ETV Bharat / state

কলগাছিয়াত আজৱ ঘটনা! ধনৰ লোভত চৰকাৰী বিদ্যালয়ৰ ভূমি আনক গতালে প্ৰধান শিক্ষকে !

কলগাছিয়া হাইস্কুলৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবীত স্থানীয় একাংশ সচেতন ৰাইজৰ প্ৰতিবাদ ৷

Kalgachia High School
ধনৰ লালসাত চৰকাৰী বিদ্যালয়ৰ মাটি আনক গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 12:36 PM IST

2 Min Read
Choose ETV Bharat

জনিয়া: ৰাজ্যত ঘটিছে এক আজৱকাণ্ড ৷ কেইটামান টকাৰ বিনিময়ত এখন চৰকাৰী স্কুলৰ প্ৰধান শিক্ষকে বিদ্যালয়ৰ ভূমি অন্য়ক গতাই দিলে ৷ এই খবৰ বিয়পি পৰাৰ পাছতে একাংশ সচেতন লোক ক্ষুব্ধ হৈ পৰিছে ৷

এই ঘটনাটো সংঘটিত হৈছে কলগাছিয়াত ৷ জানিব পৰা মতে, কলগাছিয়া হাইস্কুলৰ নামত থকা প্ৰায় ৫ বিঘা চৰকাৰী ভূমি একাংশ লোকে অবৈধভাৱে দখল কৰি গৃহ নিৰ্মাণ কৰিছে ৷ আনকি কোনো কোনো লোকে কলগাছিয়া হাইস্কুলৰ নামত থকা চৰকাৰী ভূমিত দোকান-পোহাৰ নিৰ্মাণ কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশো বিনষ্ট কৰিছে ৷ এই অভিযোগ তৰিছে কলগাছিয়াৰ একাংশ সচেতন লোক ৷

Kalgachia High School
কলগাছিয়া হাইস্কুল (ETV Bharat Assam)

তেওঁলোকে উল্লেখ কৰা মতে, কলগাছিয়া হাইস্কুলৰ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনে বিদ্যালয়ৰ মাটি বেদখল কৰি "ইডেন একাডেমী" নামৰ এখন ব্যক্তিগত বিদ্যালয়ক ভাৰাত দিছে । প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনে বিদ্যালয়ৰ চৰকাৰী মাটি ব্যক্তিগতভাৱে ভাৰালৈ দি অবৈধভাৱে ধন সংগ্রহ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

এই বেদখলৰ সন্দৰ্ভত স্থানীয় ৰাইজে কলগাছিয়া ৰাজহ চক্ৰৰ উপৰিও বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন দাখিল কৰিছিল ৷ কিন্তু তেওঁলোকে এই ক্ষেত্ৰত কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰিছে । সেয়ে কলগাছিয়া হাইস্কুলৰ চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন কৰি মঙলবাৰে বিদ্যালয় চৌহদত একাংশ স্থানীয় লোকে হাতে হাতে প্লেকাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

Kalgachia High School
ইডেন একাডেমীয়ে কলগাছিয়া হাইস্কুলৰ চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ (ETV Bharat Assam)

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘‘কলগাছিয়া হাইস্কুলৰ পুৰণি চৌহদৰ পৰা কলগাছিয়া আৰক্ষী থানাৰ সন্মুখলৈ বিদ্যালয়ৰ নামত ৫ বিঘা মাটি আছে ৷ সেই মাটি একাংশই বেদখল কৰি ব্যক্তিগত বিল্ডিং, সীমাৰ দেৱাল, ব্যক্তিগত বিদ্যালয় আদি নিৰ্মাণ কৰি আহিছে ৷ জানিব পৰা মতে, কলগাছিয়া হাইস্কুলৰ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনে টকাৰ লোভত চৰকাৰী বিদ্যালয়ৰ মাটি আনক গতাই দিছে ৷’’

আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘‘আমি এই সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰ আৰু বৰপেটা জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছো ৷ কিন্তু কোনো সুফল নোপোৱাত আজি আমি প্ৰতিবাদত বহিবলৈ বাধ্য হৈছো ৷ হিমন্ত মামাক আমি অনুৰোধ জনাইছো শীঘ্ৰে চৰকাৰী বিদ্যালয়ৰ মাটি বেদখল মুক্ত কৰাৰ লগতে খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে তদন্ত কৰক ৷’’

উল্লেখ্য যে, এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । এতিয়া প্ৰশাসনে এই বিষয়টো কেনেদৰে গ্ৰহণ কৰি তদন্ত কৰে সেয়াহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : চাহ বাগিচাৰ পৰিচালকসকলৰ কৰ্মস্থলীৰ চাপ আৰু মানসিক স্বাস্থ্যক লৈ গৱেষণা