জালত পৰিল মুকেশ জালান, পৰিশোধ কৰা নাছিল স্থানীয় ঠিকাদাৰৰ ধন
স্থানীয় ঠিকাদাৰৰ প্ৰাপ্য ধন পৰিশোধ নকৰি পলাই থকা সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেজৰ স্বত্বাধিকাৰী মুকেশ জালান ।

Published : December 30, 2025 at 2:04 PM IST
টীয়ক: অৱশেষত গুৱাহাটীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত পথ নিৰ্মাণত জড়িত কোম্পানী সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ জালানক । গুৱাহাটীৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জালানক বৰ্তমান ৰখা হৈছে যোৰহাট জিলাৰ টীয়ক থানাত ।
এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে বিগত সময়ছোৱাত স্থানীয় বহুসংখ্যক ঠিকাদাৰক কাম কৰাই প্ৰাপ্য ধন দিবলৈ ৰৈ গৈছিল । স্থানীয় ঠিকাদাৰসকলে বহুমাহ অপেক্ষা কৰি পৰৱৰ্তী সময়ত জিলা আয়ুক্ত, NHIDCL কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত ন্য়ূনতম পাবলগীয়া ধনৰাশিৰ এক অংশ আদায় দিবলৈ মান্তি হৈছিল ।
কিন্তু পাছলৈ স্থানীয় ঠিকাদাৰক প্ৰৱঞ্চনা কৰি এটা টকাও আদায় নিদিলে আৰু সকলো যোগাযোগ বিচ্ছিন্ন কৰি পাছলৈ ঠিকাদাৰসকলক মুকেশ জালানে ভয়-ভাবুকি দিবলৈ আৰম্ভ কৰিলে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ঠিকাদাৰ, শ্ৰমিকসকলে । সেয়ে বিতৰ্কিত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে শৰ্মা উপাধিৰ এজন যোগনিয়াৰ-ঠিকাদাৰে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দিছিল এজাহাৰ । এজাহাৰ দাখিলৰ পাছৰে পৰা পলাতক অৱস্থাত আছিল মুকেশ জালান । অৱশেষত মুকেশ জালানক গ্ৰেপ্তাৰ কৰাত যোৰহাট আৰক্ষীক ধন্যবাদ জনাইছে ঠিকাদাৰসকলে ।

এই সন্দৰ্ভত শৰ্মা উপাধিৰ ঠিকাদাৰজনে কয়, "মোৰ চাৰি কোটি ৩৬ লাখ টকা অনাদায় আছে । কেইবাখনো উৰণসেতুৰ সম্পূৰ্ণ সামগ্ৰী আমি যোগান ধৰিছিলোঁ । আমাৰ লগৰ বহুকেইজনে বহু টকা পাবলৈ আছে, এতিয়া টকা বিচাৰিলে দম দিয়ে, উঠাই নিম বুলি কয় । সেয়ে আমি উপায়ন্তৰ হৈ যোৰহাটৰ নতুন আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ দিলোঁ । আজি চাৰে আমাক যিদৰে সহায় কৰিছে আগলৈও এইদৰে সহায় বিচাৰিছোঁ ।"

ইতিমধ্যে 316(5)/318(4)/351(3)/3(5) BNS ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে মুকেশ জালানক । ইপিনে কৰ্মচাৰীক দৰমহা আদায় দিব নোৱৰাৰ বাবে বিগত দুটা মাহে বন্ধ হৈ আছে চাৰিলেনযুক্ত পথৰ কাম । বিশেষ সুত্ৰে জানিব পৰামতে সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেজ প্ৰাইভেট লিমিটেড কোম্পানীয়ে অসম চৰকাৰৰ বন বিভাগক ফৰেষ্ট ৰয়েলিটি দিবলৈ আছে ৩ কোটি ৩৬ লাখ ৬৭ হাজাৰ ৬৯৫ টকা ।

