চৰকাৰে দিয়া ক্ষতিপূৰণ নাপায় প্ৰতিবাদত নামিল বানাক্ৰান্ত
২০১৭ আৰু ২০২৪ৰ একাংশ বানাক্ৰান্তই নাপালে চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণ, ক্ষোভিত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

Published : July 8, 2026 at 8:46 PM IST
কলিয়াবৰ: মধ্যভোগী দালালৰ বাবে একাংশ বানাক্ৰান্তই নাপালে নেকি চৰকাৰে প্ৰদান কৰা ক্ষতিপূৰণ ? ২০১৭ আৰু ২০২৪ চনৰ ভয়াবহ বানত ক্ষতিগ্ৰস্ত হৈ হুমুনিয়াহ কাঢ়িবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল কলিয়াবৰ ৰাজহ চক্ৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ লোক ৷ উল্লেখ্য যে, ২০২৪ চনৰ জুলাই মাহত কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ মথাউৰি ছিগাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই বানত ক্ষতিগ্ৰস্ত হৈছিল ২,৭৫২ টা পৰিয়ালৰ ৷
ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ হিচাবে শেহতীয়াকৈ চৰকাৰে মুঠ ১৯.০২ কোটি মুকলি কৰি দিছিল ৷ কিন্তু চৰকাৰে বানাক্ৰান্তলৈ বুলি মুকলি কৰা ধন একাংশ ভুক্তভোগী পৰিয়ালে নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে বুধবাৰে কলিয়াবৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌদত ভুক্তভোগী পৰিয়ালৰ সদস্যই প্ৰতিবাদেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
চৰকাৰী আৰ্থিক ক্ষতিপূৰণৰ পৰা বঞ্চিত এগৰাকী মহিলাই কয়,"২০১৭ আৰু ২০২৪ৰ বানত দুবাৰেকৈ আমাৰ ঘৰত পানী সোমাইছিল । কিন্তু এতিয়ালৈকে এবাৰো ক্ষতিপূৰণ পোৱা নাই । আমাৰ গাঁওবুঢ়াজনে ঘৰৰ কাগজ-পাতি, ফটো উঠাই নিছিল যদিও সেইবোৰ ঘৰতে পেলাই থলে । আমাৰ ঘৰৰ কাষৰ মানুহে সাহায্য পাইছে কিন্তু আমি পোৱা নাই ।"

আন এগৰাকী ভুক্তভোগীয়ে কয়, "বানৰ ক্ষতিপূৰণ দিছে যদিও আমি বঞ্চিত হ'লো । মন্ত্ৰীয়ে ঠিকেই টকা পঠিয়াইছে । কিন্তু তলৰ মানুহে আমাৰ নাম তালিকাত নিদিলে । গতিকে, আজি কাৰ্যালয়লৈ আহি আমি আমাৰ অভিযোগ দাখিল কৰিছো । আমি সেই সাহায্য় পাবই লাগিব ৷"

এগৰাকী মহিলাই কয়,"আমাৰ ঘৰত বান সোমোৱাত দুমাহ আমি বেলেগ ঠাইত থাকিবলগীয়া হৈছিল । এতিয়া গম পাইছো, ঘৰত অলপ পানী সোমোৱা মানুহেও টকা পাইছে, কিন্তু আমি কিয় নাপাম ? গাঁওবুঢ়াৰ বাবে আমি বঞ্চিত হৈছো ৷"
এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই ৰাইজে ৷ উল্লেখযোগ্য যে, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰিয়তে ৩ জুলাইত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি শিতানৰ পৰা পোনপটীয়াভাবে বাচনিভূক্ত তথা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বেংক একাউণ্টলৈ ক্ষতিপূৰণৰ প্ৰেৰণ কৰিছে । কিন্তু একাংশ বানাক্ৰান্ত পৰিয়াল বঞ্চিত হৈছে সেই ক্ষতিপূৰণৰ পৰা, যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ ৷
লগতে পঢ়ক: জোনাইত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলৰ বানপীড়িত অঞ্চল পৰিদৰ্শন

