এগ ডোচা, চীজ ডোচা, ইদলিৰ উপৰি আলু পৰঠা পোৱা যায় । আপুনিও ১০ টকাতে এক প্লেট প্লেইন ডোচা খাব পাৰে । ডোচা এখনৰ লগতে চাম্বাৰ আৰু নাৰিকলৰ চাটনি দিয়া হয় । আনহাতে ১০ টকাৰ ইদলিৰ প্লেটত এটা ইদলি, চাম্বাৰ আৰু নাৰিকলৰ চাটনি দিয়া হয় । একেদৰে প্ৰতি প্লেট মচালা ডোচা ২০ টকা, এগ ডোচা ৩০ টকা, চীজ ডোচা ৪০ টকা, আলু পৰঠা ২০ টকাত বিক্ৰী কৰে ।

বিপণিখনৰ আৰম্ভণিৰ আঁৰৰ কাহিনী :
ছাননো কৌৰে এই সন্দৰ্ভত কয়, "মই এগৰাকী গৃহিণী । ঘৰত খাবৰ বাবে এবছৰ আগত ইউটিউবত চাই দক্ষিণ ভাৰতীয় খাদ্য ডোচা, ইদলি বনাবলৈ শিকিছিলো আৰু ঘৰত ল'ৰা-ছোৱালীৰ বাবে বনাইছিলো । ঘৰত থাকিয়ে ভাবিছিলো কিবা এটা কৰিব লাগে । তেনেকৈয়ে ল'ৰা-ছোৱালী আৰু পৰিয়ালৰ সহযোগিতাত বিগত ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিলো এই বিপণিখন । ২-৩ হাজাৰ টকা খৰচ কৰি ঘৰৰ সন্মুখতে এই বিপণিখন আৰম্ভ কৰিলো । অতি কম মূল্য ১০ টকাতে ডোচা গ্ৰাহকক যোগান ধৰিবলৈ আৰম্ভ কৰিলো; কিন্তু বৰ্তমান চিলিণ্ডাৰ, বনোৱা সামগ্ৰী আদিৰ মূল্য বৃদ্ধি হোৱাৰ ফলত সমস্যা হৈছে । সেয়েহে ভাবিছো অলপ দাম বঢ়াম বুলি ।"

কিমান টকাৰ খাদ্য় বিক্ৰী হয় ?
তেওঁ লগতে কয়, "পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ আৰু সন্ধিয়া ৫ বজাৰ পৰা নিশা ৯ বজালৈ বিপণিখন খোলা ৰাখো । প্ৰতিদিনে ডোচা বনোৱা সামগ্ৰী ১০ কিলোগ্ৰামৰ প্ৰয়োজন হয় । প্ৰতিবিধ সামগ্ৰীৰে বিক্ৰী ভাল । গ্ৰাহকৰ ভাল সঁহাৰি পাইছো । প্ৰতিদিনে ২-৩ হাজাৰ টকাৰ বিক্ৰী হয় । পুৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ নিশা আৰু সন্ধিয়াৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ দিনৰ ভাগত ৰেডী কৰি ৰাখো । আমাৰ পৰিয়ালৰ ১৪ গৰাকী সদস্য আছে । সৰুৰ পৰা ডাঙৰলৈ সকলোৱে মোক সহায় কৰে ।"

বিপণিখনৰ বিষয়ে কি কয় গ্ৰাহকে ?
বিপণিখনলৈ অহা এগৰাকী গ্ৰাহকে কয়, "আমি দুদিন মানৰ পৰা আহি আছো । আমি কলেজলৈ অহাৰ সময়ত ব্ৰেকফাষ্ট কৰিবলৈ সময় নহয় । আমি ইয়ালৈ কলেজৰ পৰা আহি ব্ৰেকফাষ্ট কৰিলো । অতি কম মূল্যত ঘৰুৱা বনোৱা খাদ্যৰ জুতি ল'লো । ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত ভাল হৈছে । ১০-২০ টকাতে পেট ভৰাই খাব পাৰো । খাবলৈও সোৱাদযুক্ত হয় । আমি খাই ভাল পাইছো । আমি দুবাৰ লৈ খাইছো । বৰ্তমান পৰীক্ষাৰ সময়ত । এই সময়খিনিত বেছি সুবিধা হৈছে ছাত্ৰ-ছাত্ৰীৰ বাবে ।" আনহাতে মহিলাগৰাকীৰ মাতৃয়ে কয়, "ঘৰত খাবলৈ প্ৰথমতে বনাইছিল । তাৰ পিছত দোকানখন দিলে । নাতি-নাতিনী, পৰিয়ালৰ সদস্যসকলে মিলিজুলি আৰম্ভ কৰিলে । আমি যিমানখিনি পাৰো সহায় কৰি দিও ।"

