ETV Bharat / state

বৌদ্ধ ধৰ্মাৱলম্বী টাই জনগোষ্ঠীৰ পয়ংচাংকেন উৎসৱ কি ?

ৰাজ্যত এতিয়া ৰঙালীৰ পাৰ ভঙা উছাহ । এনে সময়তে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে পয়চাংকেন উৎসৱ । পিছে এই পয়ংচাংকেন উৎসৱ কি, জানোঁ আহক ।

Know about the Pongchangen festival of the Buddhist Tai ethnic community
পয়ংচাংকেন উৎসৱ কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 17, 2026 at 1:29 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: ব'হাগ মানেই যেন উৎসৱৰ বতৰ । ভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকে ভিন্ন ধৰণেৰে উদযাপন কৰে ব'হাগৰ উৎসৱসমূহ । তেনে এক উৎসৱ হৈছে পয়চাংকেন উৎসৱ ।পয়চাংকেন উৎসৱ বৌদ্ধ ধৰ্মাৱলম্বী টাই জনগোষ্ঠীৰ জাতীয় উৎসৱ ।

তেওঁলোকে ইয়াক বসন্ত উৎসৱ হিচাপে পালন কৰাৰ লগতে সংক্রান্তি উৎসৱ আৰু বুদ্ধ মূর্তিক স্নান উৎসৱ হিচাপে পালন কৰে । টাই ভাষাত ‘পয়’ মানে উৎসৱ, ‘চাংকেন’ মানে সংক্রান্তি । ‘পয়চাংকেন’ক পানীৰ উৎসৱ বুলি উদযাপন কৰা হয় । কৃষি আৰু ঋতু পৰিৱৰ্তনৰ সৈতে জড়িত এই উৎসৱ বসন্তকালীন এক উৎসৱ ।

পয়ংচাংকেন উৎসৱ কি (ETV Bharat Assam)

বৌদ্ধ ধৰ্মাৱলম্বী টাই জনগোষ্ঠীয়ে অনুষ্ঠিত কৰে 'পয় চাংকেন' উৎসৱ । অসমৰ বসবাস কৰা টাই জনগোষ্ঠী টাই ফাকে, টাই খাময়াং, টাই আইতন, টাই তুৰুং, টাই খামটিসকলে প্ৰতিবছৰৰ উদযাপন কৰে 'পয় চংকেন' উৎসৱ ৷ ব্যতিক্ৰম নহয় সৰুপথাৰ সমজিলাৰ ১ নং ৰজাপুখুৰী তুৰুং গাঁও।

গাঁওখনত বসবাস কৰা তুৰুং, শ্যাম লোকসকলে অনুষ্ঠিত কৰিছিল পয়চাংকেন উৎসৱ । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উৎসৱৰ আজি সামৰণি পৰে । উখল-মাখল পৰিৱেশৰ মাজেৰে বৌদ্ধ মূৰ্তিসমূহ স্নান কৰোৱাই পুনৰ বৌদ্ধ বিহাৰত প্ৰতিষ্ঠা কৰে ।

গাঁৱৰ বৌদ্ধ বিহাৰত গাঁওবাসী একগোট হৈ বৌদ্ধ মঠত থকা সকলো বৌদ্ধ মূৰ্তি বাহিৰলৈ উলিয়াই আনি বিশুদ্ধ পানীৰে স্নান কৰায় । লোকবিশ্বাস অনুসৰি এনেদৰে বৌদ্ধ মূৰ্তিসমূহক স্নান কৰালে গাঁওখনৰ অপায়-অমংগল দূৰ হোৱাৰ লগতে শান্তিময় এক পৰিৱেশ বিৰাজমান হয় । সমান্তৰালকৈ ইজনে সিজনৰ গালৈ বিশুদ্ধ পানী ছটিয়াই বৌদ্ধবৰ্ষ আৰম্ভণিৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ।

Know about the Pongchangen festival of the Buddhist Tai ethnic community
স্নান কৰোৱাৰ পিছত বৌদ্ধ বিহাৰত পুনৰ প্ৰতিষ্ঠা কৰোৱা হয় বুদ্ধ মূৰ্তি (ETV Bharat Assam)

তুৰুং গাঁৱৰ তথ্যদাতা প্ৰবীৰ শ্যাম তুৰুঙে দিয়া তথ্য অনুসৰি, "দক্ষিণ এচিয়াৰ অন্য বৌদ্ধ ধৰ্মীয় লোকসকলৰ লগতে অসম আৰু অৰুণাচলৰ থেৰবাদী বৌদ্ধ লোকসকলে পয়চাংকেন উদযাপন কৰে । চ'ত মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ ব'হাগ বিহুৰ প্ৰথম দিনাৰ পৰা এই উৎসৱ আৰম্ভ হয় । পয়চাংকেনক থাইলেণ্ডত সংক্ৰান্ত, ম্যানমাৰত থিংয়ান চা, চাকমাসকলে বিজু , চীনৰ য়ুনানত পয়চন নাম আৰু ৰাখাইন বা মগসকলে সানগ্ৰাইন আদি নামকৰণ কৰিলেও মূলতঃ ই ভগৱান বুদ্ধৰ মূৰ্তিক স্নান কৰোৱাৰ লগতে ইজনে সিজনক পানী ছটিয়াই উদযাপন কৰা এটি সম্পূৰ্ণ বৌদ্ধ ধৰ্মীয় উৎসৱ ।"

Know about the Pongchangen festival of the Buddhist Tai ethnic community
বসন্তকালীন এক উৎসৱ পয়ংচাংকেন (ETV Bharat Assam)

প্ৰবীৰ শ্যাম তুৰুঙৰ তথ্যমতে,"ধৰ্মীয় পৰম্পৰা আৰু ধৰ্মীয় ৰীতি-নীতিৰে চাক্ৰেট নামৰ পঞ্জিকাৰ গণনা মতে চলিত বৰ্ষত ১৪ এপ্ৰিলৰ দিনৰ ১২ বাজি ৪৯মিনিট ৫৮ ছেকেণ্ড হোৱাৰ লগে লগে বৌদ্ধ বিহাৰৰ থাপনাৰ পৰা বুদ্ধ মূৰ্তিসমূহ নমাই বিহাৰৰ বাহিৰত থকা বা নতুনকৈ সাজি লোৱা ক্যংফ্ৰা নামৰ সৰু ঘৰলৈ অনা হয় আৰু ১৬ এপ্ৰিল বৃহস্পতিবাৰৰ বিয়লি ৪বাজি ৫৪মিনিট ৩৯ ছেকেণ্ডলৈকে এই ক্যংফ্ৰাতেই মূৰ্তিসমূহ ৰখা হয় ।"

Know about the Pongchangen festival of the Buddhist Tai ethnic community
অশোক বিহাৰ (ETV Bharat Assam)

"এই ক্যংফ্ৰাত এখন নৌকা সদৃশ সঁ‌জুলিৰ লগত কুংপান নামৰ অন্য এবিধ যন্ত্ৰ সংলগ্ন কৰি ৰখা হয় । এই নৌকাত পানী ঢালিলে সেই পানী কুংপান নামৰ যন্ত্ৰত সোমোৱাৰ লগেলগে কুংপান ঘূৰিব ধৰে আৰু ইয়াৰ পৰা ওলোৱা পানীয়ে বুদ্ধমূৰ্তিসমূহক ওপৰৰ পৰা সমান্তৰালভাৱে ধুৱাই থাকে ।"-বুলি তেওঁ উল্লেখ কৰে ।

Know about the Pongchangen festival of the Buddhist Tai ethnic community
বৌদ্ধ ধৰ্মাৱলম্বী টাই জনগোষ্ঠীৰ জাতীয় উৎসৱ (ETV Bharat Assam)

তুৰুঙে সদৰী কৰে,"লোকসকলে পানীত সুগন্ধি আৰু ফুল আদি মিহলি কৰি এই নৌকাত ঢলাৰ লগতে বৌদ্ধ বিহাৰ আৰু বিহাৰৰ চৌহদৰ স্মাৰকসমূহ পানীৰে চাফা কৰাৰ অন্তত ইজনে আনজনলৈ পানী ছটিয়াই ধেমালি কৰে । বুদ্ধমূৰ্তি ক্যংফ্ৰাত থকা সময়ছোৱাত সকলোৱেই পঞ্চশীল পালন কৰে আৰু সকলো অকৰ্মৰ পৰা আঁতৰত থাকে । এইকেইদিনৰ বাবে প্ৰয়োজনীয় শাক-পাচলি আৰু ফুল মূৰ্তি নমোৱাৰ আগতেই সংগ্ৰহ কৰি ৰাখে ।"

Know about the Pongchangen festival of the Buddhist Tai ethnic community
স্নান কৰোৱাৰ পিছত বৌদ্ধ মূৰ্তি (ETV Bharat Assam)

এগৰাকী স্থানীয় লোকে কয়, ​"অতীজৰে পৰাই আমাৰ এইটো বৰ্মাদেশৰ পৰাই আহে । এইটোক মানে ‘চাকেত’ বুলি কয় । এই চাকেতটোৰ অনুসৰি মানে সময় লৈ আমি ভগৱান বুদ্ধক ভূমিত মানে সহ-সন্মানেৰে অনা হৈছে । আমি তিনিদিন ধৰি ব্ৰত পালন কৰি থাকোঁআৰু এই তিনিদিন আমি কোনো এটা মানে জীৱ হত্যা নকৰোঁ, আৰু মাছ-মাংস আদি নাখাওঁ । আমি এই তিনিদিন সম্পূৰ্ণ ব্ৰত লৈ আমি বিহাৰতে একত্ৰিত হৈ ভগৱানৰ নাম লৈ প্ৰাৰ্থনা কৰি থাকোঁ ।"

লগতে পঢ়ক: ধূপ-দ্বীপ জ্বলাই বছৰটোলৈ সামৰিলে আপোন তাঁত-শালখন, আজি তাঁত বিহু

ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত উত্তেজনা; জ্বলিছে বাহন, চলিছে গুলী