ETV Bharat / state

জনগোষ্ঠীয় স্বকীয়তা জীয়াই ৰাখি পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজা উদযাপন

ডিব্ৰুগড়ত অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজা ৷ অনুষ্ঠানত অংশ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ৷

Khring Khring Baithow Puja 2026 held centrally in Dibrugarh
ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজা (Sarbananda Sonowal's FB page)
author img

By ETV Bharat Assamese Team

Published : March 3, 2026 at 1:39 PM IST

4 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : সোমবাৰে অসম চৰকাৰৰ উদ্যোগত ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় অসমৰ আদিম ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজা 2026 ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ জকাইত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ' পূজা সমিতিৰ সহযোগত আৰু বৰবিল গাঁওবাসীৰ আতিথ্যত তিনিদিনীয়াকৈ অৰ্থাৎ 1 মাৰ্চৰ পৰা 3 মাৰ্চলৈকে বৰ্ণাঢ্য কাৰ্যসূচীৰে জকাই আঞ্চলিক ৰাজহুৱা বাইথ' মন্দিৰত খ্ৰীং খ্ৰীং বাইথ' পূজা আয়োজন কৰা হয় ।

এই বাইথ' পূজাৰ অনুষ্ঠানৰ দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীদ্বয় ক্ৰমে বিমল বড়া, ৰণোজ পেগু, খোৱাং সমষ্টিৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈ, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱালেও অংশগ্ৰহণ কৰে ।

সোণোৱাল কছাৰীসকলৰ বাইথ’ পূজা (ETV Bharat Assam)

উল্লেখ্য যে, অসমৰ আদিম ভূমিপুত্ৰ সোণোৱাল কছাৰী লোকসকলৰ পৰম্পৰাগত উৎসৱ হৈছে পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজা । কল্যাণ কামনাৰে অতীজৰে পৰা অনুষ্ঠিত কৰি অহা এই খ্ৰীং খ্ৰীং বাইথ' পূজা মূলতঃ আৰাধ্য দেৱতাক পূজা কৰা জনগোষ্ঠীটোৰ এক ধৰ্মীয় পূজা ।

বাইথ’ পূজা সোণোৱাল কছাৰীসকলৰ প্ৰধান ধৰ্মীয় উৎসৱ, য’ত নিহিত হৈ আছে আধ্যাত্মিক ভাৱ-ভক্তি, লোকবিশ্বাস, লোক-পৰম্পৰা । এই পূজা উপলক্ষে চ’ত মাহৰ দ্বিতীয় সপ্তাহৰ দেওবাৰে ৰাতি দেও নমোৱা হয়, সোমবাৰে ধৰ্মীয় ৰীতি-নীতিৰে পূজা পাঠ কৰা হয় আৰু মঙলবাৰে পুৱা হাইদাং গীত গাই বাইথ’ মন্দিৰত পূজা শেষ কৰা হয় ।

খ্ৰীং খ্ৰীং বাইথ’ দেৱতাৰ আৰ্শীবাদ বিচাৰি উৰণ, বুৰণ, গৰ্জন, ভ্ৰমণ এই চাৰিমুঠি জীৱৰ উদ্ধাৰ আৰু জাতিটোক কৃষ্টি, সংস্কৃতিৰে জীপাল কৰি তোলাৰ বাবে খ্ৰীং খ্ৰীং বাইথ' পূজা অতি উলহ মালহৰে সোণোৱাল কছাৰী ৰাইজে অনুষ্ঠিত কৰি আহিছে ।‌

খ্ৰীং খ্ৰীং বাইথ' পূজা সোণোৱালসকলৰ জাতীয় উৎসৱ‌ :

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, "পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজা সোণোৱালসকলৰ এক জাতীয় উৎসৱ‌ তথা লোক বিশ্বাসৰ‌ এক উপাসনাৰ দিন । মই আজি পুৱাই নিজৰ সমষ্টিত বাইথ' দেৱতাক সেৱা কৰা পাছত ইয়াত উপস্থিত হৈ‌ সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে অনুষ্ঠিত কৰা কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ ‌কৰি সকলোকে বাইথ'‌ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো ৷"

জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, পৰম্পৰা অটুত ৰখা চেষ্টা :

পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ' পূজাত অংশ লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই কয়, "সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত খ্ৰীং খ্ৰীং বাইথ' পূজা এই জকাই অঞ্চলত আমি আয়োজন কৰিছো । সোণোৱাল কছাৰী সমাজৰ অতি আধ্যাত্মিকভাৱে পালন কৰা এই খ্ৰীং খ্ৰীং বাইথ' পূজাত পৰম্পৰা, লোকবিশ্বাস, আধ্যাত্মিকতা ইয়াত জড়িত হৈ থাকে ।’’

তেওঁ কয়, ‘‘আজি বাইথ' দেৱতাৰ আশীৰ্বাদ আমি সকলোৱে একেলগে বিচাৰিছো, যাতে এই পৃথিৱীত থকা চাৰি মুঠি জীৱৰ কল্যাণ সাধন‌ হওক । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, কৃষ্টি-সংস্কৃতি, পৰম্পৰা যাতে অটুত থাকে, আমাৰ সমাজখনৰ শিপাৰ লগত যাতে সম্পৰ্ক ছিন্ন নহয়, আমাৰ এই লোকবিশ্বাস, পৰম্পৰাসমূহ যাতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাj পৰিৱেশ পায় ৷ তাৰ কাৰণে অহৰহ প্ৰয়াস আৰু প্ৰচেষ্টা সদায় হাতত লৈ আহিছে ৷ যাৰ‌ কাৰণে এটা indigenous tribal faith and culture নামৰ নতুন বিভাগৰো অসম চৰকাৰৰ‌ পৰিচালনাত পৰিচালিত হৈ আছে । গতিকে মই ভাবো আজি বাইথ' দেৱতাৰ প্ৰতি শ্ৰদ্ধা জনোৱা এই আধ্যাত্মিক অনুষ্ঠানটোৱে আমাক সকলোকে সুখ আৰু আনন্দ প্ৰদান কৰিব ।’’

লগতে পঢ়ক : মুখ্যমন্ত্রীয়ে ভাগৰিব খুজিলেও ভাগিনীয়েকহঁতে ভাগৰিব দিয়া নাই; জন আশীর্বাদ যাত্রা পালেগৈ লখিমপুৰ

লগতে পঢ়ক : মুখ্য়মন্ত্ৰীয়ে ১ লাখ ৯৭ হাজাৰ টকাৰ ঘড়ী উপহাৰ দিলে ভাগিনক

লগতে পঢ়ক : মণিকূটৰ পৰা ওলাল দৌল গোবিন্দ মহাপ্ৰভু ; বৰপেটা সত্ৰত আৰম্ভ দৌল মহোৎসৱ

লগতে পঢ়ক : ৰজা আৰিমত্তই ত্ৰয়োদশ শতিকাত স্থাপন কৰা মিটনীৰ জগন্নাথ ধাম