ETV Bharat / state

বিশ্ব উদ্যমিতা দিৱস : কলিয়াবৰত শিক্ষাৰ্থীক দিছে শিক্ষাৰ লগতে স্বাৱলম্বিতাৰ পাঠ

কলিয়াবৰ মহাবিদ্যালয়ত বিশ্ব উদ্যমিতা সপ্তাহ পালন । শিক্ষাৰ্থীসকলে বিক্ৰী কৰিলে নিজে প্ৰস্তুত কৰা সামগ্ৰী, ঘৰতে উৎপাদিত পাচলি ।

Kaliabor College promotes entrepreneurship and financial self reliant
বিশ্ব উদ্যমিতা দিৱস : কলিয়াবৰত শিক্ষাৰ্থীক দিছে শিক্ষাৰ লগতে স্বাৱলম্বিতাৰ পাঠ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 29, 2026 at 8:43 PM IST

4 Min Read
Choose ETV Bharat

কলিয়াবৰ : শিক্ষা গ্ৰহণ আৰু উপাৰ্জন-ইটোৱে সিটোৰ পৰিপূৰক । শিক্ষাই এজন ব্যক্তিৰ জ্ঞান, দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে নিজৰ যোগ্যতা প্ৰমাণ কৰি উপাৰ্জনৰ পথ মুকলি কৰে । আনহাতে উপাৰ্জনে উন্নত শিক্ষা আৰু দক্ষতা আহৰণৰ সুযোগ সৃষ্টি কৰি এজন ব্যক্তিৰ সামাজিক আৰু আৰ্থিক অৱস্থা শক্তিশালী কৰে । শিক্ষা, দক্ষতা আৰু উপাৰ্জনৰ এই সুন্দৰ সমন্বয় দেখা গৈছে কলিয়াবৰ মহাবিদ্যালয়ত ।

মহাবিদ্যালয়খনে বিশ্ব উদ্যমিতা দিৱস উপলক্ষে সপ্তাহজোৰা এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে । মহাবিদ্যালয়ৰ উদ্যমিতা আৰু বিকাশ কোষ, উদ্ভাৱন কেন্দ্ৰৰ উদ্যোগত পালন কৰা হৈছে বিশ্ব উদ্যমিতা সপ্তাহ । ইয়াৰ লগত সংগতি ৰাখি স্ব-উৎপাদিত সামগ্ৰীৰ বিপণি শীৰ্ষ এক বিশেষ মেলাৰ আয়োজন কৰা হৈছে ।

বিশ্ব উদ্যমিতা দিৱস : কলিয়াবৰত শিক্ষাৰ্থীক স্বাৱলম্বিতাৰ পাঠ (ETV Bharat Assam)

য'ত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ লগতে ওচৰৰে শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু বৰঘূলী জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰিছে । শিক্ষাৰ্থীসকলে নিজ হাতেৰে প্ৰস্তুত কৰা সামগ্ৰী, খাদ্য সামগ্ৰী প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰিছে ।

শিক্ষাৰ্থীৰ এই বিশেষ মেলাত ঘৰত উৎপাদিত শাক-পাচলি, থলুৱা মাছ, খাদ্য সামগ্ৰী, ঘৰত ব্যৱহৃত সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী, প্ৰসাধন আৰু আলংকাৰিক সামগ্ৰীকে ধৰি ভিন্ন স্ব-উৎপাদিত সামগ্ৰী উপলব্ধ হৈছে । এই থলুৱা আৰু ঘৰতে প্ৰস্তুত কৰা বা উৎপাদিত সামগ্ৰীয়ে বিশেষ সমাদৰো লাভ কৰা দেখা গৈছে ।

শিক্ষাৰ্থীসকলে অতি কষ্টৰে আৰু হাতৰ সৃষ্টিশীলতাৰে প্ৰস্তুত কৰা সামগ্ৰীবোৰ আন শিক্ষাৰ্থী বা শিক্ষকসকলে আগ্ৰহেৰে ক্ৰয় কৰিছে । এই মেলাত মুঠ ২৬ খন বিপণি স্থাপন কৰা হৈছে । প্ৰতিখন বিপণিতে শিক্ষাৰ্থীসকলে ব্যক্তিগতভাৱে বা দলীয়ভাৱে প্ৰস্তুত কৰা সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিক্ৰীও কৰিছে ।

Kaliabor College promotes entrepreneurship
উদ্যমিতা সপ্তাহত শিক্ষাৰ্থীসকলে বিক্ৰী কৰিলে ঘৰতে উৎপাদিত পাচলি (ETV Bharat Assam)

ইয়াৰ দ্বাৰা কেৱল সামগ্ৰী বিক্ৰী কৰাই নহয় শিক্ষাৰ্থীসকলে এটা ব্যৱসায় পৰিচালনা কৰা, গ্ৰাহকৰ সৈতে সম্পৰ্ক, মূল্য নিৰ্ধাৰণ আৰু দলীয়ভাৱে কাম কৰাৰ বাস্তৱ অভিজ্ঞতাও লাভ কৰিছে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎসাহিত শিক্ষাৰ্থীসকল ।

এই সন্দৰ্ভত এগৰাকী ছাত্ৰীয়ে কয়, "আমাক এই কামৰ বাবে ছাৰ-বাইদেউসকলে যথেষ্ট উৎসাহিত কৰিছে । ঘৰতে সজা দুই-এটা সামগ্ৰী ইয়াত বিক্ৰী কৰিবলৈ সুবিধা পাইছোঁ । বিক্ৰীও হৈছে সেইবাবে ভালো লাগিছে ।"

আন এগৰাকী শিক্ষাৰ্থীয়ে কয়, "আমাৰ কেইজনীমান বান্ধৱীৰ গোটে মিলি এই সকলোখিনি কৰিছোঁ । মূল্যও বৰ বিশেষ নহয় । বিক্ৰীও উৎসাহজনক ।"

বিশ্ব উদ্যমিতা দিৱস কি ?

উদ্যমিতা হৈছে কোনো নতুন চিন্তা, দক্ষতা আৰু সৃষ্টিশীলতাক ব্যৱহাৰ কোনো ব্যৱসায় বা উদ্যোগ গঢ়ি তোলা । লগতে সমস্যাৰ নতুন সমাধান বিচাৰি উলিওৱা এক প্ৰক্ৰিয়া । উদ্যমিতা মানে কেৱল বৃহৎ উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰা নহয় । ক্ষুদ্ৰ ব্যৱসায়, ঘৰুৱা উদ্যোগ, হস্তশিল্প, খাদ্য প্ৰস্তুত বা উদ্ভাৱনীমূলক কামৰ জৰিয়তে স্বাৱলম্বী কৰি তোলা ।

আচলতে অৰ্থনৈতিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায়ক হোৱা উদ্ভাৱক, ব্যৱসায়ী আৰু স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান গ্ৰহণ কৰা লোকসকলক সন্মান জনাই প্ৰতিবছৰে ২১ আগষ্টত বিশ্ব উদ্যমিতা দিৱস পালন কৰা হয় । এই উপলক্ষে বিভিন্ন দেশত শিক্ষানুষ্ঠান, উদ্যোগ আৰু সংগঠনসমূহৰ সহযোগত আলোচনা চক্ৰ, প্ৰশিক্ষণ, বাণিজ্য মেলা, ষ্টাৰ্টআপ কাৰ্যসূচী আদি অনুষ্ঠানৰ আয়োজন কৰা হয় ।

Kaliabor College promotes entrepreneurship and financial self reliant
উদ্যমিতা সপ্তাহত শিক্ষাৰ্থীসকলে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিলে (ETV Bharat Assam)

তেনে এক লক্ষ্য আগত ৰাখিয়ে কলিয়াবৰ মহাবিদ্যালয়েও প্ৰতিবছৰে উদ্যমিতা দিৱস পালন কৰি আহিছে । এইবাৰ মহাবিদ্যালয়খনে ইয়াৰ লগত সংগতি ৰাখি বিশ্ব উদ্যমিতা সপ্তাহ পালন কৰিছে ।

ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত উদ্যোগী মনোভাৱ গঢ়ি তোলা আৰু তেওঁলোকক নতুন চিন্তা, উদ্ভাৱন, দক্ষতা বিকাশৰ লগতে নিজা উদ্যোগ গঢ়ি তোলাৰ বাবে উৎসাহিত কৰা । শিক্ষাৰ্থীসকলক পুথিগত শিক্ষাৰ বাহিৰলৈ আনি বাস্তৱ বজাৰ ব্যৱস্থা সৈতে চিনাকি কৰাই দিয়াও ইয়াৰ অন্যতম উদ্দেশ্য ।

মহাবিদ্যালয়খনৰ এই কাৰ্যসূচীৰ তত্বাৱধায়ক তথা সহকাৰী অধ্যাপক ড৹ আৰতী বসুমতাৰীয়ে কয়, "বিশ্ব উদ্যমিতা সপ্তাহ উপলক্ষে আমি সপ্তাহজোৰা এক বাণিজ্য মেলাৰ আয়োজন কৰিছো । য'ত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে । এইবাৰ নতুন সংযোগৰ জৰিয়তে স্থানীয় বিদ্যালয়েও ভাগ লৈছে ।

Kaliabor College promotes entrepreneurship and financial self reliant
উদ্যমিতা সপ্তাহত শিক্ষাৰ্থীসকলে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিলে (ETV Bharat Assam)

এইবাৰ ২৬ খন বিপণিৰ প্ৰায়বোৰতে ছাত্ৰ-ছাত্ৰীসকলে নিজে উৎপাদন কৰা সামগ্ৰী প্ৰদৰ্শনৰ লগতে বিক্ৰীও কৰিছে ।" ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে ভৱিষ্যতে সফল উদ্যোগী বা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় অভিজ্ঞতা লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :

চাহ উদ্যোগ: নিলামৰ মূল্য হ্ৰাস পোৱাত সংকটত অসম, পশ্চিম বংগৰ ব্য়ৱসায়ী