ETV Bharat / state

বাৰিষাৰ লগে লগে গুৱাহাটীত ভূমিস্খলনৰ আশংকা : কঠোৰ জিলা প্ৰশাসন, জাৰি নিষেধাজ্ঞা, শংকিত পাহাৰবাসী

অনাকাংশিত বিপদৰ পৰা হাত সাৰিবলৈ বাৰিষা কাল শেষ নোহোৱা পৰ্যন্ত মহানগৰীত পাহাৰৰ মাটি কটা বন্ধ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে।

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 3:40 PM IST

6 Min Read
Choose ETV Bharat

গুৱাহাটী : বাৰিষাৰ লগে লগে কৃত্রিম বানৰ উপৰি ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । অৱশ্যে এই নিষেধাজ্ঞা নতুন নহয় । বাৰিষাৰ সময়ত এনে নিষেধাজ্ঞা আৰোপ কৰাটো এটা নিয়মত পৰিণত হৈছে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা জাননী অনুসৰি এতিয়াৰে পৰা বাৰিষা কাল শেষ নোহোৱা পৰ্যন্ত কোনেও মহানগৰীত কাটিব নোৱাৰিব পাহাৰৰ মাটি । পাহাৰীয়া অঞ্চল আৰু জলাশয়ৰ মাটি কটাত নিষেধাজ্ঞা আৰোপ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ।

দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে । অহা ৩১ অক্টোবৰলৈকে বাহাল থাকিব এই নির্দেশনা । গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ লগতে ৰাজহ চক্ৰ বিষয়া, মহানগৰ আৰক্ষী, বন বিভাগ, লোক নিৰ্মাণ বিভাগ, পৰিবহণ বিভাগ, মাটি সংৰক্ষণ বিভাগকে ধৰি সংশ্লিষ্ট সকলো কৰ্তৃপক্ষকে এই সময়ছোৱাত পাহাৰ-জলাশয়ৰ মাটি কটা কার্যত অনুমতি নিদিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ স্বপ্নীল পালে ।

আনকি পাহাৰীয়া অঞ্চলত নির্মাণকার্য চলাবলৈ পূৰ্বতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ তৰফৰ পৰা অনুমতি লৈ থৈছিল, সেই অনুমতিও অহা ৩১ অক্টোবৰলৈকে বাতিল হ'ব । আনহাতে এই সময়ছোৱাত মাটি দ’মাই থোৱাতো বাধা আৰোপ কৰা হৈছে ।

Kamrup Metropolitan District Administration
গুৱাহাটীৰ পাহাৰীয়া ঠাই (ETV Bharat)

বাৰিষাৰ এই সময়ত সৃষ্টি হ'ব পৰা ভয়াৱহ কৃত্রিম বান পৰিস্থিতি আৰু ভূমিস্খলনৰ ঘটনা ৰোধ কৰাৰ বাবে জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই নিৰ্দেশনা জাৰি কৰিছে । ইতিমধ্যে পহিলা মে'ৰ পৰা এই নিৰ্দেশনা প্ৰযোজ্য হৈছে। নিৰ্দেশনাত জিলা আয়ুক্ত স্বপ্নীল পালে কয়, "পাহাৰীয়া অঞ্চলত অবৈজ্ঞানিকভাৱে মাটি কটা আৰু মাটি ভৰ্তি কাৰ্য চলি থকাৰ বাবে বৰষুণ দিলেই কৃত্রিম বানে জটিল ৰূপ লোৱা দেখা গৈছে। দ’মাই থোৱা মাটি পানীৰ লগত মিহলি হৈ আহি নলাবোৰ আবদ্ধ কৰে । বৰষুণ দিলে নলাৰে পানী বৈ যোৱাত অসুবিধা হয় । যাৰ পৰিণতিত বহু সময়লৈকে বিভিন্ন অঞ্চল জলমগ্ন হৈ থাকে ।’’

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন হ’ব পৰা অঞ্চল (ETV Bharat)

তেওঁ আৰু কয়, ‘‘জধে-মধে মাটি কটা আৰু মাটি দ'মাই ৰখাৰ ফলত কৃত্রিম বান, ভূমিস্খলন আদিৰ প্ৰকোপ বৃদ্ধি পাইছে । গুৱাহাটীৰ কৃত্রিম বান আৰু ভূমিস্খলনৰ গুৰুতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাৰিষাকাল শেষ নোহোৱালৈকে কোনোধৰণৰ পাহাৰৰ মাটি কটা কার্যত অনুমতি দিয়া নহ'ব ।" পাহাৰীয়া অঞ্চলৰ লগতে জলাশয়ত মাটি কাটিবলৈ পূৰ্বতে দিয়া সকলো অনুমতি তাৎক্ষণিকভাৱে বাতিল কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নির্দেশ দিছে ।

উল্লেখ্য যে, বাৰিষা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বিশেষভাৱে চৰ্চালৈ অহা এটা প্ৰসংগ হৈছে ভূমিস্খলন । সৰু-বৰ ১৭ খন পাহাৰেৰে আবৃত্ত গুৱাহাটী মহানগৰীত বাৰিষা ভূমিস্খলনৰ আশংকাই নিন্দ্ৰা হৰণ কৰে ইয়াৰ বাসিন্দাক । নেৰানেপেৰা বৰষুণে একপ্ৰকাৰে বিপদ মাতে মহানগৰবাসীলৈ ।

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন ৰোধৰ উপায় (ETV Bharat)

গুৱাহাটীত সমতল নাইবা পাহাৰ সকলোতে সমস্যা । এফালে কৃত্রিম বানৰ সমস্যা আৰু আনফালে ভূমিস্খলনৰ আতংক । ভূমিস্খলনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ জিলা প্রশাসনে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা । অৱশ্যে অঘটন এটা সংঘটিত হ'লেহে জিলা প্ৰশাসনকে ধৰি আন সংশ্লিষ্ট বিভাগৰ তৎপৰতা পৰিলক্ষিত হয় । কাৰণ প্ৰত্যেক বছৰে বাৰিষা প্ৰশাসনৰ ফালৰ পৰা এনেদৰে নিৰ্দেশনা তথা নিষেধাজ্ঞা দিয়াটো পূৰ্বতে উল্লেখ কৰাৰ দৰে নিয়মত পৰিণত হৈছে ।

লক্ষণীয় বিষয় যে প্ৰশাসনে খাৰঘূলি, নৱগ্ৰহ, নুনমাটি, কামাখ্যা, চানমাৰি, কাহিলিপাৰা, খানাপাৰা, বোন্দা, চূণচালি, লিচুবাগান, হেঙেৰাবাৰী, নৰকাসুৰ, দুৰ্গা সৰোবৰ, ফটাশিল আদি পাহাৰীয়া অঞ্চলক স্পৰ্শকাতৰ ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিহ্নিত কৰিছে ।

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন (ETV Bharat)

এই সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰণৱজ্যোতি কলিতাই কয়, "কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ পাহাৰীয়া ৩৯২টা এলেকা ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে পূৰ্বতেই চিহ্নিত কৰিছে । কিন্তু প্ৰশাসনে কেৱল মাথো চিহ্নিতহে কৰিছে । এইক্ষেত্রত কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই নাইবা কৰিব পৰা নাই ।’’

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন (ETV Bharat)

তেওঁ আৰু কয়, ‘‘গুৱাহাটীৰ ভূমিস্খলন হ’ব পৰা বিপদজ্জনক পাহাৰীয়া এলেকাসমূহ হৈছে ফটাশিল, ভঙাগড়, গোটানগৰ, হেঙেৰাবাৰী, জালুকবাৰী, লংকেশ্বৰ, কাহিলিপাৰা, কালাপাহাৰ, খাৰঘুলি, কইনাধৰা, মালিগাঁও, চূণচালি, নৱগ্রহ, নৰকাসুৰ, নাৰেংগী, নুনমাটি আদি । ইয়াৰ ভিতৰত চূণচালিৰ সৰ্বাধিক ৭৭টাকৈ স্থান, খাৰঘূলিৰ ৩৭ টা স্থান, শৰণীয়াৰ ৫টা স্থান, শান্তিপুৰৰ ২০টা স্থান বিপদজনক ।’’

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন সন্দৰ্ভত প্ৰশাসনৰ জাননী (Kamrup Metropolitan District Administration office)

তেওঁ লগতে কয়, ‘‘নাৰেংগীৰ ৩১ টা স্থান, নুনমাটিৰ ৪০ টা স্থান, নৰকাসুৰৰ ১৪ টা স্থান, নৱগ্ৰহৰ ৬ টা স্থান, মালিগাঁৱৰ ৮ টা স্থান, কইনাধৰাৰ ৫ টা স্থান, খানাপাৰাৰ ৩৩ টা স্থান, কামাখ্যাৰ ৫ টা স্থান, কালাপাহাৰৰ ৭ টা স্থান, কাহিলীপাৰাৰ ২৫ টা স্থান, জালুকবাৰীৰ ২টা স্থান, হেঙেৰাবাৰীৰ ৩০ টা স্থান, গোটানগৰৰ ৬ টা স্থান, গড়ভঙাৰ ৯ টা স্থান, ফটাশিলৰ ৫ টা পাহাৰীয়া এলেকা স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ।"

Kamrup Metropolitan District Administration
ভূমিস্খলনৰ ভয়াৱহতা (ETV Bharat)

কলিতাই কয়, "জীৱন-জীৱিকাৰ তাগিদাত গুৱাহাটীৰ অতি বিপদ সংকুল পাহাৰীয়া এলেকাসমূহত বসবাস কৰা লোকসকল যথেষ্ট দৰিদ্ৰ । বিকল্প কোনো ব্যৱস্থা নথকা বাবে বিপদৰ মাজতো তেওঁলোকে সেই ঠাই এৰি যাব নিবিচাৰে । এক কথাত ক'বলৈ গ'লে বিপদজনক পৰিস্থিতিত বসবাস কৰা এই লোকসকলৰ ভৱিষ্যতক লৈ কোনো এটা চৰকাৰী বিভাগেই দায়িত্বশীল নহয় । যাৰ বাবে বছৰৰ পাছত বছৰ ধৰি এই সমস্যাৰ কোনো সমাধান হোৱা নাই ।’’

Kamrup Metropolitan District Administration
গুৱাহাটীৰ ভূমিস্খলন (ETV Bharat)

তেওঁ আৰু কয়, ‘‘জিলা প্ৰশাসনে ভূমিস্খলন প্ৰৱণ এলেকা চিনাক্ত কৰিয়ে নিজৰ দায়িত্ব সামৰিছে । এই অঞ্চলসমূহক সুৰক্ষিত কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত এই ভূমিস্খলন প্ৰৱণ অঞ্চলত তথা ইয়াৰ নামনিত বসবাস কৰা লোকসকলে শংকাৰে জীৱন যাপন কৰি আহিছে ।"

লগতে পঢ়ক : নৈপৰীয়াৰ মূলধন নাও: বাৰিষা আহি আছে, দগাচুক গাঁৱৰ ৰাইজ এতিয়া ভীষণ ব্যস্ত