কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৩৫ টা বিপদাপন্ন প্ৰজাতিৰ শগুণ মুকলিৰ যো-জা
ক্ষীণকায় আৰু বগা ঠেংযুক্ত শগুণ দুয়োটাকে আই ইউ চি এনৰ ৰঙা তালিকাত সংকটজনকভাৱে বিপন্ন বুলি শ্ৰেণীভুক্ত কৰা হৈছে ।

By ANI
Published : December 9, 2025 at 5:21 PM IST
কাজিৰঙা: ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ বিধিগত সংস্থা কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰা ৩০টা বগা ৰামপেড শগুণ(Gyps bengalensis) আৰু ৫টা শ্লেণ্ডাৰ-বিল্ড শগুণ(Gyps tenuirostris) বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজনলৈ স্থানান্তৰিত কৰাৰ বাবে জনাইছে অনুমোদন ।
ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত বিষয়টোক লৈ দিয়ে এক পোষ্ট ৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ভি চি বি চি ৰাণীৰ পৰা ৩০টা বগা ৰামপেড আৰু ৫টা শ্লেণ্ডাৰ-বিল্ড প্ৰজাতিৰ শগুণ কাজিৰঙাৰ ষষ্ঠ সংযোজনত মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰি সুখী । আমাৰ নিষ্ঠাবান সংৰক্ষণ প্ৰচেষ্টাৰ বিজয়ৰ চিনস্বৰূপ ৰামায়ণৰ জটায়ুৰ দৰে আমাৰ স্বাস্থ্যৰ এই ৰক্ষকসকলেও অৰণ্যলৈ উভতি আহিছে ।’’
ক্ষীণকায় আৰু বগা ঠেংযুক্ত শগুণ দুয়োটাকে আই ইউ চি এনৰ ৰঙা তালিকাত সংকটজনকভাৱে বিপন্ন বুলি শ্ৰেণীভুক্ত কৰা হৈছে । ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ ৰ অনুসূচী(এক) ৰ অধীনত ইহঁতক সুৰক্ষা প্ৰদান কৰা হৈছে, যিয়ে চৰম পৰ্যায়ৰ আইনী সুৰক্ষা প্ৰদান কৰে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষে কয়, ‘‘বিশেষকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপত প্রজননৰ সংখ্যা বেছি, যাৰ বাবে ভাৰতৰ ভিতৰত অসম হৈ পৰিছে ক্ষীণকায় ঠেংযুক্ত শগুণৰ প্রধান দুৰ্গস্বৰূপ ৷ কিন্তু কীটনাশক দ্ৰব্য মিহলোৱা খাদ্য গ্ৰহণৰ ফলত হোৱা পশুধনৰ মৃত্যু অথবা এনে মৃতদেহৰ পৰা হোৱা বিষক্ৰিয়াই শগুণলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে ইহঁতৰ সংখ্যা হ্ৰাস হ’ব পাৰে । সমগ্ৰ দেশতে বগা ৰামপেডযুক্ত শগুণৰ উপস্থিতি দেখা যায় ৷ বগা ঠেংযুক্ত শগুণ সমগ্ৰ ৰাজ্যতে পোৱা যায়, কিন্তু ইয়াৰ সংখ্যাও একেদৰেই হ্ৰাস পাইছে ৷ ইয়াৰ বাবে কামৰূপৰ ৰাণীৰ শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ দৰে একাংশ স্থানত সক্ৰিয় সংৰক্ষণৰ প্ৰয়োজন, য’ত বৃহৎ সংখ্যক শগুণক আবদ্ধ কৰি ৰখা হয় ।’’
ভাৰতত শগুণৰ সাংস্কৃতিক ভূমিকা মিশ্ৰিত, যিবোৰক প্ৰায়ে গ্ৰাম্য সম্প্ৰদায়ৰ পৰিৱেশৰ ভাৰসাম্য আৰু বিশুদ্ধতাৰ প্ৰতীক বুলি গণ্য কৰা হয় ৷ য’ত নদীৰ পাৰৰ শ্মশানৰ ওচৰত ইহঁতৰ উপস্থিতি পৰম্পৰাগতভাৱে মৃত্যু আৰু ক্ষয়ৰ প্ৰাকৃতিক চক্ৰৰ প্ৰতীক বুলি গণ্য কৰা হয় । হিন্দু ধৰ্মৰ মহাকাব্য ৰামায়ণৰ বীৰ জটায়ু আৰু সম্পাতীৰ দৰে শগুণৰ প্ৰতি হিন্দুসকলৰ যি শ্ৰদ্ধা আছে, সেই শ্ৰদ্ধাতো তেওঁলোকৰ শক্তি আৰু সবল দৃষ্টিশক্তিৰ প্ৰতিফলন ঘটে ।
‘‘ভাৰতত বগা ৰামপেড, ক্ষীণকায় ঠেংযুক্ত আৰু ভাৰতীয় শগুণৰ দৰে প্ৰজাতিকে ধৰি শগুণৰ সংখ্যা ২০ শতিকাৰ শেষৰ ফালে লাখ লাখ আছিল যদিও ১৯৯০ চনৰ মাজভাগৰ পৰা ২০০০ চনৰ আৰম্ভণিতে কিছুমান প্ৰজাতিৰ সংখ্যা ৯৭% তকৈ অধিক পৰিমাণে হ্ৰাস পাইছিল । ২০০৭ চনৰ ভিতৰত বগা ৰামপেড শগুণৰ সংখ্যা প্ৰায় ১১,০০০ লৈ হ্ৰাস পাইছিল’’ বুলি ঘোষে কয় ৷
তেওঁ লগতে কয় যে জীৱ-জন্তুৰ বিষ নিৰাময়ক হিচাপে ব্যৱহাৰ কৰা ঔষধ ডাইক্ল’ফেনাকৰ ফলত মৃত্যু ঘটা পশুধনৰ মৃতদেহ ভক্ষণ কৰাৰ পিছত শগুণৰ বৃক্ক বিকল হৈ পৰে ৷ এই পতনৰ সূচনা কৰিবলৈ মাত্ৰ ০.৮–১% দূষিত মৃতদেহেই শগুণৰ বাবে যথেষ্ট ৷ ১৯৯০ চনৰ পৰা ভাৰত, পাকিস্তান আৰু নেপালত ইয়াৰ ব্যাপক ব্যৱহাৰৰ ফলত শগুণৰ শৰীৰত বিষক্ৰিয়া ঘটি মৃত্যুৰ হাৰ অধিক হোৱা দেখা গৈছে ৷ উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক ষষ্ঠাংশ অঞ্চল বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ দ্বাৰা পৰিচালিত ৷
‘‘চোৰাং চিকাৰ প্ৰতিহত ব্যৱস্থা আৰু শগুণৰ অনুকূল পশু চিকিৎসা পদ্ধতিয়ে ইয়াৰ বিচৰণৰ বাবে উপযুক্ততা অধিক পৰিমাণে বৃদ্ধি কৰে ৷ প্ৰাকৃতিক খাদ্যৰ সন্ধানৰ লগতে বাঁহ সজাৰ আচৰণকো উৎসাহিত কৰে’’ বুলি উদ্যানখনৰ সঞ্চালিকাই জানিবলৈ দিয়ে ৷
বি এন এইচ এছ ২০১৯ ৰ কাৰিকৰী তত্বাৱধানত কাজিৰঙা উদ্যান কৰ্তৃপক্ষই তিৱাৰীপাল বনাঞ্চল শিবিৰৰ সমীপত এক পক্ষী মুক্তি শিবিৰ নিৰ্মাণ কৰিছে, য’ৰ পৰা আগন্তুক মাহত বৈজ্ঞানিক নীতি-নিৰ্দেশনা অনুসৰি শগুণবোৰক এৰি দিয়া হ’ব ৷
সমান্তৰালকৈ স্থানীয় লোকসকল, বিভিন্ন শিক্ষানুষ্ঠান আৰু পশু চিকিৎসকৰ সৈতে ‘‘শগুণ-ইয়াৰ জৈৱিক গুৰুত্ব আৰু ভাবুকি’’ শীৰ্ষক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । তেওঁ কয়, ‘‘এন এছ এ আই ডি (ডাইক্ল’ফেনাক, এচিক্ল’ফেনাক, নিমছুলাইড ইত্যাদি) আৰু কীটনাশক বিষক্ৰিয়াৰ দৰে বৰ্তমানৰ ভাবুকিৰ মাজত উত্তৰ-পূব ভাৰতত শগুণৰ জনসংখ্যা পুনৰুদ্ধাৰ কৰাত এই কাৰ্যসূচীয়ে সহায় কৰে ।
তেওঁ পুনৰ কয় যে এই কাৰ্যসূচীয়ে বিপদাপন্ন শগুণবোৰৰ প্ৰজাতি ৰক্ষা কৰাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । অসম বন বিভাগ আৰু বি এন এইচ এছৰ অধীনস্থ ৰাণীস্থিত শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰই দক্ষিণ এছিয়াত হ্ৰাস পোৱা শগুনৰ জনসংখ্যাৰ বৃদ্ধি, প্ৰজনন আৰু সংৰক্ষণৰ নেতৃত্ব প্ৰদান কৰে ৷
বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিয়ে(বি এন এইচ এছ) বন্দী অৱস্থাত প্ৰজনন কৰোৱা ক্ষীণকায় ঠেংযুক্ত আৰু বগা ৰামপেড শগুণ প্ৰথমতে ২০২৬ চনৰ জানুৱাৰী মাহত ছটা অসমৰ কামৰূপ আৰু বিশ্বনাথ জিলাত মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ ১৫ বছৰতকৈও অধিক সময় ধৰি দেশজুৰি ৮০০ৰো অধিক শগুণ প্ৰজনন কৰোৱাৰ পিছত সংস্থাটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে । অসম বন বিভাগ আৰু আৰ এছ পি বিৰ সহযোগত চলোৱা এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে শগুণৰ সংখ্যা বৃদ্ধি কৰা, ডাইক্ল’ফেনাকৰ বাবে হোৱা শগুণৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ যুঁজ দিয়া ইত্যাদি ৷
এই পদক্ষেপে শগুণৰ জনসংখ্যা বৃদ্ধি কৰাৰ লগতে উত্তৰ-পূব অঞ্চলত সংৰক্ষণ, প্ৰজননৰ লগতে ইয়াৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ দায়বদ্ধতাক শক্তিশালী কৰে ।
লগতে পঢ়ক: চৰাইচোং উৎসৱ: এছিয়াৰ ভিতৰতে প্ৰথম ৰাজকীয় পক্ষী অভয়াৰণ্যক পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস

