অষ্ট্ৰেলিয়া-ভূটানলৈকে ৰপ্তানি জুৰি মণি কলিতাই তৈয়াৰ কৰা মুখা
মহিলাগৰাকীয়ে সমালোচনা, প্ৰত্য়াহ্বান নেওচি এদিন আগুৱাই আহিছিল মুখা তৈয়াৰ কৰিবলৈ । আজি তেওঁ হৈ পৰিছে আন দহগৰাকীৰ বাবে আদৰ্শ ।

Published : March 1, 2026 at 6:31 PM IST
মাজুলী: যি সময়ত কৰ্মসংস্থাপন বিচাৰি দৈনিক হাজাৰ হাজাৰ যুৱক-যুৱতী নিজৰ ঘৰ, আত্মীয়ক এৰি বহিঃৰাজ্যলৈ যাবলগীয়া হৈছে, সেই সময়ত মাজুলীৰ এগৰাকী মহিলাই মুখাশিল্পৰ লগত জড়িত হৈ হৈছে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে । মহিলাগৰাকীৰ নাম জুৰি মণি কলিতা ।
বহতো প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ পিচতো মুখাশিল্পৰ সৈতে একাত্ম হৈ পৰা জুৰি মণি কলিতাই এই প্ৰসংগত কয়, "প্ৰথম অৱস্থাত এই শিল্প আগবঢ়াই নিবলৈ যাওতে বহু সময়ত সমালোচনাৰ সন্মুখীন হৈছিলো । স্থানীয় মানুহে মোক এই মুখাশিল্প মহিলাৰ কাম নহয়, বৰঞ্চ ই পুৰুষৰহে কাম বুলি কৈছিল । মহিলাই এই কাম কৰিলে বেয়া দেখা যায় বা শোভা নাপায় বুলি বহুতে মন্তব্য কৰিছিল । মানুহৰ সেই সমালোচনাক আওকাণ কৰি নিজৰ লক্ষ্যত আগবাঢ়ি গৈ আজিৰ এই অৱস্থা পাইছোহি ।"
মানুহৰ সমালোচনাৰ ওচৰত হাৰ নমনা এইগৰাকী মহিলাই উল্লেখ কৰা মতে, তেওঁ ২০২০ চনৰ পৰাই প্ৰথম মুখাশিল্পৰ লগত জড়িত হৈ পৰে । মাজুলীৰ চামগুৰি সত্ৰৰ বিখ্যাত মুখাশিল্পী পদ্মশ্ৰী ড৹ হেমচন্দ্ৰ গোস্বামীৰ তত্বাৱধানত তেওঁ এই শিক্ষা গ্ৰহণ কৰে । তেওঁ কয়, "বৰ্তমান মই গৰুড়, হনুমান, গণেশ, ৰাৱণ, ৰাক্ষস আদিৰ লগতে ভাওনা আৰু ৰাসৰ বাবে পুতনা, ধেনুকাসুৰ আদিৰ মুখাও নিৰ্মাণ কৰো । প্ৰথম অৱস্থাত এই শিল্প মই নিচা হিচাপে লৈছিলো যদিও বৰ্তমান কেৱল নিচা হিচাপেই নহয়, এতিয়া এই মুখাশিল্প পেচা হৈ পৰিছে ।"

জুৰি মণি কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখা কেৱল মাজুলী বা অসমতেই আবদ্ধ হৈ থকা নাই । মুম্বাই, হায়দৰাবাদৰ লগতে সুদূৰ অষ্ট্ৰেলিয়া আৰু ভূটানলৈকে ৰপ্তানি হৈছে । এইগৰাকী মহিলাই জনোৱা মতে, তেওঁৰ হাতৰ পৰশত নিৰ্মাণ হোৱা সকলো সামগ্ৰী তেওঁৰ ঘৰৰ পৰা ক্ৰয় কৰাৰ লগতে যি ঠাইৰ পৰা অৰ্ডাৰ আহে সেই ঠাইলৈ কোৰিয়াৰ যোগেদি প্ৰেৰণ কৰে ।

মুখাৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে :
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে তেওঁ নিজৰ শিল্পৰ প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিছিল আৰু তাৰ পিছৰ পৰাই তেওঁৰ ব্যৱসায় বহুলভাৱে সম্প্ৰসাৰিত হয় । শেহতীয়াকৈ মাজুলীৰ মুখাশিল্পই জি আই টেগ লাভ কৰাৰ পিছত পৰ্যটকৰ ভিৰ আৰু মুখাৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে । এই সন্দৰ্ভত তেওঁ কয়, "আজিৰ তাৰিখত এই মুখাশিল্পৰ জৰিয়তে এখন ঘৰ সুন্দৰকৈ চলাব পাৰি বুলি মই অনুভৱ কৰিছো । মই এতিয়ালৈকে ৩০ গৰাকী মহিলাক এই কাম শিকাইছো আৰু তেওঁলোকো এতিয়া এই শিল্পৰ জৰিয়তে স্বাৱলম্বী হৈছে । এই শিল্পৰ লগত জড়িত হোৱা প্ৰতিগৰাকী লোকৰ বাবে এটা ভাল খবৰ ।"

পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতা :
তেওঁ কয়, "এই মুখাশিল্প আগবঢ়াই নিয়াত মোৰ পৰিয়ালৰ যথেষ্ট অৱদান আছে । পৰিয়ালৰ সহযোগিতাৰ বাবেই এই মুখাশিল্প এনেদৰে আগুৱাই নিবলৈ সুবিধা লাভ কৰিছো । মোৰ স্বামীৰ এই যাত্ৰাত এশ শতাংশ সহযোগিতা আছে ।" ভৱিষ্যতে মহিলাগৰাকীয়ে চৰকাৰৰ সহযোগিতাত এটি মুখা সংগ্ৰহালয় স্থাপন কৰাৰ সপোন পুহি ৰাখিছে, য'ত নতুন প্ৰজন্মই এই শিল্পৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ সুবিধা পাব ।"
তেওঁ কয় যে এই কৰ্ম চৰকাৰৰ সহযোগিতা অবিহনে অকলে কৰিব নোৱাৰি । এইগৰাকী মুখাশিল্পীয়ে কয়, "যুৱ প্ৰজন্ম আজিৰ তাৰিখত মুখাশিল্পৰ প্ৰতি আগ্ৰহী হৈছে যিটো এই শিল্পৰ প্ৰতি এটা ভাল খবৰ । এই শিল্পৰ জৰিয়তে যিহেতু স্বাৱলম্বী হ'ব পাৰি, গতিকে এই শিল্পৰ প্ৰতি আগ্ৰহ বাঢ়িছে বিভিন্নজনৰ ।" পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই, নিজৰ ইচ্ছা শক্তি আৰু একাগ্ৰতাৰ বলত এইগৰাকী মহিলাই প্ৰমাণ কৰিছে যে সৃষ্টিশীলতাৰ কোনো নিৰ্দিষ্ট সীমা নাথাকে ।

