ETV Bharat / state

১২৬ বছৰীয়া 'ৰাৱণ বধ' ভাওনা, যাৰ আছে বহু পৰম্পৰা, ইতিহাস

যিখন ভাওনাক লৈ এতিয়াও চলি আছে লোকবিশ্বাস । জানো আহক এই ভাওনাখনৰ পৰম্পৰা আৰু ইতিহাস ।

Know about the historical 'Ravana Badh' Bhaona in Kampur
১২৬ বছৰীয়া 'ৰাৱণ বধ' ভাওনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2026 at 4:51 PM IST

|

Updated : April 29, 2026 at 4:57 PM IST

6 Min Read
Choose ETV Bharat

বঢ়মপুৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি হ'ল ভাওনা । নগাঁও জিলাৰ কামপুৰত বিগত ১২৬ বছৰে এখন ভাওনা অনুষ্ঠিত কৰি সকলোৱে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে । কামপুৰৰ ভলভলীয়া গাঁৱৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি একেৰাহে ১২৬ বছৰে অনুষ্ঠিত কৰি আহিছে মহিমাময়ী 'ৰাৱণ বধ 'ভাওনাখন । জানিব পৰা মতে একেটা নামঘৰতে একেখন গাঁৱৰ ৰাইজে আৰু প্ৰতিবছৰে একেটা দিনতে একেখন নাটকে অনুষ্ঠিত কৰি আহিছে ।

এই 'ৰাৱণবধ' নাটখন ৰচক আছিল শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি নাৰায়ন দেৱগোস্বামী । বৰদোৱা থানত কোনো কথাত মনোমালিন্য হৈ নাৰায়ণ দেৱগোস্বামীয়ে কামপুৰৰ ভলভলীয়া গাঁৱত থাকিবলৈ লয় । সেই গাঁওখনত থকাৰ সময়তে তেখেতে এই 'ৰাৱণবধ' নাটখন ৰচনা কৰে ।

১২৬ বছৰীয়া 'ৰাৱণ বধ' ভাওনা (ETV Bharat Assam)

স্থানীয় লোকৰ পৰা জানিব পৰা মতে এই নাটখন অসমীয়া, হিন্দী, ওড়িয়া, সংস্কৃত, ব্ৰজাৱলীকে ধৰি কেইবাটাও ভাষাৰ সংমিশ্ৰনৰে ইয়াৰ বচনবোৰ লিখা হৈছিল আৰু প্ৰতি ব'হাগ মাহৰ আঠ তাৰিখত এই ভাওনাখন গাঁৱৰ ৰাইজে অনুস্থিত কৰে । ২০০০ চনত গাঁৱৰ ৰাইজে শতবৰ্ষৰ ভাওনাখন অনুষ্ঠিত কৰিছে । ভাওনাখনৰ প্ৰতি স্থানীয় ৰাইজৰ বহুখিনি জনবিশ্বাস আছে ।

এইখন ভাওনা অনুষ্ঠিত কৰিলে গাঁওখনত ৰোগ, বাধা-বিঘিনি, অপাই-অমংগল নোহোৱা হয় বুলি ৰাইজে বিশ্বাস কৰে । সেইবাবে স্থানীয় ৰাইজে ভাওনা অনুষ্ঠিত হ'লে শৰাই, গামোচা, চেলং দান কৰে । ভাওনাৰ দিনটোত গাঁৱৰ প্ৰতিঘৰে নীতি-নিয়মৰ মাজত থাকে । প্ৰতিঘৰে ঘৰ-দুৱাৰ চাফ-চিকুন কৰি উপবাসে থাকে । এনেদৰেই গাঁওবাসীয়ে প্ৰতিবছৰে 'ৰাৱণ বধ' ভাওনা অনুষ্ঠিত কৰি আহিছে ।

এই সম্পৰ্কত গাঁওখনৰ এগৰাকী জ্যেষ্ঠ ব্যক্তি জীৱন কলিতাই এনেদৰে মন্তব্য কৰে,"ইয়াত লিখিত নাই কথিতহে । ১৮৯৭ চনত বৰদোৱাৰ পৰা নাৰায়ণ দেৱগোস্বামীয়ে কিবা এটা কাৰণত বিবাদ লাগি আমাৰ নামঘৰত আশ্ৰয় লৈছিল । প্ৰায় তিনিবছৰকাল তেখেতে আমাৰ নামঘৰত আছিলে । গাঁৱৰ ৰাইজে তেখেতক খোৱা-বোৱাকে আদি কৰি সকলো যোগান ধৰিছিল ।"

কলিতাই পুনৰ কয়,"তেওঁ এই তিনিবছৰ কাল এনেই থকা নাছিলে । তেওঁ এখন নাটক লিখিছিল 'ৰাৱণ বধ' । যিখন নাটক আজি পৰ্যন্ত ইয়াতে চলি আছে । এই নাটকখনৰ এটা বিশেষ মহত্ব হ'ল ইয়াৰ ভাষা বিলাক বহুকেইটা ভাষাৰ সংমিশ্ৰনত এই নাটকখন লিখিছে । অসমীয়া, হিন্দী, ওড়িয়া, সংস্কৃত, ব্ৰজাৱলী হিন্দিকে ধৰি বহুত কেইটা ভাষাৰ সংমিশ্ৰনত নাটকখন লিখিছে । নাটকখনৰ বচন শৈলী সম্পূৰ্ণ বেলেগ ।"

তেওঁ কয়,"আন নাটকৰ লগত মিল নাই আৰু তেওঁ তাতে থাকি পেলাই মুখা বনাইছিলে । ৰাৱণ, কুম্ভকৰ্ণ, অতিকাই, গৌড়ণ্ডপক্ষী । বাঁহৰ কাঠিৰ ওপৰত কাপোৰ দি কাপোৰৰ ওপৰত গোবৰ মাটি পেলাই এই মুখাবিলাক তৈয়াৰ কৰিছিলে । সেইসময়ত গাঁৱৰ ৰাইজক কোৱা হৈছিল যে আপোনালোকে কপাহী কাপোৰ দিয়ক মই মুখা বনাম আৰু প্ৰত্যেক ঘৰ মানুহে কপাহী কাপোৰ যোগান ধৰিছিল । তেতিয়া গোসাঁইয়ে কৈছিলে আপোনালোকে যি দিছে সেয়া মহান দান । ঈশ্বৰে আপোনালোকক মংগল কৰিব । সেইটো মানুহৰ মনত আজিকোপতি বিশ্বাস ।"

ভাওনাখনলৈ আগবঢ়োৱা ৰাইজৰ দান-বৰঙণি সন্দৰ্ভত কয়,"আমাৰ ভাওনাত দুটা ট্ৰাংক ভৰ্তি হৈ যায় । প্ৰায় পাঁচশখন গামোচা, চেলেং কাপোৰ আছে । আজি পৰ্যন্ত চলি আহিছে । ১৯০১ চনৰ নাটক আৰম্ভ হৈছে আজিও যটি নপৰাকৈ একাদিকক্ৰমে আজি পৰ্যন্ত চলি আছে । যদিও ক'ৰোণাকালত দুটা বছৰ অনুষ্টুপীয়াকৈ পাতিব লগা হৈছিল তথাপিও ব'হাগৰ আঠ তাৰিখে একাদিক্ৰমে কৰা হয় । বচনবোৰ আনৰ লগত মিল নাই ।"

ভাওনাখনৰ সম্পৰ্কত মাহাত্ম্য সন্দৰ্ভত সুত্ৰধাৰ প্ৰবীণ কলিতাই কয়,"আমি কোৱা শুনো যে মৰিবলৈ ধৰা মানুহৰো যদি আয়ুস থাকে, তেনেহ'লে কিবা এটা আগ কৰিলে আৰোগ্য হৈ যায় । আমাৰ ককাই কৈছিলে, ককাৰো তেনেকুৱা হৈছিলে । ককা ধেনু বায়নৰ মৃত্যু সময়ত দোকমোকালি সময়ত সকলোৱে চকুলৈ চাই আছে । আমাৰ গাঁৱৰ গাওঁবুঢ়াক সপোন দেখুৱাই যে বায়নৰ কাৰনে নাটখন আগ কৰি দিয়ক ভাল হৈ যাব । তেখেতে গা ধুই ককাৰ নামত আগ কৰি দিয়াত ভাল হ'ল । আমি জনালৈকে ককাই নাটকখনৰ বায়ন হৈ গৈ আছিল ।"

তেওঁ কয়,"লাহে লাহে নাটকখনৰ ইমান এটা মাহাত্ম্য বাঢ়িল আমাৰ গাৱঁৰে নহয় আমাৰ চুবুৰীয়া গাঁৱৰ জিলালৈকে আমাৰ প্ৰভাৱ পৰিল । আমাৰ নাটখন বহুতে আগ কৰে আৰু মনোবাঞ্চা পূৰ্ণ হয় । প্ৰথম অৱস্থাত কলপাতৰ ৰভা দিয়ে আৰু কলাপাততে বহে । ঢাৰি-পাতিৰ ব্যৱস্থা নাছিলে । আমাৰ ভাৱৰীয়াবোৰে ফটা চোলা পিন্ধি ৰাক্ষসৰ ভাও লয় । বান্দৰ সেনাই নিজে নিজে চোলা এটাত কাগজ চিলাই লয়, বান্দৰ হৈ নাচে । ঠিক তেনেকৈ ভাওনখন গৈ আছে ।"

প্ৰবীণ কলিতাই কয়,"ৰাৱণক সেৱা কৰিবলৈ মানুহে আগকৰি সেৱা কৰে । ৰাৱণক সেৱা কৰোতেই এঘণ্টা-দুঘণ্টা পাৰ হয় আৰু পিছত নাটখনৰ মাহাত্ম্য বাঢ়ি গৈ থাকিল । ননান দিশৰ পৰা আশা-আকাংক্ষা কৰি মানুহে ইয়ালৈ আগ কৰে । সেই আশা-আকাংক্ষা পূৰণ হয় আৰু সকলোৱে আমাৰ ইয়াৰ নাম ক'লেই এতিয়া এনেকুৱা এটা হল গৈ বহুত টকা-পইচা আগতে ভাওঁ ল'লে নিজে টকা পইছা খৰচ কৰে । এতিয়া আমাৰ যি পইচা উঠে তাৰ পৰাই খৰচ কৰে । খৰচ কৰিও ৰাহি হয় ।

উল্লেখ্য যে 'ৰাৱণ বধ' ভাওনা মঞ্চস্থ কৰি সমগ্ৰ অঞ্চলটোত চলি থকা অপাই-অমংগল দূৰ হয় বুলি ৰাইজে বিশ্বাসৰ কৰে।এই কাৰনেই ৰাইজেই পৰম্পৰা ৰক্ষা কৰি ভাওনাখন মঞ্চস্থ কৰি আহিছে।

লগতে পঢ়ক: দেশৰ আটাইতকৈ পুৰণি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস, ৭৫ বছৰত ভৰি দিলে পৰিষদখনে

ৰোগীৰ জীৱনক লৈ ল’ৰা ধেমালি! মৰাণত নাৰ্ছিংহোমৰ অস্ত্ৰোপচাৰ কক্ষত ওলমিল তলা

Last Updated : April 29, 2026 at 4:57 PM IST