বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বাৰ ঐতিহ্য আৰু পৰম্পৰা
১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য ।

Published : January 16, 2026 at 9:26 PM IST
গুৱাহাটী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ সন্ধিয়া গুৱাহাটী মহানগৰীৰ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ১০ হাজাৰ শিল্পীয়ে খাম, ছেৰজা, ছিফুং, জথা আৰু জাপশ্ৰিঙৰ তালে তালে প্ৰদৰ্শন কৰিব বাগৰুম্বা নৃত্য । বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বাৰ কেনেদৰে প্ৰদৰ্শন কৰা হয় । ইয়াৰ ঐতিহ্য আৰু পৰম্পৰা কি ? অতীজৰ পৰা এতিয়ালৈ বাগৰুম্বা কি ধৰণৰ পৰিবৰ্তন হৈছে সেই বিষয়ে ইটিভি ভাৰতৰ এক প্ৰতিবেদন -
১৭ জানুৱাৰীৰ সন্ধিয়া খাম, চেৰজা, চিফৌং, জথা, জাপশ্ৰীং আদিৰ লগতে বড়ো চিখলাসকলে পৰিধান কৰা দখনা, ৰেগেৰেগাং জোমগ্ৰা, আৰনাই, গছলা, চন্দ্ৰহালা মালা, ফুলকুৰি খেৰা, আসাম গথা আদি সাজপাৰ আৰু আ-অলংকাৰ আদিয়ে দেশ-বিদেশৰ লোকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হ'ব । যদিও বড়ো জনগোষ্ঠীৰ বসন্তকালীন লোকনৃত্য তথাপি আধুনিকতাৰ প্ৰভাৱৰ ফলত বড়ো জনগোষ্ঠীৰ বিভিন্ন ধৰ্মীয় তথা সমাজিক অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয় ।
বাগৰুম্বা কি ?
বাগৰুম্বা মূলতঃ বড়ো জনগোষ্ঠীৰ বসন্তকালীন লোকনৃত্য । চৰাই-চিৰিকটি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি এই নৃত্য প্ৰদৰ্শন কৰা হয় । বাগৰুম্বা নৃত্যৰ সন্দৰ্ভত অসম গৌৰৱ বাৰলাংফা নাৰ্জাৰীয়ে কয়, "হাজাৰ হাজাৰ বছৰ ধৰি এই নৃত্য প্ৰচলিত হৈ আহিছে । এই নৃত্যৰ বা এই পৰম্পৰা উৎপত্তি সন্দৰ্ভত সঠিক উৎস নাই যদিও বহুলোকে এই পৰম্পৰা সন্দৰ্ভত গৱেষণা কৰিছে । ময়ো বহুবছৰ ধৰি ইয়াৰ লগত জড়িত হৈ আছো । মই জনা অনুসৰি বাগৰুম্বা নৃত্য হ'ল বড়ো জনগোষ্ঠীৰ অতি গুৰুত্বপূৰ্ণ নৃত্য । প্ৰকৃতিৰ লগতে ধৰ্মীয় তথা সামাজিক ভাৱেও ইয়াৰ সম্পৰ্ক আছে । বিশেষকৈ জীৱনশৈলী তথা কেনেদৰে নিজৰ সংস্কৃতি, সমাজ, পৰম্পৰা, জাতিৰ বাবে জীয়াই থাকিবলৈ কি সংঘৰ্ষ আদিৰ লগতে শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা এই নৃত্যত প্ৰতিফলিত হয়,অৰ্থাৎ বাগৰুম্বা নৃত্যৰ যি গীত তাতে এইসমূহ ধাৰণা প্ৰতিফলিত হয় । এয়া সম্পূৰ্ণ প্ৰকৃতিক নৃত্য ।"

কিমান নৃত্য শিল্পীয়ে প্ৰদৰ্শন কৰিব পাৰে ?
বাগৰুম্বা নৃত্য যুটীয়া হিচাপে পৰিবেশন কৰা হয় । বিভিন্ন অংগী-ভংগীৰ বাবে এই নৃত্যত দুগৰাকী নৃত্য শিল্পীৰ প্ৰয়োজন । এককভাৱে এই নৃত্য পৰিবেশন কৰিব নোৱাৰি । সেয়ে এটা নৃত্য দলত ৪ গৰাকী, ৬ গৰাকী তেনেদৰে যোৰ হিচাপত নৃত্য প্ৰদৰ্শন কৰা হয় । এটা দলত ১৬ গৰাকী নৃত্যশিল্পী থাকিলে ভাল ।

কি কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় ?
এই নৃত্যৰ থলুৱাভাৱে প্ৰস্তুত কৰা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় । খান, ছিফুং, জথা, ছেৰজা, জাবচিৰিং আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰা হয় ।

কি সাজ পৰিধান কৰা হয় ?
মহিলাসকলে এই নৃত্যত দখনা, ৰেগেৰেগাং ফাছৰা,আৰনাই পৰিধান কৰে । লগতে কাণত ফুলকুৰী কেৰু ,হাতত বালা আসং, ডিঙিত আখাফেৰ মালা পৰিধান কৰে । আনহাতে পুৰুষসকলে চোলা, আৰনাই আৰু গামোচা পৰিধান কৰে ।

পৰিৱৰ্তনৰ ঢৌত বাগৰুম্বা...
এই সন্দৰ্ভত বাৰলাংফা নাৰ্জাৰীয়ে কয়, "পূৰ্বতকৈ এতিয়া নিশ্চয় অকমান পৰিৱৰ্তন আহিছে । বিশ্বাস অনুসৰি অতীজত যি সকলে এই নৃত্য কৰিছিল, খেৰাই পূজাৰ সময়ত তেওঁলোকৰ দেহত এই শক্তি প্ৰৱেশ কৰিছিল । সেই শক্তি প্ৰৱেশৰ ফলত তেওঁলোকে এই নৃত্য প্ৰদৰ্শন কৰিছিল । সেয়ে এই নৃত্যত ধৰ্মীয় পৰম্পৰাও নিহিত হৈ আছে । সেই সময়ত খেৰাই পূজাত বহু লোকে নৃত্য প্ৰদৰ্শন কৰিছিল; কিন্তু এতিয়া এজন দেৱতাৰ হৈ নৃত্য প্ৰদৰ্শন কৰে । এতিয়া এই সকলোবোৰ সলনি হ'ল । আগতকৈ সময়ৰ লগে লগে এই নৃত্যৰ নৃত্যশৈলীসমূহ শৃংখলিত হৈ আহিছে ।"

উল্লেখ্য যে, বড়ো জনগোষ্ঠীৰ বিভিন্ন ধৰ্মীয় তথা সামাজিক অনুষ্ঠানত এই নৃত্য প্ৰদৰ্শন কৰা হয় ।

