ETV Bharat / state

অসমীয়া যুৱক-যুৱতীৰ ভোকৰ ভাত কাঢ়ি নিছে কোনে ?

বহিঃৰাজ্যৰ যুৱক-যুৱতীয়ে কাঢ়ি নিছে অসমীয়া যুৱক-যুৱতীৰ অধিকাৰ । ভুৱা প্ৰমাণ-পত্ৰৰ ভয়ংকৰ জালিয়াতিৰ তথ্যই জোকাৰি গৈছে যোৰহাট ।

Jorhat ADC Pankaj Borah has directed an investigation into the review of the 10-year certificate
অসমীয়া যুৱক-যুৱতীৰ ভোকৰ ভাত কাঢ়ি নিছে কোনে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2026 at 3:58 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: ভুৱা প্ৰমাণ পত্ৰৰ জালিয়াতিৰ নামত এইবাৰ সাঙোৰ খাইছে যোৰহাটৰ এখন গাঁও । এটা বছৰৰ পূৰ্বে এটা দালালৰ পৰা ৩২টাকৈ ভুৱা চীল আৰু ৬৫ খন ভুৱা প্ৰমাণ-পত্ৰ জালিয়াতি কৰি কেইবাজনো দালালে জেলৰ ভাত খাব লগা হৈছিল । পুনৰ যেন সক্ৰিয় পৰিছে বৃহৎ চক্ৰটো ।

যাৰ বাবে বিগত ১০ বছৰৰ প্ৰমাণ-পত্ৰৰ পুনৰীক্ষণৰ তদন্ত নিৰ্দেশ দিছে যোৰহাটৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই । যোৰহাটৰ নাওশলীয়া গাঁৱৰ নাম লৈ বহিঃৰাজ্যৰ যুৱকে ভুৱা স্থায়ী প্ৰমাণ-পত্ৰৰে লাভ কৰিছে নিযুক্তি ।

অসমীয়া যুৱক-যুৱতীৰ ভোকৰ ভাত কাঢ়ি নিছে কোনে ? (ETV Bharat Assam)

চিআৰপিএফ, চিআইএছএফ, অসম ৰাইফলচ আদি বিভাগসমূহত যিসমূহ ঠাইত নিযুক্তি প্ৰক্ৰিয়া চলে সেই ঠাইসমূহৰ টাৰ্গেট বৃহৎ চক্ৰটোৰ । অভিযোগ উঠা মতে এই চক্ৰটোৱে যোৰহাটৰ নাওশলীয়া গাঁৱৰ লগতে তিনিচুকীয়া, তেজপুৰ, গুৱাহাটীৰ লখৰা অঞ্চলক টাৰ্গেট কৰি লয় ।

আনহাতে, তেওঁলোকে যোৰহাটৰ নাওশলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দেখুৱাইছে কিন্তু সিহঁতৰ শিক্ষালাভৰ স্থান বিহাৰ উত্তৰ প্ৰদেশ আদি । ভুৱা প্ৰমাণ-পত্ৰ কোনে যোগান দিয়ে, কোন ইয়াৰ মাষ্টাৰ মাইণ্ড স্থানীয় ৰাইজও এই সন্দৰ্ভত প্ৰশ্ন কৰি সকলো হতভম্ব হৈছে ।

অসমৰ যুৱক-যুৱতীৰ বাবে থকা বিশেষ সুবিধা কাঢ়ি, বহিৰাগত যুৱকৰ দপদপনিৰ অভিযোগ এইখন অসম মুলুকত । স্থানীয় লোকৰ বাবে থকা পদত নথি জালিয়াতিৰে বহিঃৰাজ্য প্ৰাৰ্থীয়ে লাভ কৰিছিল কেন্দ্ৰীয় সংস্থাৰ চাকৰিত নিযুক্তি আৰু এই ভয়ংকৰ জালিয়াতি যোৰহাটৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই পোহৰলৈ আনিছিল।

ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত যোৰহাট সদৰ থানাত এখন এজাহাৰো দাখিল কৰিছে তেওঁ । এটা বৃহৎ চক্ৰই বহু বছৰ ধৰি প্ৰমাণ-পত্ৰ জালিয়াতি কৰি ভয়ানক অপৰাধ সংঘটিত কৰি আহিছে বুলিও অভিযোগ উঠিছে । বৰ্তমানৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাই স্থায়ী প্ৰমাণ পত্ৰৰ ভয়ানক জলিয়াতি পোহৰলৈ অনাৰ পাছতে কেৱল যোৰহাটেই নহয় ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্য ।

ইতিমধ্যে এটা বছৰ নহয়, বিগত ১০ বছৰৰ প্ৰমাণ পত্ৰৰ পুনৰীক্ষণৰ বাবে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে অতিৰিক্ত আয়ুক্ত পংকজ বৰাই । ইতিমধ্যে যোৰহাটৰ আৰক্ষীয়ে গুৰুত্ব সহকাৰে লৈ অনুসন্ধান আৰম্ভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে । জালিয়াতিৰে বহিঃৰাজ্য প্ৰাৰ্থীয়ে স্থানীয় লোকৰ বাবে থকা পদত নিযুক্তি লাভ কৰি অসম তথা উত্তৰ পূৱৰ যুৱক-যুৱতীসকলৰ লগত অন্যায় কৰা হৈছে । সচেতন ৰাইজেও জালিয়াতি কৰা বৃহৎ চক্ৰটো পুলিয়ে পোখাই উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ।

আনহাতে যোৰহাট জিলা অতিৰিক্ত আয়ুক্ত পংকজ বৰাই কয়,"এই বৃহৎ জালিয়াতিৰ চক্ৰটোত যদি চৰকাৰী বিভাগৰ কোনো লোক জড়িত আছে নেকি সেয়া তদন্ত কৰি পোহৰলৈ আনি দিবলৈও আহ্বান জনালোঁ তদন্তকাৰী আৰক্ষীক । যদি চৰকাৰী কৰ্মচাৰী এই জালিয়াতিৰ চক্ৰ লগত জড়িত থকা বুলি প্ৰমাণ পোৱা যায় ,তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

পূৰ্বতেও অতিৰিক্ত আয়ুক্তগৰাকীয়ে শোণিতপুৰত কাৰ্যনিৰ্বাহ কৰি থাকোতেও এনে জালিয়াতিৰ চক্ৰৰ কু-কৰ্ম পোহৰলৈ আনিছিল আৰু আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ।

লগতে পঢ়ক: আৰক্ষীৰ অভিযানত ডেৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ

নিজ সমষ্টিৰ বাঁহৰ সাঁকো বগাই ৰাইজৰ দুৰ্দশাৰ বুজ ল'লে ফণীভূষণ চৌধুৰীয়ে