ETV Bharat / state

ৰজা আৰিমত্তই ত্ৰয়োদশ শতিকাত স্থাপন কৰা মিটনীৰ জগন্নাথ ধাম

জগন্নাথ মন্দিৰৰ আৰ্হিত নিৰ্মিত মিটনী জগন্নাথ ধামত ৬৬১তম দৌল উৎসৱৰ আয়োজন । ১৩৬৫ খ্ৰীষ্টাব্দত স্থাপন কৰা ধামৰ আঁৰৰ কাহিনী ...

Mitani Jagannath Dham in Dimoria
ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্য়তম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2026 at 9:21 PM IST

5 Min Read
Choose ETV Bharat

সোণাপুৰ: ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্য়তম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম । শ্ৰীশ্ৰী জগন্নাথ ধামত পাঁচদিনীয়াকৈ আয়োজিত ৬৬১তম শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ আৰু ঘুনুচা যাত্ৰাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন-

ওৰেষা নগৰে যি পুৰুষোত্তম ক্ষেত্ৰ।

মিটনী গ্ৰামেও সেহি অবিকল মাত্ৰ।।

যিটোজনে মন্দিৰত প্ৰৱেশ কৰয়।

তাহাৰ মনুষ্যজন্ম সাম্ফল হয়।।

দেহে শক্তি পায় ৰোগ ব্যাধি নাশ হয়।

বাঞ্চিত জনৰ মনো বাঞ্চা পূৰ্ণ হয়।।

অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম উজ্জ্বল নিদৰ্শন হ’ল কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত মিটনীৰ জগন্নাথ ধাম । সোণাপুৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় পথেৰে তেতেলীয়া গান্ধী নগৰলৈ আগুৱাই গৈ তাৰ পৰা প্ৰায় ৭-৮ কিলোমিটাৰ উত্তৰ দিশত ইটিলা বিলৰ কাষৰ মিটনী গাঁৱত এই পবিত্ৰ মন্দিৰটো অৱস্থিত ।

ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অন্য়তম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

ঐতিহাসিক পটভূমি :

এই মন্দিৰৰ ইতিহাস অতি প্ৰাচীন । ডিমৰীয়া ৰাজ্যৰ প্ৰথম ৰজা আৰিমত্তই ত্ৰয়োদশ শতিকাৰ আদি ভাগত (প্ৰায় ১৩৬৫ খ্ৰীষ্টাব্দত) পুৰীৰ জগন্নাথ মন্দিৰৰ আৰ্হিত এই মন্দিৰ স্থাপন কৰিছিল । উল্লেখ্য় যে ১৮৯৭ চনৰ বৰ ভূঁইকঁপত পূৰ্বৰ মন্দিৰটো ধ্বংসপ্ৰাপ্ত হৈছিল । বৰ্তমানৰ মন্দিৰটো ১৯৮১ চনত ৰাইজৰ সহযোগত নকৈ নিৰ্মাণ কৰা হৈছে ।

Mitani Jagannath Dham in Dimoria
ৰজা আৰিমত্তই ত্ৰয়োদশ শতিকাত স্থাপন কৰা মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

মন্দিৰ স্থাপনৰ কিংবদন্তী :

মিটনীৰ জগন্নাথ ধামৰ সৈতে কিংবদন্তী জড়িত হৈ আছে । লোকবিশ্বাস অনুসৰি, এবাৰ ৰজা আৰিমত্তই চিকাৰ কৰিবলৈ আহি মিটনী পাহাৰত জিৰণি লৈছিল । সেই নিশাই ৰজাই পাহাৰৰ এক গহ্বৰত জগন্নাথৰ মূৰ্তি থকা বুলি সপোন দেখে । সেই কথা কাকো কোৱা নাছিল যদিও পিছদিনা চিকাৰলৈ যোৱা ৰজাৰ সৈন্য-সামন্তই পাহাৰৰ গুহাত মূৰ্তিকেইটা প্ৰত্যক্ষ কৰি ৰজাক অৱগত কৰে । ৰজাই অতি ভক্তিৰে সেই মূৰ্তিকেইটা উদ্ধাৰ কৰি মিটনী গাঁৱলৈ লৈ আহে আৰু মন্দিৰ স্থাপন কৰে ।

Mitani Jagannath Dham in Dimoria
ৰজা আৰিমত্তই ত্ৰয়োদশ শতিকাত স্থাপন কৰা মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

স্থাপত্য আৰু বিগ্রহ:

জনশ্ৰুতি আৰু বুৰঞ্জীৰ এক অপূৰ্ব সংমিশ্ৰণ ঘটা এই ধাম ডিমৰীয়াৰ 'পঞ্চদেৱতা'ৰ অন্যতম । কেৱল উপাসনাস্থলী হিচাপেই নহয়, বৰঞ্চ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি হিচাপেও এই ধামৰ এক সুকীয়া পৰিচয় আছে । মিটনী জগন্নাথ ধামৰ স্থাপত্যই ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ সোঁৱৰণী কঢ়িয়াই আনে ।

ইয়াৰ কিছু অনন্য বৈশিষ্ট্য :

পুৰীৰ দৰেই ইয়াতো মূল বিগ্ৰহসমূহ 'দাৰু' অৰ্থাৎ কাঠৰ দ্বাৰা নিৰ্মিত । সাধাৰণতে হিন্দু মন্দিৰসমূহ পূবমুৱা যদিও, মিটনী ধামৰ মূল মন্দিৰটো পশ্চিমমুৱা । অৱশ্যে মন্দিৰৰ ভিতৰত বিগ্ৰহসমূহ পুৰীৰ দৰেই পূবমুৱাকৈ স্থাপন কৰা হৈছে । ইয়াত বাৰগোপাল, সাক্ষীগোপাল, জয়-বিজয় আৰু অক্ষয় বটবৃক্ষ বিৰাজমান । পুৰীৰ দৰেই ধামৰ পৰা কিছু নিলগত চুকুৰীপাৰা মামুগড়ত 'ঘুনুচা মন্দিৰ' আছে ।

Mitani Jagannath Dham in Dimoria
অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

উৎসৱ-পাৰ্বণ আৰু সাংস্কৃতিক সমন্বয় :

মিটনীৰ জগন্নাথ ধাম কেৱল ধৰ্মীয় নহয়, এক সাংস্কৃতিক মিলন ভূমিও । এই ধামৰ আটাইতকৈ ডাঙৰ উৎসৱ হ’ল দৌল যাত্ৰা বা ফাকুৱা । পাঁচদিনীয়া কাৰ্যসূচীৰে পালন কৰা এই উৎসৱত জগন্নাথৰ বিগ্ৰহ দৌলত ঘূৰোৱা হয় । এই কাৰ্যত স্থানীয় কাৰ্বি জনগোষ্ঠীৰ লোকসকলেও ঢোল-পেঁপা-কালি বজাই সমদল উলিয়াই বিগ্ৰহ দৌলত ঘূৰোৱাৰ পৰম্পৰা সক্ৰিয় অংশগ্ৰহণ কৰে ।

ঘুনুচা যাত্ৰা:

দৌল উৎসৱৰ শেষত জগন্নাথক ছকুৰিপাৰা গাঁৱত থকা ঘুনুচা মন্দিৰলৈ নিয়া হয়, য’ত প্ৰভুৰ বিবাহ সম্পন্ন হোৱাৰ এক ৰীতি প্ৰচলিত আছে ।

Mitani Jagannath Dham in Dimoria
অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

অন্যান্য পৰ্ব:

ইয়াত অক্ষয় তৃতীয়া, স্নানযাত্ৰা, ঝুলন যাত্ৰা, জন্মাষ্টমী, ৰাসযাত্ৰা আৰু মাঘ মাহত পালনাম বা মহানামোৎসৱ পালন কৰা হয় ।

Mitani Jagannath Dham in Dimoria
অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

ধৰ্মীয় তথা সাংস্কৃতিক সমন্বয়:

মিটনী জগন্নাথ ধামৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াৰ সামাজিক বান্ধোন । মিটনী গাৱঁৰ কোচ-ৰাজবংশী, কাৰ্বি, বড়ো, নেপালী, কলিতা আৰু ব্ৰাহ্মণ আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি এই ধামক কেন্দ্ৰ কৰি একতাৰ নিদৰ্শন দাঙি ধৰিছে ।

পৰ্যটনৰ সম্ভাৱনীয়তা :

পৰ্যটকৰ বাবে মিটনী কেৱল এক ধৰ্মীয় স্থানেই নহয়, ই এক ঐতিহাসিক তথা প্ৰাকৃতিক ক্ষেত্ৰও । ধামৰ আশে-পাশে থকা আন কিছুমান গুৰুত্বপূৰ্ণ স্থান হ’ল-জাৱৰ দিয়া গোঁসাইথান, ভগৱতীথান, বুঢ়াগোঁসাই থান, চতলীয়াশিল, সাপকাটি আৰু পিছলাশিল । এই ঐতিহাসিক স্থানসমূহক চৰকাৰী পৰ্যটন বিভাগে সঠিকভাৱে সংৰক্ষণ আৰু প্ৰচাৰ কৰিলে ই বিশ্ব দৰবাৰত এক সুকীয়া আসন লাভ কৰিব পাৰিব ।

Mitani Jagannath Dham in Dimoria
অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

এই সন্দৰ্ভত মালয়বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মদন চন্দ্ৰ মেধিয়ে কয়, "ওড়িশাৰ পুৰী যি, মিটনী ধামো সেহি । ভক্তসকলৰ বিশ্বাস যে জগন্নাথ মহাপ্ৰভূৰ শ্ৰীচৰণত ভক্তিৰে কিবা প্ৰাৰ্থনা কৰিলে মনোকামনা অৱশ্যেই পূৰ্ণ হয় ।"

দৌল উৎসৱ উদযাপন সমিতিৰ সম্পাদক মনোজ মালাকাৰ আৰু স্থানীয় ভকত কেইবাগৰাকীও কয় দৌল উৎসৱ আৰু জগন্নাথ ধামৰ মহিমাৰ কথা । ডিমৰীয়াৰ এই গৌৰৱোজ্জ্বল আধ্যাত্মিক ঐতিহ্য কেৱল এটা মন্দিৰেই নহয়, ই অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ । এই পবিত্ৰ ধামৰ মহিমা আৰু ইতিহাস ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাটো সময়ৰ আহ্বান ।

Mitani Jagannath Dham in Dimoria
অসমৰ জগন্নাথ পৰম্পৰাৰ অন্যতম নিদৰ্শন মিটনীৰ জগন্নাথ ধাম (ETV Bharat Assam)

মিটনীৰ জগন্নাথ ধাম অসম আৰু ওড়িশাৰ মাজত থকা প্ৰাচীন সাংস্কৃতিক যোগসূত্ৰৰ এক নিৰ্ভৰযোগ্য প্ৰমাণ । স্থানীয় লোকৰ অপৰিসীম বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰবিন্দু এই ধামে ডিমৰীয়া অঞ্চলৰ ঐতিহ্য আজিও সজীৱ কৰি ৰাখিছে ।

মিটনীৰ জগন্নাথ ধাম অসম আৰু ওড়িশাৰ মাজত থকা প্ৰাচীন সাংস্কৃতিক যোগসূত্ৰৰ এক নিৰ্ভৰযোগ্য প্ৰমাণ । স্থানীয় লোকৰ অপৰিসীম বিশ্বাস আৰু ভক্তিৰ কেন্দ্ৰবিন্দু এই ধামে ডিমৰীয়া অঞ্চলৰ ঐতিহ্য আজিও সজীৱ কৰি ৰাখিছে ।

লগতে পঢ়ক:

কৃষ্ণ-ৰুক্মিণীয়ে জিৰণি লৈছিল ইয়াতেই: মনোমোহা প্ৰাকৃতিক পৰিৱেশত থকা এইখন বাসুদেৱ থানৰ বিষয়ে জানেনে ?

গৌৰৱময় ইতিহাসৰ জীৱন্ত প্ৰতীক; এগৰাকী ৰাজ্য়বিহীন ৰজাৰ শিৰত মাথোঁ ঐতিহ্যৰ বোজা