ETV Bharat / state

কাৰ্বিসকলৰ ধৰ্মীয়-সাংস্কৃতিক প্ৰাণস্পন্দন দেহাল কাৰ্চিদম'

দেহাল পূজা উপলক্ষে উদুলি-মুদুলি ডিমৰীয়াৰ হহঁৰা ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
পৰম্পৰাগতভাৱে ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 17, 2026 at 10:23 AM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ : দেহাল পূজা উপলক্ষে উদুলি-মুদুলি ডিমৰীয়াৰ হঁহৰা । কামৰূপী তথা ডুমুৰালী কাৰ্বিসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰাণস্পন্দন দেহাল কাৰ্চিদম' বা চমুকৈ 'দেহাল পূজা' হ'ল কামৰূপী আৰু ডুমুৰালী কাৰ্বিসকলৰ প্ৰধান বাৰ্ষিক ধৰ্মীয় উৎসৱ । প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰে এই উৎসৱ উদযাপন কৰা হয় । ই কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, বৰঞ্চ কাৰ্বি সমাজৰ ঐক্য, ঐতিহ্য আৰু লোক-সংস্কৃতিৰ এক জীৱন্ত প্ৰতিচ্ছবি ।

সময় আৰু বিধি-ব্যৱস্থা :

দেহাল পূজাৰ বাবে মূলতঃ তিনিদিন সময়ৰ আৱশ্যক । ফাগুনৰ প্ৰথম সোমবাৰ বা মাঘৰ অন্তিম সোমবাৰে আনুষ্ঠানিকভাৱে পূজাৰ কাম আৰম্ভ হয় । এই দিনটোত ইষ্ট দেৱতাৰ লগতে অন্যান্য দেৱ-দেৱীক পিছদিনাৰ মূল পূজালৈ আমন্ত্ৰণ জনোৱা হয় । ইয়াক 'যগান কিথন'বুলি কোৱা হয় । মঙলবাৰ এই দিনটোতেই মূল পূজাভাগ সম্পন্ন কৰা হয় আৰু বুধবাৰে দেৱ-দেৱীসকলক বিদায় জনোৱাৰ জৰিয়তে উৎসৱৰ সামৰণি পৰিব ।

দেহাল পূজা উপলক্ষে উদুলি-মুদুলি ডিমৰীয়াৰ হহঁৰা (ETV Bharat Assam)

আৰাধ্য দেৱ-দেৱীৰ ধাৰণা :

কাৰ্বি সমাজত দেহাল পূজাৰ দেৱ-দেৱীসকলৰ এক সুকীয়া আধ্যাত্মিক তাৎপৰ্য আছে । তাম'লঙঃ তেওঁ হৈছে দেবাদিদেৱ শিৱ যি সৃষ্টি, পালন আৰু নাশৰ গৰাকী । ঝিলিমী (পাৰ্বতী): তাম'লঙৰ ভাৰ্যা, যি শক্তি, জ্ঞান আৰু শিক্ষাৰ প্ৰতীক ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা (ETV Bharat Assam)

বলিয়া (গণেশ): বিঘিনী নাশক আৰু প্ৰাণীৰ কল্যাণ সাধক দেৱতা । কাদিম প্লাক: মূল দেৱ-দেৱীৰ 'দেহ ৰক্ষক' । বহুতে এওঁক গৰখীয়াৰ ৰক্ষক কৃষ্ণ বা গোপাল বুলিও বিশ্বাস কৰে ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
পৰম্পৰাগতভাৱে ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা উদযাপন (ETV Bharat Assam)

পূজাৰ মূল উদ্দেশ্য :

এই সন্দৰ্ভত এগৰাকী উদ্য়োক্তাই কয়, "এই পূজাৰ মূল লক্ষ্য হ'ল সৰ্বমংগল কামনা । পূজাৰ মন্ত্ৰ আৰু শ্লোকসমূহ বিশ্লেষণ কৰিলে কেইটামান দিশ স্পষ্ট হৈ পৰে । মানুহৰ লগতে পোহনীয়া জীৱ-জন্তুৰ নিৰাপত্তা নিশ্চিত কৰা, প্ৰাকৃতিক দুৰ্যোগৰ পৰা পৰিত্ৰাণ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত আৰু ভূমিকম্প আদিৰ পৰা ৰক্ষা পোৱাৰ প্ৰাৰ্থনা, উৎপাদিত শস্য যাতে পোক-পৰুৱা বা মহামাৰীৰ দ্বাৰা নষ্ট নহয় তাৰ বাবে ইষ্ট দেৱতাৰ ওচৰত আশীষ নিৰ্মালি বিচৰা ।’’

Karbi Dehal Karchidam Festival celebrated in Dimaria
পৰম্পৰাগতভাৱে ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা উদযাপন (ETV Bharat Assam)

আধ্যাত্মিক তত্ত্ব আৰু সামাজিক সংযোগ :

উদ্য়োক্তাগৰাকীয়ে পুনৰ কয় যে কাৰ্বিসকলৰ মতে 'হেমফু' বা শিৱই হৈছে বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী । দেহাল পূজা হ'ল শক্তি আহৰণৰ এক মাধ্যম । পূজাৰ মন্ত্ৰত উল্লেখ থকাৰ দৰে, এই পূজা কেৱল এজন ব্যক্তিৰ নহয় ই হ'ল গোটেই গাঁৱৰ ৰাইজ, ভাই-ককাই, আনকি সমাজৰ অৱহেলিত বিধবা বা মাউৰা সকলকো সামৰি লৈ কৰা এক সামূহিক অনুষ্ঠান । সকলোৰে দান-বৰঙণি আৰু সহযোগিতাৰ জৰিয়তেহে এই আধ্যাত্মিক কৰ্ম সম্পূৰ্ণ হয় ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
পৰম্পৰাগতভাৱে ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা উদযাপন (ETV Bharat Assam)

৩৪ সংখ্যক কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰ্দম :

কেন্দ্ৰীয় কাৰ্বি বাংঠে আছেমৰ উদ্যোগত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ দেহাল কাচিৰ্দম উৎসৱ অনুষ্ঠিত হৈছে । জনগোষ্ঠীটোৰ অগণন লোকৰ অংশগ্ৰহণৰে উদুলি-মুদুলি ডিমৰীয়াৰ হহঁৰা । তিনিদিনীয়াকৈ ডিমৰীয়াৰ হহঁৰাৰ দেহালথানৰ বাকৰিত অনুষ্ঠিত হৈছে ৩৪ সংখ্যক কেন্দ্রীয় কাৰ্বি দেহাল কাচিৰ্দম উৎসৱ ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
ডিমৰীয়াৰ হহঁৰাত দেহাল পূজাৰ আকৰ্ষণীয় দৃশ্য় (ETV Bharat Assam)

ভৈয়ামত বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম মঙলবাৰৰ দিনটোত গাঁৱৰ সমাজে একত্ৰিত হৈ অপায়-অমংগল আঁতৰাই সুখ-শান্তি কামনা কৰি চিৰ আৰধ্য দেৱতা দেহাল আৰ্নামৰ ওচৰত অতীজৰে পৰা পৰম্পৰাগত মাংগলিক নীতি-নিয়মৰে পূজা ভাগ আগবঢ়াই আহিছে । এই পূজা ভাগকে ৰাজহুৱাভাবে সম্পন্ন কৰাৰ উদেশ্যৰে অনুষ্ঠিত এই আধ্যাত্মিক উৎসৱটোৰ আৰম্ভনিৰ দিনটোত পুৱা বিৰকিলুত পৰ্বৰ আঁতধৰে নিজ হহঁৰাৰ আছন কাঠাৰ গণেশ কাথাৰে । তেওঁক সহযোগ কৰে বৰুৱা ৰংহাং, বিন্দেশ্বৰ কাথাৰে ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
পৰম্পৰাগতভাৱে ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা উদযাপন (ETV Bharat Assam)

ইয়াৰ পিছতে মূল পতাকা উত্তোলন (লামা কাংথুৰ) উত্তোলন কৰে কাৰ্বি বাংঠে আছেমৰ কেন্দ্ৰীয় সভাপতি লেলিন বৰুৱা ৰংহাঙে । ছাৰ কিদুং(স্মৃতি তৰ্পণ) কৰে অকন ৰংছনে আৰু সহযোগ কৰে হৰেন কেলেঙে । ইয়াৰ পিছত ক্ৰমান্বয়ে মুখ্যদ্বাৰ উদ্বোধন, মূলমঞ্চ উদ্বোধন আতাম-পাতাম, দেহাল কিকান, লুন ফাৰৱ প্ৰতিযোগিতা, গছপুলি ৰোপণ, দেহাল থানৰ মুখ্যদ্বাৰ মুকলি, স্বেচ্ছাসেৱক শিবিৰ, প্ৰদৰ্শনী, খাদ্য, প্ৰতিনিধি শিবিৰ উদ্বোধন কৰাৰ লগতে স্মৃতিগ্ৰন্থ 'হেমফু' উন্মোচন কৰে হহঁৰা পঞ্চায়তৰ সভানেত্ৰী সব্যা ডেকাই ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
ডিমৰীয়াৰ হহঁৰাত দেহাল পূজা (ETV Bharat Assam)

এই উন্মোচন অনুষ্ঠানটোত সভাপতিত্ব কৰে বাংঠে আছেমৰ কেন্দ্ৰীয় সভাপতি লেলিন বৰুৱা ৰংহাঙে । অনুষ্ঠানটোত লেখক ৰাজেন্দ্ৰ তুমুঙকে মুখ্য কৰি বিশিষ্ঠ ব্যক্তিসকল উপস্থিত থাকে । এই অনুষ্ঠানটোতে কেলেণ্ডাৰ 'কাৰ্বি ক্লনিফাই ১১৬' খনো উন্মোচন কৰা হয় । বিয়লি প্ৰতিনিধি শিবিৰ মুকলি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয় । ইয়াৰ পিছতে গোঁসাই আদৰণি পৰ্ব(যোগান কিথান) সম্পন্ন হয় ।

Karbi Dehal Karchidam Festival celebrated in Dimaria
ডিমৰীয়াৰ হহঁৰাত দেহাল পূজাৰ আকৰ্ষণীয় ঘৰ (ETV Bharat Assam)

লগতে পঢ়ক:উদুলি-মুদুলি অসম ডনবস্কো বিশ্ববিদ্যালয় : আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত বাৰেৰহণীয়া সংস্কৃতিৰ সমাহাৰ

ফাগুনৰ প্ৰথমটো বুধবাৰে কিয় পালন কৰা হয় আলি আঃয়ে লৃগাং ?