'ঐতিহ্যই আমাৰ পৰিচয়'- পত্নীৰ স্মৃতিত ঘৰতে সংগ্ৰহালয় স্থাপন অৱসৰপ্ৰাপ্ত শিক্ষকৰ
নগাঁৱৰ কঠীয়াতলীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ ব্যতিক্ৰমী প্ৰয়াস । নতুন প্ৰজন্মৰ বাবে তেওঁ লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

Published : June 14, 2026 at 8:46 PM IST
বঢ়মপুৰ : প্ৰতিখন দেশ আৰু প্ৰতিটো জাতিৰে নিজা ঐতিহ্য আৰু পৰম্পৰা থাকে । এখন দেশৰ ঐতিহ্যসমূহ সংৰক্ষণ হোৱাতো অতিকে প্ৰয়োজন । কাৰণ সংৰক্ষণ অবিহনে এটা জাতিৰ অস্তিত্ব অসম্ভৱ । উঠি অহা প্ৰজন্মক ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে জনাব লাগিব আৰু সজাগতা বৃদ্ধি কৰিব লাগে ।
বিশ্বায়নৰ যুগত যেতিয়া আধুনিকতাৰ সোঁতে বহু পুৰণি ঐতিহ্য আৰু পৰম্পৰা বিলুপ্তিৰ পথত লৈ গৈছে, তেনে সময়তে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে । নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ এখন অখ্যাত গাঁৱৰ প্ৰাক্তন শিক্ষকগৰাকীয়ে এক মহৎ কাম হাতত লৈছে ।
কঠীয়াতলী অঞ্চলৰ কছাৰী গাঁৱৰ ভূপেন চন্দ্ৰ বৰদলৈয়ে তেওঁৰ প্ৰয়াত পত্নী ভাগ্য বৰদলৈৰ স্মৃতিত নিজৰ বাসগৃহতে স্থাপন কৰিছে এটা সংগ্ৰহালয় । য'ত তেওঁ অসমৰ গ্ৰাম্য জীৱন, কৃষি, বয়নশিল্প, লোক সংস্কৃতি আৰু বাদ্যযন্ত্ৰৰ সৈতে জড়িত পুৰণি সামগ্ৰীবোৰ সংৰক্ষণ কৰি ৰাখিছে ।

২০১৮ চনত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ লোৱা ভূপেন চন্দ্ৰ বৰদলৈয়ে বিভিন্ন সামগ্ৰী নিজে প্ৰস্তুত কৰিছে, অসমৰ পৌৰাণিক বিভিন্ন আচবাবৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বনোৱাৰ উপৰিও বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি এই সংগ্ৰহালয়তে ৰাখিছে । কেৱল এয়াই নহয় ভূপেন চন্দ্ৰ বৰদলৈৰ এই ক্ষুদ্ৰ সংগ্ৰহালয়ত তেওঁ সংৰক্ষিত কৰি ৰাখিছে গ্ৰমোফোন, ৰেকৰ্ডাৰ, টেপ ৰেৰ্কডাৰ আদি । অতীতৰ বিভিন্ন মডেলৰ কেমেৰা, ঘড়ী আদিও তেওঁ সংগ্ৰহালয়টোতে সংৰক্ষণ কৰি ৰাখিছে ।

ভূপেন চন্দ্ৰ বৰদলৈৰ এই ক্ষুদ্ৰ সংগ্ৰহালয়টোত বাঁহৰ সামগ্ৰীবোৰৰ ভিতৰত আছে বিভিন্ন কৃষি সঁজুলি যেনে নাঙল, যুঁৱলি, মৈ, দলি-মাৰি, গৰুগাড়ী আদি । ঘৰুৱা সামগ্ৰীবোৰৰ ভিতৰত আছে ডলা, চালনী, খৰাহি, তাঁতশালৰ সামগ্ৰী আদি । মাছ ধৰা সঁজুলি যেনে জাকৈ, খালৈ, পল, চেপা আদিও তেওঁ সংগ্ৰহালয়ত ৰাখিছে । কাঠেৰে নিৰ্মাণ কৰা বিভিন্ন মহান ব্যক্তি প্ৰতিমূৰ্তি, অশোক স্তম্ভ, চৰাই, জন্তু আদিও তেওঁ সংগ্ৰহালয়টোত সযতনে ৰাখিছে ।
এই সন্দৰ্ভত ইটিভি ভাৰতৰ আগত ভূপেন চন্দ্ৰ বৰদলৈয়ে কয়, "এই কামটোত মই সৰুৰ পৰাই লাগি আছিলো । যেতিয়া ক'ভিডৰ সময় আহি গ'ল মোৰ পৰিবাৰো ঢুকালে তেতিয়া মই পূৰ্ণ পৰ্যায়ত এই কামত লাগিলোঁ । প্ৰায় ৪ বছৰ মান সময় মই সংগ্ৰহালয়ৰ কামত লাগি আছিলোঁ । আগতে কিছুমান সামগ্ৰী আছিল । ইয়াত মোৰ ৩ ধৰণৰ সামগ্ৰী আছে । কাঠ, বাঁহ-বেতৰ সামগ্ৰী আছে । বহু পুৰণি সামগ্ৰী, জনজাতীয় সমাজে ব্যৱহাৰ কৰা সামগ্ৰীও আছে । কিছুমান বস্তু মই সংগ্ৰহ কৰিছো । বাকী বাঁহৰ বস্তু কিছুমান নিজে প্ৰস্তুত কৰিছোঁ । সংগ্ৰহ কৰা সামগ্ৰীবোৰ মোৰ নিজৰ গাঁৱৰ ঘৰৰ পৰা আনিছো ।"
তেওঁ লগতে কয়, "গৰুগাড়ী আজিৰ প্ৰজন্মই দেখা নাপায় । সেয়ে গৰুগাড়ী বনালো । তেনেকৈ কৃষি সামগ্ৰী নাঙল, যুঁৱলি, মৈ আদিও আছে । বয়ন সামগ্ৰীও আছে । যিবিলাক আজিৰ প্ৰজন্মই দেখা নাপায় । ৰেকৰ্ড প্লেয়াৰ এটা আছে আৰু গ্ৰামোফোন এটা আছে ।"

এই সামগ্ৰীবোৰ ক'ৰ পৰা সংগ্ৰহ কৰিছে সেই সন্দৰ্ভত সোধাত তেওঁ কয়, "পুৰণি বাদ্যযন্ত্ৰ দুটা অনিল শইকীয়াৰ পৰা সংগ্ৰহ কৰিছিলোঁ । তেখেত আছিল মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ।"
কিন্তু ঘৰতে এই ক্ষুদ্ৰ সংগ্ৰহালয় নিৰ্মাণৰ তেওঁৰ উদ্দেশ্য কি ? এই সন্দৰ্ভত ভূপেন চন্দ্ৰ বৰদলৈয়ে কয়, "ইয়াৰ উদ্দেশ্য হৈছে এইবোৰ নতুন প্ৰজন্মই দেখা পাওঁক । সিহঁতে এতিয়া দেখা সুযোগেই নাই কাৰণ বজাৰত নাই । ঐতিহ্য আৰু পৰম্পৰাই হৈছে আমাৰ চিনাকি । আমি নিজকে চিনাকি দিবলৈ হ'লে ঐতিহ্য আৰু পৰম্পৰাক ধৰি ৰাখিব লাগিব । তেতিয়াহে আমি জাতি হিচাপে চিনাকি পাম । অসমীয়া জাতি হিচাপে আমাৰ যিবিলাক পৰম্পৰাগত সামগ্ৰী আছে সেইবোৰ নতুন প্ৰজন্মই পাব লাগিব, ব্যৱহাৰ কৰিব লাগিব । তেতিয়াহে সেই জাতিটো জীয়াই থাকিব বুলি মই ভাবো ।"
এই সংগ্ৰহালয়টো নিৰ্মাণ কৰি তেওঁ কেৱল ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰাই নহয় প্ৰয়াত পত্নীৰ প্ৰতি থকা গভীৰ প্ৰেমৰো প্ৰমাণ দিছে । কাৰণ তেওঁ এই সংগ্ৰহালয়টো প্ৰয়াত পত্নী ভাগ্য বৰদলৈৰ নামত উছৰ্গা কৰিছে । তেওঁ উল্লেখ কৰা মতে পত্নী ২০১৯ চনত তেওঁলোকক এৰি এই সংসাৰৰ পৰা বিদায় মাগিছে ।

সমাজ গঠনত শিক্ষকৰ ভূমিকাৰ সম্পৰ্কত তেওঁ কয়, "শিক্ষকৰ সমাজ গঢ়াৰ ক্ষেত্ৰত এক গুৰু দায়িত্ব আছে । যুগে যুগে শিক্ষকে সেই দায়িত্ব পালন কৰি আহিছে । শিক্ষকেই মানৱ সম্পদ সৃষ্টি কৰিছে । শিক্ষকেই সমাজ সচেতন ব্যক্তিৰ সৃষ্টি কৰিছে । গতিকে মইও ভাবো যে মোৰ দ্বাৰা অনুপ্ৰাণিত হৈ কোনোবাই কিবা এটা কৰক । " অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ এই ব্যতিক্ৰমী চিন্তা আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাক অঞ্চলটোৰ লগতে বিভিন্ন মহলে প্ৰশংসা কৰিছে ।
লগতে পঢ়ক : ব্যতিক্ৰমী আৰু ৰাজকীয় চখ : দেশ-বিদেশৰ মুদ্ৰাৰ বিশাল সাম্ৰাজ্য গঢ়ি তোলা ভাৰত বাগাদিয়াৰ কথাৰে....

