গুৱাহাটীত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত এজন
পানীখাইতিৰ গান্ধীনগৰ নিবাসী নৰ বাহাদুৰ চেত্ৰীয়ে কিছুদিন ধৰি জ্বৰ আৰু স্নায়ৱিকজনিত লক্ষণত ভুগি আছিল । পিছত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় ।

Published : June 12, 2026 at 1:27 PM IST
গুৱাহাটী: ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ আৰু একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমে উদ্বেগজনক ৰূপ ধাৰণ কৰাৰ খবৰ পোহৰলৈ আহিছে ৷ তাৰ মাজতে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পানীখাইতি অঞ্চলত এজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । এই ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰাৰ লগতে স্বাস্থ্য বিভাগৰ ভূমিকা সন্দৰ্ভত প্ৰশ্নৰ উদয় কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, পানীখাইতিৰ গান্ধীনগৰ নিবাসী নৰ বাহাদুৰ চেত্ৰীয়ে কিছুদিন ধৰি জ্বৰ আৰু স্নায়ৱিকজনিত লক্ষণত ভুগি আছিল । স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৩ জুনত তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত তেওঁৰ শাৰীৰিক অৱস্থা অধিক সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ স্থানান্তৰ কৰা হয় ।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকে তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত ৪ জুনত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় । বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।
ৰোগীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়ে কয়, ‘‘যোৱা কিছুদিন ধৰি তেওঁ জ্বৰ আৰু মূৰৰ প্ৰচণ্ড বিষ অনুভৱ কৰি আছিল । দুৰ্বল অনুভৱো কৰিছিল । আমি প্ৰথমে সাধাৰণ জ্বৰ বুলি ভাবিছিলোঁ, কাৰণ তেওঁৰ ইমিউনিটিৰ প্ৰব্লেম আছিল । নিশা তেওঁক আমি প্ৰথমে আমগাঁও স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওঁ । তেতিয়া চিকিৎসকে চেলাইন দিয়ে ৷ তেওঁৰ জিভাখন বগা পৰি গৈছিল । পিছত তেওঁৰ বেমাৰ বাঢ়ি যোৱাত প্ৰথমে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰাওঁ যদিও স্বাস্থ্য উন্নত নোহোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যাওঁ । তাতেই জাপানীজ এনকেফেলাইটিছ ধৰা পৰে । বৰ্তমানে স্বাস্থ্য বিভাগে সহায়-সহযোগিতা কৰিছে ।’’
ইপিনে এই সন্দৰ্ভত এজন সচেতন ব্যক্তিয়ে কয়, ‘‘সমগ্ৰ অঞ্চলটোত মহৰ উপদ্ৰৱ বৃদ্ধি পাইছে । জাপানীজ এনফেলাইটিজত এগৰাকী ব্যক্তি আক্ৰান্ত হোৱাৰ পিছত সম্প্ৰতি ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু গুৱাহাটীৰ ভিন্ন প্ৰান্তত যথেষ্ট মহৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও সেইবোৰ অঞ্চলত ধোঁৱা দিয়াৰ ব্যৱস্থা এতিয়াও কৰা দেখা নাই । বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷’’
আনহাতে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ৰোগীজনৰ দেহত জাপানীজ এনকেফেলাইটিছ ধৰা পৰাৰ পাঁচ দিন অতিক্ৰম কৰাৰ পিছত অঞ্চলটোত জিলা স্বাস্থ্য বিভাগে ধোঁৱা দি কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে । বিশেষকৈ মহ দূৰীকৰণ অভিযান, আঁঠুৱা ঔষধিকৰণ, ঘৰে ঘৰে স্বাস্থ্য পৰীক্ষা বা সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ দৰে অত্যাৱশ্যকীয় পদক্ষেপৰ অভাৱ পৰিলক্ষিত হৈছে বুলিও কয় তেওঁলোকে ।
স্থানীয় একাংশ লোকে কয় যে চন্দ্ৰপুৰ-পানীখাইতি অঞ্চলত বহুদিনৰ পৰাই মেলেৰিয়া, ক’লাজ্বৰ আৰু জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে । অঞ্চলটোৰ বহু স্থানত বৰ্ষাকালত পানী জমা হৈ থকাৰ ফলত মহৰ বংশ বৃদ্ধি পায় । এনে পৰিস্থিতিত এজন ৰোগী চিনাক্ত হোৱাৰ পিছতে স্বাস্থ্য বিভাগে ব্যাপক প্ৰতিষেধক আৰু সজাগতামূলক অভিযান চলোৱা উচিত ৷
উল্লেখ্য যে জাপানীজ এনকেফেলাইটিছ মূলতঃ Culex প্ৰজাতিৰ মহে কামোৰাৰ ফলত হয় আৰু এই মহেই এজন মানুহৰ পৰা আন এজনৰ দেহলৈ এই বেমাৰ কঢ়িয়ায় । এই ৰোগে মগজুত প্ৰবাহ সৃষ্টি কৰিব পাৰে আৰু ৰোগীৰ মৃত্যুৰ কাৰণো হ’ব পাৰে । বিশেষকৈ শিশুসকল আৰু দুৰ্বল ৰোগপ্ৰতিৰোধ ক্ষমতাসম্পন্ন ব্যক্তিসকল অধিক বিপদত পৰে ৷

