তাই অ'ভাৰ ড'জ লৈ মৰিছে... বাধা দিবলৈ আমি তাইৰ মাক নহয়: যোৰহাটৰ ড্ৰাগছকাণ্ডৰ অভিযুক্ত যুৱতীৰ বেপৰোৱা ভাষ্য
"বেছিকৈ লোৱা বাবে মুখখন বেঁকা হৈ পৰিছিল, আমি তেতিয়া নিমখ খুৱাই দিছিলোঁ ।" মূল অভিযুক্ত আৰিয়ানৰ স্বীকাৰোক্তি ৷

Published : August 19, 2026 at 3:46 PM IST
|Updated : August 19, 2026 at 9:10 PM IST
যোৰহাট :
- তাইক কোনে মাৰিলে ?
"তাই অ'ভাৰ ড'জ লৈ মৰিছে । তাই ড্ৰাগছ লৈহে মৰিছে, আমি মাৰা নাই নহয় ।"
- ড্ৰাগছ কোনে কোনে লৈছিল ?
"তাই লৈছিল অকলে । মই নাই লোৱা । আপুনি কেছ ফাইল চাই ল'ব পাৰে । তায়ো (ওচৰৰজনীক দেখুৱাই) লোৱা নাই, ময়ো নাই লোৱা ।"
- ছোৱালীজনী মৰিল কেনেকৈ ?
"অ'ভাৰ ড'জ লৈ মৰিছে । তাই নিজে ড্ৰাগছ খাই মৰিছে । "
- তোমালোক তেতিয়া আছিলা নে নাই ?
"আছোঁ, আছোঁ । আমি ৮ টামানত সোমাইছিলোঁ । মই গম নাপাওঁ । মই পাকঘৰত আছোঁ, তেতিয়া তাই মাৰিছেগৈ (ড্ৰাগছ লৈছে) । মই দেখাও নাই ।"
- আৰু কোন কোন আছিল ?
"আৰু এটা আছিল, সি এতিয়া পলাই আছে গম নাপাওঁ । তাৰ নাম অংকিত ।"
- তোমালোকে ড্ৰাগছ লৈছা নেকি ?
"নাই লোৱা । ড্ৰাগছ নলওঁ আমি ।"
- তুমিতো কালি কৈছা ড্ৰাগছ লৈছোঁ বুলি ?
"মই কেতিয়া কৈছোঁ ড্ৰাগছ লৈছোঁ বুলি ? কোনটো সময়ত মই ক'লো ড্ৰাগছ লৈছোঁ বুলি ? মই এটাই কৈছোঁ যে ক'ৰ্টে ডিচাইড কৰিব আৰু থানাই ডিচাইড কৰিব । চিধা কথা মোৰ ।"
- তোমালোক থাকোঁতে তাই ইমান ড্ৰাগছ ল'বলৈ কেনেকৈ পালে, মানা নকৰিলা ?
"আমি মাক নহয় নহয় মানা কৰি থাকিবলৈ, তাই নিজে লৈছে । তাই নিজৰ পইচাৰে খাইছে আমি কেনেকৈ মানা কৰিম । আমি দেখাও নাই তেতিয়া, যেতিয়া তাই ড্ৰাগছ লৈছিল ।"
ওপৰৰ কথোপকথনখিনি কোনো অপৰাধমূলক কাহিনীৰ ছবি বা নাটকৰ সংলাপ নহয় । এয়া হৈছে যোৰহাটত সংঘটিত ড্ৰাগছ-কাণ্ডৰ ভয়াৱহ ঘটনাত অভিযুক্ত দুগৰাকী যুৱতীৰ ভাষ্য । সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সম্পূৰ্ণ বেপৰোৱাভাৱে আৰু স্পষ্টভাৱে উত্তৰ দি গৈছে যোৰহাট-কাণ্ডৰ অভিযুক্ত দুই যুৱতীয়ে । যেন তেওঁলোকৰ কোনো অনুতাপেই নাই ।
ৰাজ্যৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে তাৰ শেহতীয়া প্ৰমাণ হৈছে যোৰহাটৰ শেহতীয়া ঘটনা । ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ কবলত যে এতিয়া একাংশ কিশোৰ-কিশোৰী, যুৱক-যুৱতী আচ্ছন্ন হৈ পৰিছে তাৰ এক উদাহৰণ এই ঘটনা । ৰাজ্য চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে নিচাযুক্ত দ্ৰৱ্যৰ বিৰুদ্ধে যিমানে শূন্য সহনশীলতাৰ দৃষ্টিভংগী প্ৰকাশ নকৰক কিয়, ৰাজ্যত যে এতিয়াও ড্ৰাগছৰ এখন বিশাল সাম্ৰাজ্য চলি আছে আৰু তাৰ কৱলত যে যুৱ প্ৰজন্ম, তাৰ প্ৰমাণ যোৰহাটৰ এই ঘটনা ।
সময় বাগৰাৰ লগে লগে পোহৰলৈ আহিছে যৱতীৰ মৃত্যু ৰহস্যৰ ন ন তথ্য
সময় বাগৰাৰ লগে লগে পোহৰলৈ আহিছে ১৫ আগষ্টৰ নিশা যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টৰ বি-২ কোঠাত সংঘটিত ঘটনাৰ আঁৰৰ কাহিনী । ইতিমধ্যে এই ঘটনাত দুগৰাকী যুৱতীৰ লগতে আৰিয়ান গোস্বামী নামৰ যুৱকজন আৰক্ষীৰ জালত পৰিছে । আনহাতে, আন এগৰাকী অভিযুক্ত পলাতক হৈ আছে ।
ইতিমধ্যে গ্ৰেপ্তাৰ কৰা মূল অভিযুক্ত আৰিয়ান গোস্বামীয়ে প্ৰকাশ কৰিছে, "অংকিত দাস, মনালিছা আৰু অন্বেষা আহিছিল মোৰ কোঠালৈ । মই পাকঘৰত থকা সময়তে অন্বেষাই ড্ৰাগছ সেৱন কৰিছিল । বেছিকৈ লোৱা বাবে মুখখন বেঁকা হৈ পৰিছিল আৰু আমি তেতিয়া নিমখ খুৱাই দিছিলোঁ । আমি তাইক মৰা নাছিলোঁ ।
তেওঁ লগতে কয়, "মই এবছৰৰ পৰা দুবছৰ আগতে ড্ৰাগছ লৈছিলোঁ, এতিয়া এৰিলোঁ । সকলো এৰি মই গুৱাহাটীত আছিলোঁ, কেব চলাইছিলোঁ ।"
উল্লেখ্য যে ১৫ আগষ্টৰ নিশা যোৰহাটৰ দহাবৰা চুকৰ গৌৰী এপাৰ্টমেণ্টত ঝৰ্ণা গোস্বামীৰ পুত্ৰ আৰিয়ান গোস্বামীয়ে বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ এই পাৰ্টীলৈ বাহিৰৰ পৰা কেইবাগৰাকীও যুৱক-যুৱতী আহিছিল ৷ এই পাৰ্টীত সুন্দৰী যুৱতীসকলৰ লগতে নিচাজাতীয় সামগ্ৰীৰ পয়োভৰ ঘটা বুলি এপাৰ্টমেণ্টটোৰ আন একাংশ লোকে দাবী কৰিছিল ৷
ঘৰৰ পৰা বজাৰলৈ আহিম বুলি কৈ ওলাই অহা পকামুৰা ন-পমুৱাৰ শইকীয়া উপাধিৰ এজনী যুৱতীও এই পাৰ্টীলৈ আহিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল ৷

