ETV Bharat / state

প্ৰসংগ জোনাইত লাউডস্পিকাৰত আজান: সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগ মছজিদ সমিতিৰ

আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ জোনাই বজাৰ জামে মছজিদ সমিতিৰ ।

Jonai Azan controversy
প্ৰসংগ জোনাইত লাউডস্পিকাৰত আজান: সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগ মছজিদ সমিতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 6, 2026 at 1:34 PM IST

4 Min Read
Choose ETV Bharat

জোনাই: শেহতীয়াভাৱে ধেমাজি জিলাৰ জোনাইত বিভিন্ন মছজিদত মাইকত উচ্চ প্ৰাব‍ল‍্যত আজান দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে । কেৱল সেয়াই নহয়, যোৱা মঙলবাৰে টিএমপিকে, আছু, এজেৱাইচিপি, আগছু আদিকে ধৰি ১৮ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে জোনাই সদৰ আৰক্ষী থানাত ইয়াৰ বিৰুদ্ধে এক স্মাৰক-পত্ৰ প্ৰদান কৰে । জোনাই বজাৰ, কমলপুৰ, নগঞা মুর্কংচেলেক মহাবিদ্যালয় সমীপৰ মছজিদসমূহত মাইকত উচ্চ স্বৰত আজান দিয়াত অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে শব্দ প্ৰদূষণেৰে এক অস্বাভাৱিক পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে এই সংগঠনকেইটাই ।

এই প্ৰসংগত শুকুৰবাৰে জোনাই বজাৰ জামে মছজিদ কমিটীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে একাংশ কণ্টেণ্ট ক্ৰিয়েটৰে সামাজিক মাধ্যমত ভুল তথ্য প্ৰকাশ কৰি সামাজিক তথা সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, জাতীয়-জনজাতীয় সংগঠনসমূহৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লাউডস্পিকাৰৰ শব্দ কমোৱাৰ ব্যৱস্থা কৰাৰ লগতে যিসকলে ভুল তথ্য প্ৰচাৰ কৰি আছে সেয়া যদি বন্ধ নকৰে তেন্তে ভৱিষ্যতে আইনী ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰে ।

প্ৰসংগ জোনাইত লাউডস্পিকাৰত আজান: সামাজিক মাধ্যমত অপপ্ৰচাৰৰ অভিযোগ মছজিদ সমিতিৰ (ETV Bharat Assam)

শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি জোনাই জামে মছজিদৰ সম্পাদক চাহিদ আনচাৰীয়ে কয়, "জোনাইত লাউডস্পিকাৰত আজানক কেন্দ্ৰ কৰি বিভিন্ন সামাজিক মাধ্যমত অপপ্ৰচাৰৰ চলাই আহিছে । আচলতে জোনাইৰ বিভিন্ন দল-সংগঠনৰ লগত আমি সমিলমিলেৰে আলোচনা কৰি লাউডস্পিকাৰত কম ছাউণ্ডত আজান দিয়াৰ ব্যৱস্থা কৰিছোঁ । জোনাই অঞ্চলত আমাৰ জামে মছজিদৰ ৭০ বছৰ হ'ল, কোনো দিনে ইয়াত আমাৰ ইছলাম ধৰ্মৰ লোকক অশান্তি কৰা নাই । আমি জোনাইত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমিলমিলেৰে বসবাস কৰি আছোঁ । আমি দল-সংগঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজান কম ছাউণ্ডত দিয়াৰ ব্যৱস্থা কৰিছোঁ ।"

জোনাইৰ মছজিদত লাউডস্পীকাৰত আজান দিয়া বন্ধ কৰা বুলি একাংশই প্ৰচাৰ কৰা সন্দৰ্ভত কয়, "আমি জোনাইত আজান বন্ধ কৰা নাই । গতিকে জোনাইৰ পৰিস্থিতি নজনাকৈ ফেচবুক বা কণ্টেণ্টে ক্ৰিয়েটৰসকলে বা ছ'চিয়েল মিডিয়াত আতংকিত হোৱাকৈ অপপ্ৰচাৰ নচলাবলৈ আহ্বান জনাইজোঁ । যদি বেছিকৈ ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ চলায় তেন্তে জোনাই জামে মছজিদ কমিটিয়ে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম ।"

তদুপৰি উপদেষ্টা আব্দুল নুৰে কয়, "জোনাইত আহি জোনাইৰ পৰিস্থিতি জানিহে কথা ক'ব লাগে, সামাজিক মাধ্যমত নিজৰ ভিউৱাৰ বঢ়াবলৈ নিৰ্দিষ্ট স্থানৰ পৰিৱেশ-পৰিস্থিতি নজনাকৈ যধেমধে অপপ্ৰচাৰ নচলাবলৈ আহ্বান জনাইছোঁ । আমি জোনাইত বহুত শান্তিত আছোঁ আৰু ভৱিষ্যতেও শান্তিত থাকিবলৈ দিয়ক ।"

উল্লেখ্য যে যোৱা ২ জুনত ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইত বিভিন্ন মছজিদত মাইকত উচ্চ প্ৰাব‍ল‍্যত আজান দিয়াক লৈ টিএমপিকে, আছু, এজেৱাইচিপি, আগছু আদিকে ধৰি ১৮ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে জোনাই সদৰ আৰক্ষী থানাত প্ৰদান কৰা স্মাৰক-পত্ৰত উল্লেখ কৰিছিল যে ধেমাজি জিলাৰ জোনাই হৈছে ৰাজ্যখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক গুৰুত্বপূর্ণ অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল । এই অঞ্চলটোত অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ, সাংস্কৃতিক আৰু ধর্মাৱলম্বীৰ লোকৰ মিলনভূমি । পূৰ্বৰে পৰাই শান্তি-সম্প্রীতি আৰু ঐক্যৰ বান্ধোনেৰে জাতীয় জীৱন অতিবাহিত কৰি আহিছে । কিন্তু সাম্প্রতিক সময়ত বিশেষ এটা পৰিৱেশে বৃহত্তৰ জোনাই অঞ্চলৰ নাগৰিকৰ মাজত অশান্তিকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে উল্লেখ কৰা হৈছে, বৃহত্তৰ জোনাই অঞ্চলৰ নাগৰিকে দেখিবলৈ পাইছে যে অঞ্চলটোৰ মছজিদ ক্রমে জোনাই বজাৰ, সুস্থ শৈক্ষিক আৰু সামাজিক পৰিৱেশৰ লগতে সকলো ধৰণৰ শান্তি-শৃংখলা ৰক্ষা কৰাৰ নিমিত্তে ১৮ টা বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে স্মাৰক-পত্ৰযোগে জোনাইত মছজিদত মাইকেৰে উচ্চ স্বৰত আজান দিয়া বন্ধ কৰি কম স্বৰত আজান দিবলৈ আৰক্ষীৰ ওচৰত দাবী জনায় ।

লগতে পঢ়ক :উচ্চ প্ৰব‍ল‍্যত মাইকত আজান দিয়া বন্ধ কৰাৰ দাবীত ১৮ টা সংগঠনৰ স্মাৰক পত্ৰ
লগতে পঢ়ক :অৰুণাচলত অবৈধভাৱে চলি থকা মছজিদত প্ৰশাসনৰ তলা