কলগাছিয়া আৰক্ষীৰ জালত হত্যাকাণ্ডত অভিযুক্ত পিতা-পুত্ৰ, ৰাইজৰ প্ৰতিবাদ অব্যাহত
কলগাছিয়া আৰক্ষীৰ সফলতা ৷ হত্যাকাণ্ডত অভিযুক্ত দুই হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

Published : June 14, 2026 at 6:19 PM IST
জনীয়া : দেওবাৰে আৰক্ষীয়ে কলগাছিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই হত্যাকাৰীক । ঘটনা বিৱৰণি অনুসৰি, বিগত ১ জুনত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰী গাঁৱত এক হত্যাকাণ্ড সংঘটিত হৈছিল । ঘটনাৰ লগতে অভিযোগত দেওবাৰে আৰক্ষীয়ে হত্যাকাৰী পিতা-পুত্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা দুই হত্যাকাৰী হৈছে নজৰুল ইছলাম আৰু বৰকত আলী মণ্ডল ৷
অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘোৰামাৰা গাঁৱৰ ইছমাইল হুছেইন আৰু বৰকত আলী মণ্ডল নামৰ দুই জুৱাৰীৰ মাজত ১ হাজাৰ টকাৰ ভাগ-বতৰাৰ বাবে কাজিয়াত লিপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত বৰটাৰী বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ইছমাইল হুছেইনক বৰকত আলী মণ্ডল আৰু তেওঁৰ পুত্ৰ নজৰুল ইছলামসহ কেইবাজনো লোকে আক্ৰমণ কৰে ৷
দুষ্কৃতিকাৰীয়ে চোকা অস্ত্ৰ, লাঠি আদিৰে আক্ৰমণ কৰাৰ ফলত ইছমাইল হুছেইন নামৰ ব্যক্তিগৰাকী থিতাতে নিহত হয় । ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগী পৰিয়ালৰ লোকে ৩ জুনত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা আৰক্ষী চকীত ৮ অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ সেই অভিযোগৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে ৫৫/২০২৬ নং ৬১(২)/১০৩/৩(৫) বিএনএছ ধাৰাত গোচৰ পঞ্জীয়ন কৰে ৷
প্ৰায় ১১ দিনৰ পাছত আৰক্ষীয়ে হত্যাকাৰী পিতা-পুত্ৰ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইফালে সমগ্ৰ হত্যাকাণ্ডত জৰিত কেইবাজনো লোক বৰ্তমানো পলাতক হৈ আছে ৷ দেওবাৰে হত্যাকাৰী দুজনক আৰক্ষীয়ে বৰপেটাৰ জেললৈ প্ৰেৰণ কৰে ৷
অভিযুক্ত বৰকত আলী মণ্ডলে ঘটনাৰ সন্দৰ্ভত কয়, "ইছমাইল হুছেইনৰ সৈতে ১ হাজাৰ টকাৰ ভাগ-বতৰাৰ বাবে কাজিয়া হৈছিল ৷ ১ হাজাৰ জুৱা খেলত পাইছিলো ৷ মোক কমকৈ দিয়াৰ বাবে বাদবিদাৰ সৃষ্টি হৈছিল ৷"
লগতে:বেঁকী নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম কলগাছিয়াৰ ১নং ৰছুলপুৰ গাঁও, শংকিত গাঁওবাসী

