ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ পিষ্টল

যোৰহাট আৰক্ষীয়ে অভিযান চলাই কৰ্মচাৰী বিজয় কৃষ্ণ বৰাৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে .২২ পিষ্টল আৰু গুলী ।

Jorhat police seized pistol
চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ পিষ্টল (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 1, 2026 at 2:00 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: যোৰহাট আৰক্ষীৰ বৃহৎ সফলতা । আৰক্ষীয়ে অভিযান চলাই বৰহোলাত জব্দ কৰে এটা .২২ পিষ্টল আৰু ২৩ জাঁই সক্ৰিয় গুলী । আচৰিত কথাটো হ'ল যে এই মাৰণাস্ত্ৰ আছিল এজন চৰকাৰী কৰ্মচাৰীৰ হাতত ।

শংকৰ মাধৱ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা আৰক্ষীয়ে এই মাৰণাস্ত্ৰখিনি জব্দ কৰে । এজন চৰকাৰী কৰ্মচাৰীৰ ওচৰৰ পৰা এনেদৰে মাৰণাস্ত্ৰ উদ্ধাৰ কৰাক লৈ এতিয়া যোৰহাটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

যোৰহাটত উদ্ধাৰ পিষ্টল (ETV Bharat)

আৰক্ষীয়ে ইতিমধ্যে চৰকাৰী কৰ্মচাৰী বিজয় কৃষ্ণ বৰাক গ্ৰেপ্তাৰ কৰিছে । যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰাইম) অভিষেক যাদৱ আৰু যোৰহাট যান-বাহন শাখাৰ আৰক্ষী বিষয়া উৎপল দত্তৰ নেতৃত্বত যোৱা এটা দলে বৰহোলা নগাবাটৰ জয়ন্ত বৰুৱাৰ ঘৰত ভাৰাতীয়া হিচাপে থকা শংকৰ মাধৱ হাইস্কুলৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বিজয় কৃষ্ণ বৰাৰ পৰা পিষ্টলসহ গুলী উদ্ধাৰ কৰে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত কৰ্মচাৰীজনক জেৰা অব্যাহত ৰাখিছে । চৰকাৰী কৰ্মচাৰী কিয় নিজৰ লগত অবৈধ মাৰণাস্ত্ৰ ৰাখিছে ? ক'ৰ পৰা এই মাৰণাস্ত্ৰ আনিলে ? এই সকলো কথা জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Jorhat police seized pistol
চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ পিষ্টল (ETV Bharat)

এই ঘটনা সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয়, "বিজয় কৃষ্ণ বৰাই নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ হাতত এটা মাৰণাস্ত্ৰ আছে । তেওঁৰ ভাষ্য অনুসৰি আমি নগাবাটৰ তেওঁৰ ভাড়াঘৰত অভিযান চলাও । য'ত পিষ্টল আৰু গুলী উদ্ধাৰ কৰিছোঁ । তেওঁ এই মাৰণাস্ত্ৰ নাগালেণ্ডৰ পৰা আনিছে বুলি স্বীকাৰ কৰিছে ।"

জানিব পৰা মতে বিজয় কৃষ্ণৰ ঘৰ নিজ বালিগাঁও ককিলামুখত । চাকৰিসূত্ৰে বৰহোলা নগাবাটৰ জয়ন্ত বৰুৱাৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল । লক্ষণীয়ভাৱে বিগত সময়তো জিলাখনৰ বিভিন্ন স্থানৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । উক্ত ঘটনাবোৰৰ সৈতে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :

৩২২ বিঘা চৰণীয়া ভূমিত চলিব উচ্ছেদ অভিযান, নলবাৰীত বেদখলকাৰীক ১৫ দিনৰ সময়সীমা