আৰু কিমান দিন ! ২ নিযুত অসমীয়াই বিচাৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত চলা ডিজিটেল প্ৰতিবাদে স্পৰ্শ কৰিলে ২নিযুত । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ২নিযুত অসমীয়া বিচাৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় ।

Published : October 19, 2025 at 11:40 AM IST
গুৱাহাটী : কিংবদন্তি গায়ক, অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হঠাৎ আৰু কৰুণ মৃত্যুৰ এমাহ পাৰ হৈ গ’ল। কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰিয় গায়কগৰাকীৰ মৃত্যুৰ এমাহৰ পাছতো তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন, অনুৰাগীয়ে গায়কজনৰ ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে । সামাজিক মাধ্যমতো জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি আৰম্ভ কৰা হৈছিল ডিজিটেল প্ৰতিবাদ । জুবিনৰ পৰিয়ালকে ধৰি অসমৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিৰ লগতে তেওঁৰ অনুৰাগী আৰু সৰ্বসাধাৰণ জনতাই এই ডিজিটেল প্ৰতিবাদত পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ৷
জনতাৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়া অসমৰ প্ৰথমটো তথা অদ্বিতীয় ডিজিটেল প্ৰতিবাদত পৰিণত হৈছে । জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত চলা ডিজিটেল প্ৰতিবাদে স্পৰ্শ কৰিলে ২ নিযুত । সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি ২নিযুত অসমীয়া বিচাৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় । যি প্ৰতিবাদ বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠিত হ'ল সৰ্ববৃহৎ আন্দোলন হিচাপে । ইয়াৰ পূৰ্বে কোনেও হয়তো এই আন্দোলন এতিয়ালৈকে দেখা নাই ।

হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ন্যায় বিচাৰি প্ৰায় প্ৰতিগৰাকী অসমীয়াই নিজৰ নিজৰ সামাজিক মাধ্যমত #JusticeForZubeenGarg লিখি অভিনৱ প্ৰতিবাদ অব্যাহত ৰাখিছে । নিজৰ ফেচবুক প্ৰফাইলৰ লগতে ভাৰত প্ৰধানমন্ত্ৰী, ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী আদিকে ধৰি বহু ৰাজনৈতিক নেতাৰ পোষ্টৰ কমেণ্ট কৰি বিচাৰিলে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় । অসমবাসীৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ লগতে পৰিয়ালবৰ্গইও সামাজিক মাধ্যমত কৰিছিল প্ৰতিবাদ ।
বিগত ৬ অক্টোবৰ দিনা এক আবেগিক পোষ্ট লিখি জুবিন গাৰ্গৰ ন্যায় বিচাৰি পত্নী গৰিমা শইকীয়া গাৰ্গা সামাজিক মাধ্যমত কৰিছিল প্ৰথমটো পোষ্ট । সামাজিক মাধ্যমত গৰিমাই কয়, "The last one for this life... But we will be together again,,very soon Goldie ! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন ! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে .." ইয়াৰ লগে লগে আৰম্ভ হৈছিল এই ডিজিটেল আন্দোলনৰ । অৱশ্যে ইয়াৰ পূৰ্বেও অসমবাসীয়ে #JusticeForZubeenGarg শ্লোগানেৰে শিল্পীগৰাকীৰ ন্যায় বিচাৰিছিল ।
ইফালে, আজি জুবিন বিহীন অসমীয়াই পাৰ কৰিলে সম্পূৰ্ণ এমাহ । বিগত এমাহত পোহৰলৈ নাহিল ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ৰহস্য । অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুক জুবিন গাৰ্গৰ পৰিয়াল, জুবিন অনুৰাগী কোনোৱে সহজভাৱে ল'ব পৰা নাই । ইতিমধ্যে আৰক্ষীয়ে ৰাইজৰ হেঁচাত পৰি কেইজনমানক গ্ৰেপ্তাৰ কৰিছে যদিও আজি পৰ্যন্ত ঘটনাস্থলীলৈ যাব পৰা নাই তদন্তকাৰী আৰক্ষী । আনহাতে SIT ৰ জেৰাৰ অন্ততঃ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আটাইকেইগৰাকী অভিযুক্তক ।
লগতে পঢ়ক : মন সাগৰত জোৱাৰ তুলি, প্ৰাণৰ শিল্পীগৰাকী গুচি যোৱা এমাহ হ'ল

