নাছা ভ্ৰমণৰ সুযোগ কলিয়াবৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰৰ
ডিচেম্বৰৰ প্ৰথম সপ্তাহত নাছা ভ্ৰমণলৈ যাব গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈ ।

Published : May 17, 2026 at 5:20 PM IST
কলিয়াবৰ : বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰায়ভাগ শিক্ষাৰ্থীৰেই সপোন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নেশ্ব’নেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্বন (নাছা) ভ্ৰমণলৈ যোৱাৰ । এই সপোন বাস্তবায়িত কৰিলে এজন অসমৰ ছাত্ৰই । এইবাৰ নাছা ভ্ৰমণৰ বাবে সুযোগ লাভ কৰিছে নগাঁও জিলাৰ কলিয়াবৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰই । গুৰুকুল বিদ্যালয়ৰ ছাত্ৰজন হৈছে জোনাক জ্যোতি বৰদলৈ ।
এই ছাত্ৰজনে নাছা ভ্ৰমণৰ বাবে সুযোগ লাভ কৰাৰ পিচতেই বিদ্য়ালয়খনৰ শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত উঠিছে আনন্দৰ জোৱাৰ । এনে সুযোগ লাভ কৰা জোনাক জ্যোতি বৰদলৈয়ে এই সন্দৰ্ভত অনুভৱ ব্য়ক্ত কৰি কয়, "নাছা ভ্ৰমণৰ বাবে মই আইএছএছচিৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলো । এই পৰীক্ষাত সফলতা অৰ্জন কৰি নাছালৈ যোৱাৰ সুযোগ পাই খুব ভাল লাগিছে ।"
এই সুবিধা লাভ কৰা জোনাক জ্যোতি বৰদলৈয়ে এনে সুবিধা লাভ কৰাৰ বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । উল্লেখ্য় যে, চলিত বৰ্ষৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহত জোনাক জ্যোতিয়ে যাত্ৰা কৰিব আমেৰিকাৰ মহাকাশ সংস্থাটোলৈ । আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা ২০২৬ ৰ বিভিন্ন পৰ্যায়ত সফলতা অৰ্জন কৰি নাছা ভ্ৰমণৰ লগতে প্ৰখ্যাত মহাকাশচাৰী ড৹ ডন থমাছক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছে ।
এই প্ৰতিযোগিতাৰ বাবে ছাত্ৰজনক প্ৰস্তুত কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কলিয়াবৰ গুৰুকুলৰ শিক্ষক যতীন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এই খবৰ লাভ কৰাৰ পিচত আমি খুব সুখী । নাছাৰ কথা আমি সপোনত ভাবো । গতিকে আমাৰ বিদ্য়ালয়ৰ ছাত্ৰ এজনে নাছালৈ যোৱাৰ সুযোগ পোৱাটো আমাৰ বাবে সৌভাগ্য়ৰ কথা । ভৱিষ্যতে আমাৰ বিদ্য়ালয়ৰ ল'ৰা-ছোৱালীক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিবলৈ চেষ্টা কৰিম ।"
বিদ্য়ালয়খনৰ সঞ্চালকৰ প্ৰতিক্ৰিয়া :
ইপিনে, বিদ্য়ালয়খনৰ সঞ্চালক ৰাতুল বৰুৱাই ছাত্ৰজনৰ সাফল্য়ত আনন্দ প্ৰকাশ কৰি কয়, "এই সাফল্য়ৰ বাবে বিদ্য়ালয়ৰ পৰিয়ালটো খুবেই সুখী হৈছো । বিদ্যালয়খনৰ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ লগতে সহ-পাঠ্যক্ৰমিক কাৰ্যকলাপতো আগবঢ়াই নিছে । বিদ্যালয়খন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিবলৈ আমি যৎপৰোনাস্তি প্ৰচেষ্টা চলাই আছো ।"
আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা :
আন্তঃৰাষ্ট্ৰীয় মহাকাশ বিজ্ঞান প্ৰতিযোগিতা ২০২৬ আৰম্ভ হৈছিল এপ্ৰিলত । এই পৰীক্ষা মে' মাহলৈকে চাৰিটা পৰ্যায়ত অনুষ্ঠিত হয় । যোৱা ১৫ মে'ত বিদ্যালয়লৈ আহিল এই সুখৰ খৱৰটো ।
উল্লেখ্য় যে, মহাকাশ বিজ্ঞানৰ বিষয়ে শিক্ষার্থীসকলক আগ্রহী কৰাৰ উদ্দেশ্য়েই এই প্রতিযোগিতাৰ আয়োজন কৰা হয় । এই ধৰণেৰ প্রতিযোগিতাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে পঞ্চমৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষার্থীসকলৰ মাজত মহাকাশ বিজ্ঞান আৰু প্রযুক্তি দক্ষতা বৃদ্ধি কৰা । এনে শিক্ষাৰ্থীৰ মাজত বৈজ্ঞানিক কৌতূহল জাগ্রত কৰিবলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।
লগতে পঢ়ক:আৰ্টেমিছ অভিযানত কেনেদৰে কাম কৰিছিল এগৰাকী ভাৰতীয় যুৱ মহিলা অভিযন্তাই ?
'আইৰণমেন' উপাধি লাভেৰে বিশ্ব দৰবাৰত উজ্বলিল অসম সন্তান দীপন মেধী

