যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু; ঘটনাৰ সৈতে জড়িত কিশোৰীসহ তিনিজনক আটক
অ'ট চালকৰ বিস্ফোৰক মন্তব্য, যুৱতীগৰাকীৰ মুখেৰে বগা ফেন ওলাই আছিল ৷ যোৰহাট হত্য়াকাণ্ড সন্দৰ্ভত ইটিভি ভাৰতৰ তৃতীয় প্ৰতিবেদন...

Published : August 18, 2026 at 6:34 PM IST
যোৰহাট : বন্ধুৰ সৈতে অত্যাধিক মাত্ৰাত ড্ৰাগছ সেৱনৰ বাবেই যোৰহাটত পকামুৰা ন-পমুৱাৰ যুৱতীগৰাকীৰ প্ৰাণ গ'ল নেকি ? প্ৰথমে ধৰ্ষণ আৰু পাছত হত্যা কৰি যুৱতীগৰাকীৰ মৃত্যুৰ নাটকীয় ৰূপ দিয়া হৈছিলে নেকি ?
১৫ আগষ্টৰ নিশা যোৰহাটৰ দহাবৰা চুকত থকা গৌৰী এপাটমেণ্টৰ বি ব্লকৰ বি ২ নং কোঠাত প্ৰকৃততে কি হৈছিল ? ইফালে যুৱতীগৰাকীৰ মৃত্যুত কিয় অয়ন গোস্বামীৰ নাম সঙোৰ খাইছে ? এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে যোৰহাটবাসীয়ে ৷
ঘটনা সংঘটিত হোৱাৰ তিনিদিনৰ পাছত মঙলবাৰে আৰক্ষীয়ে দুগৰাকীকৈ অভিযুক্ত যুৱতীসহ এগৰাকী কিশোৰীক আটক কৰিছে ৷ আনহাতে গৌৰী এপাৰ্টমেন্টৰ বি ব্লকৰ বি ২ নং কোঠাটোৰ মালিক ঝৰ্ণা গোস্বামীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৷ কাৰণ যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ সৈতে অয়ন গোস্বামী নামৰ যুৱকজন, অয়নৰ মাতৃ ঝৰ্ণা গোস্বামীৰ নাম সাঙোৰ খাইছে৷
এই ঘটনাত অভিযুক্ত হৈ পৰা অয়ন গোস্বামী এতিয়া পলাতক হৈ আছে ৷
বিশেষ সূত্ৰৰ তথ্য় অনুসৰি, আৰক্ষীৰ দ্বাৰা আটক হোৱা এগৰাকী যুৱতী আৰু কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে যোৰহাট অসমাৰিক চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে ৷
মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকীক দেখা পোৱা অ'ট চালকৰ বিস্ফোৰক মন্তব্যই ঘটনাটোৰ নতুন দিশ উন্মোচন কৰিছে ৷
সেইদিনা নিশাৰ ঘটনা বৰ্ণনা কৰি অ'ট চালকগৰাকীয়ে কয়, "ৰেপিড এপৰ জৰিয়তে অ'ট বুক কৰিছিল অয়ন গোস্বামীয়ে ৷ অ'ট বুক কৰাৰ সময়ত লোকেশ্বন দিছিল চোলাধৰা, কিন্তু মোক ফোন কৰি অয়ন গোস্বামীয়ে মাতিছিল দহাবৰা চুকুলৈ ।"
অ'ট চালকজনে কয়, "অয়ন গোস্বামীয়ে দিয়া তথ্য মতে মই সেই স্থানত উপস্থিত হৈছিলো ৷ তেতিয়া নিশা ১০ বাজি পাৰ হৈ গৈছিল ৷ অয়নৰ অনুৰোধ মৰ্মে মই গৌৰী এপাটমেণ্টৰ বি ব্লকৰ বি ২ নং কোঠালৈ গৈছিলো ৷ তেতিয়া এখন চোফাত এগৰাকী ছোৱালী পৰি থকা দেখিছিলো ৷ ছোৱালীগৰাকীৰ মুখেৰে বগা ফেন ওলাই আছিল ৷ তেতিয়া মই সহায় কৰিব নোৱাৰিম বুলি কোৱাত অয়নে বাৰম্বাৰ অনুৰোধ কৰি তাইক বচালৈ মোক কৈছিল ৷ মোৰ বেয়া লাগিল আৰু ৰুমৰ পৰা ছোৱালীগৰাকীক তললৈ নিয়াত সহায় কৰিলো ৷"
তেওঁ লগতে কয়, "মই সহায় কৰাৰ বাবে ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি কোৱাত অয়নে প্ৰথমে বাধা প্ৰদান কৰিছিল ৷ তাৰ পাছত মই তেওঁলোকৰ কথা নুশুনি ভিডিঅ' কৰিলো ৷"
"চিকিৎসালয়লৈ নিয়াৰ পথত মই তেওঁলোকক আৰক্ষীৰ ওচৰলৈ যোৱাৰ কথা উল্লেখ কৰিছিলো ৷ কিন্তু অয়নে অনুৰোধ কৰিছিল ছোৱালীজনীক সুস্থ কৰি তুলিবলৈ প্ৰথমে চিকিৎসালয়লৈ যাব লাগে ৷ তাৰ পাছত আৰক্ষীৰ ওচৰলৈ যাম বুলি কৈছিল ৷ সেই মৰ্মে তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছিলোঁ ৷" ইটিভি ভাৰতৰ আগত এই মন্তব্য় অট'চালকৰ ৷
ঘটনা সন্দৰ্ভত নৈশ চকীদাৰগৰাকীয়ে কয়, "১৫ আগষ্ট নিশা ইয়ালৈ এজনৰ পাছত আন এজন যুৱক-যুৱতী আহিছিল । অয়ন গোস্বামীসহ তেওঁৰ লগৰীয়াবিলাকক দেখিলেই লাগে নিচা খাই থকা বুলি অনুমান কৰিব পৰা যায় ৷ অয়ন গোস্বামীয়ে পূৰ্বতেও মাৰপিটত লিপ্ত হোৱা লগতে আমাক মাৰিবলৈ খেদি অহাৰ লগতে চকী টেবুল ভাঙিছিলে । আয়নৰ বিৰুদ্ধে আৰক্ষী থানাত তিনিবাৰ অভিযাগ দাখিল কৰা হৈছিল ৷ তাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা লোৱা নাছিল ৷"
এপাৰ্টমেন্টৰ এগৰাকী আৱাসীয়ে কয়, "ঘটনাৰ পাছত ১৬ আগষ্টত আৰক্ষী আহিছিল, তেওঁলোকে কোঠাতো তলা মাৰিছিল ৷ তেতিয়া টেবুলত প্ৰত্যক্ষ কৰিছিলো যে বগা জাতীয় আৰু অনন্য ৰঙৰ পাউদাৰ আৰু কোঠাতো বহুত বস্ত ছেদেলি ভেদেলি হৈ আছিল ৷ সম্ভৱত সেই পাউদাৰখিনি ড্ৰাগছেই হ'ব পাৰে ৷ অয়ন গোস্বামী বহুত বেয়া ল'ৰা আছিল ৷ সি ইয়ালৈ আহি পৰিৱেশ নষ্ট কৰা লগতে মাৰপিটত লিপ্ত হৈছিল ।"
প্ৰশ্ন উত্থাপন হৈছে আয়ন গোস্বামীক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ? ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰিছিলে নেকি অয়নে ?
(অধিক তথ্যৰ বাবে অপেক্ষা কৰক আমাৰ চতুৰ্থ প্ৰতিবেদনলৈ...)

