ETV Bharat / state

আহিনে কাতিয়ে ৰাখিবা পানী, যেনেকৈ ৰাখে ৰজাই ৰাণী... কাতি বিহুৰ সন্ধিয়া চাকি-বন্তি জ্বলাই ঈশ্বৰক প্ৰাৰ্থনা

ৰাজ্যৰ চহা অসমীয়াই উদযাপন কৰিলে বাপতিসাহোন কাতি বিহু ।

KATI BIHU CELEBRATIONS IN KALIABOR
পথাৰত তুলসী ৰুই জ্বলালে চাকি বন্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 18, 2025 at 8:35 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ: অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে সুকীয়া মৰ্যাদা প্ৰদান কৰিছে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড়ভাৱে জড়িত হৈ আছে । ডাকৰ বচনেও কয় 'আহিনে কাতিয়ে ৰাখিবা পানী । যেনেকৈ ৰাখে ৰজাই ৰাণী ।' সেয়ে আহিন-কাতি মহা দুটা কৃষকৰ ভৱিষ্যতৰ বাবে বিশেষ সময় ।

কৃষি বিভাগ আৰু অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদ, কলিয়াবৰ বিধানসভা সমষ্টিৰ ব্যৱস্থাপনত আখিৰঙা-কেনকেনীয়া সংযোগী পথাৰত আজি উদযাপন কৰা হয় কাতি বিহু ।

কলিয়াবৰত কাতি বিহু উদযাপন (ETV Bharat Assam)

পথাৰত তুলসী ৰুই চাকি জ্বলাই গোপিনীসকলে হৰিনাম পৰিৱেশন কৰে । কাতি বিহুৰ অনুষ্ঠানতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আকাশ বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত ।

KATI BIHU CELEBRATIONS IN KALIABOR
আখিৰঙা-কেনকেনীয়া সংযোগী পথাৰত কাতি বিহু উদযাপন (ETV Bharat Assam)

আনহাতে, কলিয়াবৰত কাতি বিহু উপলক্ষে ধাননিৰ বকীয়াত বোৱাৰী-জীয়ৰী, যুৱক-যুৱতীৰে ৰবাব টেঙাৰ সোৱাদ লয় মন্ত্ৰী কেশৱ মহন্তই । কাতি বিহুত কলিয়াবৰত পথাৰৰ লখিমী আদৰাৰ নিয়মৰ লগতে পথাৰত ৰবাব টেঙা খোৱাৰ পৰম্পৰা চলি আহিছে । শিশুসকলে তুলসীৰ তলত গাঁৱৰ ঘৰে-ঘৰে নাম-কীৰ্তন পৰিৱেশন কৰে ।

KATI BIHU CELEBRATIONS IN KALIABOR
পথাৰত তুলসী ৰুই জ্বলালে আকাশবন্তি (ETV Bharat Assam)

এই সময়তে পথাৰৰ শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি আদিৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে যাতে লহপহকৈ বাঢ়ি অহা ধাননি পথাৰখন বিনষ্ট কৰিব নোৱাৰে, তাৰ বাবে কাতি বিহুত পথাৰত চাকি জ্বলাই কৃষকে প্ৰাৰ্থনা কৰে ।

KATI BIHU CELEBRATIONS IN KALIABOR
পথাৰত তুলসী ৰুই জ্বলালে চাকি বন্তি (ETV Bharat Assam)

কিয়নো সেই সময়ত ধাননি পথাৰত থোক মেলিবলৈ আৰম্ভ কৰে । সেয়েহে, কীট-পতংগ বা অন্যান্য প্ৰাকৃতিক বিপৰ্যয়ৰ পৰা ভগৱান তথা লক্ষ্মীয়ে যাতে পথাৰখন ৰক্ষা কৰি ঘৰত উদং হ'বলৈ ধৰা ভঁৰাল পুনৰ শস্যৰে ভৰাই তোলে, তাৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ।

মন্ত্ৰী কেশৱ মহন্তই কয়, "আমাৰ কৃষক সমাজৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন । আমি কাতি বিহুৰ দিনা সকলোৱে পথাৰলৈ আহি চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰক প্ৰাৰ্থনা জনাও যাতে আহিবলগা দিনত আমাৰ পথাৰৰ পৰা গৈ ভঁৰাল পূৰ্ণ হয় ।"

লগতে পঢ়ক:জুবিনবিহীন প্ৰথমটো কাতি বিহু; প্ৰিয় শিল্পীগৰাকীৰ বাবেও জ্বলাইছে বন্তি

৩৭২ বছৰীয়া পৰম্পৰাৰে কাতি বিহুত আকাশবন্তি প্ৰজ্বলন