ETV Bharat / state

১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই হত্যা, আৰক্ষীৰ গুলীত নিহত অভিযুক্ত

পশ্চিমবংগৰ বাৰুইপুৰত এগৰাকী ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে । ঘটনাৰ অন্যতম অভিযুক্তৰ আৰক্ষীৰ গুলীত মৃত্যু ৷

police encounter
অভিযুক্ত প্ৰভাস মণ্ডল (আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছৰ ফটো) (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 11:39 AM IST

3 Min Read
Choose ETV Bharat

বাৰুইপুৰ: নাবালিকা নিৰ্যাতনকাৰীৰ বিৰুদ্ধে গৰজি উঠিল আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ মাজনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে ৷ পশ্চিম বংগৰ বাৰুইপুৰত সংঘটিত নাবালিকাক যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাই নতুন মোৰ লৈছে । আৰক্ষীৰ গুলীত মৃত্যু ঘটিছে এই গোচৰৰ এজন অভিযুক্ত প্ৰভাস মণ্ডলৰ ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নিশা অভিযুক্তজনক ঘটনাস্থলীলৈ নি ঘটনাৰ পুনৰ নিৰ্মাণৰ কাম চলি আছিল । সেই সময়ত প্ৰভাসে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লৈ ​​বাৰুইপুৰৰ সূৰ্যপুৰ অঞ্চলৰ মাজেৰে পলাবলৈ চেষ্টা কৰিছিল । কেৱল সেয়াই নহয়, আৰক্ষীলৈ গুলীও নিক্ষেপ কৰিছিল । আৰক্ষীৰ আত্মৰক্ষামূলকভাৱে গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হয় প্ৰভাস । ততাতৈয়াকৈ তেওঁক বাৰুইপুৰ মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও কৰ্তব্যৰত চিকিৎসকে মৃত ঘোষণা কৰে ।

আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তই হঠাতে তেওঁলোকৰ জিম্মাত পৰা পলাবলৈ চেষ্টা কৰিছিল । প্ৰথমে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তেওঁক নপলাবলৈ সকীয়াই দিয়া হৈছিল, যদিও তেওঁ ৰৈ নোযোৱাত গুলীচালনা কৰিবলৈ বাধ্য হৈছিল । ঘটনাটো কেনেদৰে সংঘটিত হয় সেই সন্দৰ্ভত এতিয়াও কোনো সবিশেষ তথ্য দিয়া নাই আৰক্ষীয়ে ।

বাৰুইপুৰত এগৰাকী ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে । ঘটনাৰ তদন্ত আৰম্ভ কৰি কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাৰ ভিতৰত প্ৰভাস মণ্ডল অন্যতম । আৰক্ষীয়ে জনোৱা মতে, তদন্তৰ স্বাৰ্থত তেওঁক ঘটনাটো পুনৰ নিৰ্মাণ কৰিবলৈ সেই স্থানলৈ লৈ যোৱা হয় । সেই সময়তেই পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে আৰু তেওঁৰ মৃত্যু হয় ।

ইতিমধ্যে এই এনকাউণ্টাৰক কেন্দ্ৰ কৰি বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে । আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাৰ সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । সেই প্ৰতিবেদনৰ পৰা কেইবাটাও কথা স্পষ্ট হ’ব বুলি আশা কৰা হৈছে । ইফালে অভিযুক্তৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তোলা হৈছে ৷ বাৰুইপুৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত যাতে কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।

মাত্ৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বাৰুইপুৰ ভ্ৰমণ কৰিছিল । নাবালিকাগৰাকীক যৌন নিৰ্যাতন আৰু হত্যাৰ পিছত তদন্তৰ অগ্ৰগতি পুনৰীক্ষণ কৰিবলৈ আহিছিল মুখ্যমন্ত্ৰী । তেওঁ বাৰুইপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰে । বাৰুইপুৰ জিলা আৰক্ষীৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকীয়ে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ।

লগতে পঢ়ক: বিআৰঅ’ত পুঁজিৰ অপব্যৱহাৰ, চিবিআইৰ জালত বিষয়াসহ তিনিজন