ETV Bharat / state

চৰকাৰে দিছে ধন, কৃষকে নাপায় পানী, কৃষক মুক্তিয়ে ঘেৰাও কৰিলে জলসিঞ্চনৰ কাৰ্যালয়

১ কোটি ২৮ লাখ টকা ব্য়য় কৰাৰ পিচতো বিকল হৈয়ে থাকিল আঁচনি ।

KMSS protest in Nagaon
নগাঁৱত কৃষক মুক্তিয়ে ঘেৰাও কৰিলে জলসিঞ্চনৰ কাৰ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 29, 2025 at 9:27 PM IST

3 Min Read
Choose ETV Bharat

নগাওঁ : পথাৰত পানী যোগানৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰাৰ পাছতো কৃষক ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে । বিশেষকৈ পথাৰত কৃষকে জলসিঞ্চনৰ সামান্য উপকাৰো লাভ নকৰাৰ অভিযোগত বুধবাৰে উত্তাল হৈ পৰে নগাঁৱৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয় ।

নগাঁও জিলাৰ কৃষ্ণাইঘাট, ডাকৰঘাট অঞ্চলত কৃষকৰ পথাৰত পানী যোগানৰ নামত চৰকাৰে আবন্টন দিয়া কোটিটকীয়া এটা প্ৰকল্পৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ ফলত পানীৰ অভাৱত খেতি কৰিব নোৱৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকে । সেয়েহে বুধবাৰে নগাঁও জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ উদ্যোগত কৃষ্ণাইঘাট অঞ্চলৰ কৃষকসকলে বিভাগটোৰ নগাঁও জিলা কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পথাৰত পানী যোগানৰ সু-ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰে ।

নগাঁৱত কৃষক মুক্তিয়ে ঘেৰাও কৰিলে জলসিঞ্চনৰ কাৰ্যালয় (ETV Bharat Assam)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক জিতেন বৰাই উত্থাপন কৰা অভিযোগ অনুসৰি,জলসিঞ্চন বিভাগৰ বঢ়মপুৰ সংমণ্ডলৰ অধীনত ডাকৰঘাট বাওঁ উত্তোলিত জলসিঞ্চন ২০২৩-২৪ বৰ্ষৰ বাবে SOPD -G ৰ অধীনত ডাকৰঘাট LIS পুনৰুজ্জীৱিত কৰাৰ বাবদ বিভাগে আবন্টন দিয়া ১ কোটি ২৮ লাখ টকাৰ ব্যাপক খেলিমেলি সংঘটিত হৈছে । ফলত আঁচনিখন আজি পৰ্যন্ত কাৰ্যক্ষম হৈ উঠা নাই । তদুপৰি নতুন পাইপ সংস্থাপনৰ নামত ৭ লাখ টকা আবন্টন দিয়াৰ পাছতো বৃহত্তৰ অঞ্চলটোৰ কৃষকে আজি পৰ্যন্ত পথাৰত পানী লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে ।

অঞ্চলটোৰ কৃষকৰ বাবে পথাৰত কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰিও কৃষকক পানী যোগান ধৰিব নোৱৰাৰ অভিযোগ উত্থাপন কৰি বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধেও জাঙুৰ খাই উঠে কৃষক সংগঠনটো । ইপিনে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত নগাঁও জিলাসঞ্চন বিভাগৰ কাৰ্যবাহী বিষয়াই ইটিভি ভাৰতৰ সন্মুখত কয়, “বিগত বৰ্ষত আবন্টন দিয়া ১ কোটি ২৮ লাখ টকাৰ দুৰ্নীতি সংঘটিত হোৱা নাই । অৱশ্যে প্ৰথম কিস্তিৰ ধনেৰে আঁচনিখন সামগ্ৰিকভাৱে সামৰি ল’ব পৰা নাই । দ্বিতীয় পৰ্যায়ত সম্পূৰ্ণ হ’ব । জিলাখনত চাৰি হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ বাবে ১৮৪ খন আঁচনি আছে । অৱশ্যে আটাইকেইখন আঁচনি কাৰ্য্যক্ষম হৈ থকা নাই ।”

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ কৃষকসকলক পানী যোগানৰ ব্যৱস্থা কৰাৰ দাবীত বিভাগীয় বিষয়াক এখনি স্মাৰকপত্ৰও প্ৰদান কৰে সংগঠনটোৱে ।

লগতে পঢ়ক:মুখ্যমন্ত্রীক শান্তিত থাকিবলৈ দিয়া নহ'ব; উচ্ছেদিতৰ মাজত এজনো বাংলাদেশী আছে যদি চৰকাৰক দেখুৱাই দিয়াৰ চেলেঞ্জ

'কা'ৰ বিৰোধিতাৰে ক'লা পতাকা প্ৰদৰ্শন, প্ৰতিবাদকাৰী-আৰক্ষীৰ হতাহতি