গামোচা পিন্ধাই লিয়নক অৱসৰ: য’ত সকলোৰে ভৰসা শেষ হয়, তাৰ পৰাই আৰম্ভ হয় লিয়নৰ কাম
লিয়ন এটা চিকাৰী কুকুৰ ৷ বেলজিয়ান মেলিনইজ প্ৰজাতিৰ এই চিকাৰী কুকুৰটো বিগত প্ৰায় আঠ বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ সাৰথি হৈ আছিল ৷

Published : August 17, 2026 at 4:37 PM IST
গুৱাহাটী: সুদীৰ্ঘ আঠবছৰীয়া পৰিক্ৰমা শেষ কৰি অৱশেষত কৰ্তব্যৰ পৰা অৱসৰ ল’লে লিয়নে ৷ যোৱা প্ৰায় আঠটা বছৰে লিয়নে বহু সফলতাৰ কাহিনী ৰচনা কৰিলে ৷ সেয়ে লিয়নক বিদায় জনোৱাৰ পৰত সকলোৰে চকু সেমেকি উঠিল ৷ আপুনি চাগৈ ভাবিছে, লিয়ন কোন আৰু এনে কি কাম লিয়নে কৰিছিল, যাৰ বাবে কৰ্তব্যৰ পৰা অৱসৰৰ সময়ত লিয়ন বাতৰিৰ শিৰোনাম হৈ পৰিছে ৷
লিয়ন কোন ?

লিয়ন এটা চিকাৰী কুকুৰ ৷ বেলজিয়ান মেলিনইজ প্ৰজাতিৰ এই চিকাৰী কুকুৰটো বিগত প্ৰায় আঠ বছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষীৰ সাৰথি হৈ আছিল ৷ য’ত সকলোৰে ভৰসা শেষ হয়, ঠিক তাৰ পৰা লিয়নে নিজৰ কাম আৰম্ভ কৰে ৷ ঘন অৰণ্যৰ মাজত চোৰাং চিকাৰীৰ খোজৰ চিন যেতিয়া অস্পষ্ট হৈ পৰে, বৰষুণে যেতিয়া সকলো প্ৰমাণ নষ্ট কৰি পেলায়, যেতিয়া সন্দেহজনক চোৰাং চিকাৰীয়ে একোটা জন্তু হত্যা কৰা স্থানৰ পৰা বহু মাইল দূৰৈত অৱস্থান কৰে, তেতিয়াই লিয়নে তাক প্ৰশিক্ষণ দিয়া অনুসৰি কাম কৰি সেই সকলোবোৰ বিচাৰি উলিয়ায় ৷
যোৱা প্ৰায় আঠ বছৰ লিয়নে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাম কৰিলে ৷ চোৰাং চিকাৰীৰ বিৰুদ্ধে বনবিভাগে চলোৱা অভিযানত বনকৰ্মীসকলক সহায় কৰিছিল লিয়নে ৷ বনকৰ্মীসকলৰ মাজত লিয়ন ‘Super Sniffer’ অৰ্থাৎ দুৰ্দান্ত চিকাৰী হিচাপে পৰিচিত আছিল ৷ যোৱা ১৫ আগষ্টত লিয়নক আনুষ্ঠানিকভাৱে কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হয় ৷

প্ৰশিক্ষণ আৰু কৰ্তব্যত নিয়োগ
উল্লেখ্য যে ২০১৮ চনৰ নবেম্বৰ মাহত লিয়নক কৰ্তব্যত নিয়োগ কৰা হৈছিল ৷ তাৰ পূৰ্বে চোৰাং চিকাৰীৰ বিৰুদ্ধে কিদৰে অনুসন্ধান চলাব লাগে সেই সম্পৰ্কে লিয়নক প্ৰায় এবছৰ প্ৰশিক্ষণ দিয়া হৈছিল ৷ লিয়নক পৰিচালনা কৰিছিল অনিল কুমাৰ দাস আৰু মৃগেন দাসে ৷ কাজিৰঙাত অতন্দ্ৰ প্ৰহৰী হিচাপে দায়িত্ব পালন কৰা লিয়নে অসমৰ বন বিভাগ আৰু অসম আৰক্ষী কৰ্মীসকলৰ সৈতে ২০০ ৰো অধিক টহলৰ লগতে ৩০ ৰো অধিক জৰুৰী আৰু গুৰুত্বপূৰ্ণ অভিযানত অংশগ্ৰহণ কৰিছিল ।
অন্যতম সফল অভিযান
২০১৯ চনৰ প্ৰলয়ংকৰী বানৰ সময়ত চলোৱা এক অভিযানক লিয়নৰ কেৰিয়াৰৰ অন্যতম গুৰুত্বপূৰ্ণ সফলতা হিচাপে গণ্য কৰা হয় । সেইদিনা অসাধাৰণ ধৈৰ্য প্ৰদৰ্শনেৰে লিয়নে বহুকেইটা বন শিবিৰ আৰু তালাচী চকী সামৰি প্ৰায় বিশ কিলোমিটাৰ ধৰি ঘ্ৰাণ অনুসৰণ কৰি গঁড়ৰ এটা চোৰাং চিকাৰীক চিনাক্ত আৰু কৰায়ত্ত কৰাত সহায় কৰিছিল ।

২০২৩ চনত বোকাখাতত চোৰাং চিকাৰীয়ে হত্যা কৰা এটা হৰিণা উদ্ধাৰ হোৱাৰ পাছত চলোৱা আন এক গুৰুত্বপূৰ্ণ অভিযানত লিয়নে বনকৰ্মীসকলক চাৰিটা সন্দেহযুক্ত চোৰাং চিকাৰীক কৰায়ত্ত কৰাত সহায় কৰিছিল ।
লিয়নৰ দক্ষতা কেৱল বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধৰ তদন্ততেই সীমাবদ্ধ নাছিল । ঘ্ৰাণ অনুসৰণত অতি দক্ষ লিয়নে ২০২৫ চনত অসম আৰক্ষীক গোলাঘাট নগৰত সংঘটিত হোৱা এক হাই প্ৰ'ফাইল সোণ চুৰি কাণ্ডৰ চাৰি অভিযুক্তক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰাতো সহায় কৰিছিল ।
প্ৰতিকূল বতৰ, প্ৰত্যাহ্বানেৰে ভৰা নদীপৰীয়া অঞ্চল আৰু জটিল অভিযান সকলোতে লিয়নে তাৰ অসাধাৰণ দক্ষতা, তীক্ষ্ণ প্ৰবৃত্তি আৰু অবিচল আনুগত্য প্ৰদৰ্শন কৰিছিল । কাজিৰঙাত বিপন্নপ্ৰায় এটা খৰ্গযুক্ত গঁড় আৰু অন্যান্য বন্যপ্ৰাণীৰ সুৰক্ষা আৰু চোৰাং চিকাৰ বিৰোধী অভিযানক লিয়নৰ অৱদানে অধিক শক্তিশালী কৰিছিল ।

লিয়নক অৱসৰ প্ৰদান
বন্যপ্ৰাণী সংৰক্ষণৰ অভিযানত সন্মুখৰ পৰা নেতৃত্ব দি এই সুদীৰ্ঘকাল সাহস, নিষ্ঠা আৰু অবিচলভাৱে আগবঢ়োৱা সেৱাৰ বাবে আৰণ্যকৰ কে-9 স্নিফাৰ ডগ স্কোৱাড, অসমৰ বন বিভাগ আৰু অসম আৰক্ষীয়ে লিয়নৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
আৰণ্যক আৰু লিয়নৰ সৈতে সুদীৰ্ঘ কাল কাম কৰা লোকসকলৰ বাবে লিয়নৰ অৱসৰ বন্যপ্ৰাণীৰ সুৰক্ষা সেৱাৰ এক অসাধাৰণ অধ্যায়ৰ সামৰণি । আৰণ্যকে লিয়নৰ সুস্বাস্থ্য আৰু শান্তিপূৰ্ণ অৱসৰ জীৱন কামনা কৰিছে আৰু তাক জীৱনৰ বাকী কালছোৱা এতিয়াৰ দৰেই সঠিক যত্নৰ মাজত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছে ।

বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু আইন বলবৎকৰণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে "নাবো ইণ্টাৰনেশ্যনেল"এ ২০১৭ চনৰ পৰা কে-9 লিয়নৰ ভৰণ-পোষণৰ দায়িত্ব বহন কৰি আহিছে ।
লিয়নে আৰু কোনো টহল অভিযানৰ নেতৃত্ব দিবলৈ ওলাই নাযাব পাৰে, কিন্তু সি অনুসৰণ কৰা পথবোৰ, তাৰ সহযোগত সমাধা কৰা গোচৰবোৰ আৰু সংৰক্ষণ কৰা বন্যপ্ৰাণীবোৰ কাজিৰঙা আৰু অসমৰ সংৰক্ষণ ক্ষেত্ৰখনত এক চিৰস্থায়ী ঐতিহ্যৰ চানেকি হৈ থাকি যাব ।
লগতে পঢ়ক: আঘাতপ্ৰাপ্ত ধনেশক নতুন জীৱন দি প্ৰকৃতি সংৰক্ষণৰ অনন্য নিদৰ্শন ভৰত বৰাৰ

