বিশ্বনাথৰ ৬৬ খন গাঁৱত 'জন ভাগীদাৰী' অভিযান
অনুসূচীত জনজাতিৰ বাবে চৰকাৰী কল্যাণমূলক আঁচনি আৰু সেৱাৰ পৰিপূৰ্ণতা নিশ্চিত অভিযান ।

Published : May 26, 2026 at 10:52 AM IST
বিশ্বনাথ চাৰিআলি: অনুসূচিত জনজাতিৰ বাবে সকলো চৰকাৰী কল্যাণমূলক আঁচনি আৰু সেৱাৰ পৰিপূৰ্ণতা নিশ্চিত কৰিবলৈ দেশজুৰি আৰম্ভ কৰা হৈছে "জন ভাগীদাৰী-আটাইতকৈ দূৰৈৰ,আটাইতকৈ প্ৰথম" অভিযান । ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত বিশ্বনাথ জিলাতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
সোমবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে জিলা প্ৰশাসনে । সহকাৰী আয়ুক্ত সংযুক্তা গগৈয়ে জিলাখনৰ বিভিন্ন ঠাইত ৰূপায়ণ কৰা সপ্তাহজোৰা এই অভিযানৰ সবিশেষ অৱগত কৰে । সহকাৰী আয়ুক্তগৰাকীয়ে কয়, "বিশ্বনাথ জিলাত ১৮ মে'ত বৰগাং আদি সেৱা কেন্দ্ৰত বিশ্বনাথৰ জিলা আয়ুক্ত লক্ষীনন্দন চহৰীয়াই সপ্তাহজোৰা এই অভিযান উদ্বোধন কৰে ।" এই উপলক্ষে জিলা আয়ুক্তগৰাকীয়ে জনজাতীয় হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ দুৱাৰমুখত বিভিন্ন ৰাজহুৱা সেৱা প্ৰদান কৰাত সহায় কৰা বুলিও কয় সহকাৰী আয়ুক্তগৰাকীয়ে ।
জনজাতীয় সম্প্ৰদায়ৰ মাজত চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ কাৰ্যকৰী বিতৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে জিলাখনৰ পাঁচটা উন্নয়ন খণ্ড-সাকোমঠা, বিহালী, বিশ্বনাথ, ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰত বিস্তৃতভাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা বুলি উল্লেখ কৰে সহকাৰী আয়ুক্তগৰাকীয়ে । বিশ্বনাথ জিলা প্ৰশাসনৰ তত্বাৱধানত বিভিন্ন উন্নয়নমূলক খণ্ডৰ বিভিন্ন আদি সেৱা কেন্দ্ৰত স্বাস্থ্য শিবিৰ, পৰিপূৰ্ণ শিবিৰ, ট্ৰেনজেক্ট ৱাক আৰু 'জন শুনৱাই' কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

জনজাতীয় সম্প্ৰদাসমূহলৈ চৰকাৰী কল্যাণমূলক সেৱা কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰাৰ বাবে এই অভিযানত স্বাস্থ্য,পশু চিকিৎসা, মীনপালন, কৃষি, মহকুমা কল্যাণ কাৰ্যালয়, শিক্ষা, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, শক্তি বিতৰণ কোম্পানী আৰু অন্যান্য সম্পৰ্কিত বিভাগকে ধৰি কেইবাটাও বিভাগে অংশগ্ৰহণ কৰে । এই শিবিৰসমূহৰ জৰিয়তে, জনজাতীয় সম্প্ৰদায়সমূহক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অধীনত লাভালাভ প্ৰদান কৰাৰ লগতে অত্যাৱশ্যকীয় নথি-পত্ৰ আৰু ৰাজহুৱা সেৱাৰ সৈতে সম্পৰ্কিত সহায় প্ৰদান কৰা হয় ।

সহকাৰী আয়ুক্তগৰাকীয়ে উল্লেখ কৰা মতে, সাকোমঠা উন্নয়ন খণ্ডত ৩খন গাঁৱৰ ১৫ টা শিবিৰৰ জৰিয়তে মুঠ ২, ৮০০ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হয় । একেদৰে বিহালী উন্নয়ন খণ্ডত ১২খন গাঁৱৰ ৬ টা শিবিৰৰ জৰিয়তে ৬৫৩ গৰাকী হিতাধিকাৰীক সামৰি লয় । বিশ্বনাথ উন্নয়ন খণ্ডত এখন গাঁৱত এটা শিবিৰত ১৫০ জন হিতাধিকাৰী, ছয়দুৱাৰ উন্নয়ন খণ্ডত ৩খন গাঁৱত ১৫ টা শিবিৰত ৯৮৩ গৰাকী হিতাধিকাৰীয়ে বিভিন্ন আঁচনিৰ অধীনত লাভালাভ আৰু সেৱা প্ৰাপ্ত কৰে। সেইদৰে পূব ছয়দুৱাৰ উন্নয়ন খণ্ডতো এই অভিযানৰ অধীনত ৮ খন গাঁৱৰ ১২ টা শিবিৰত মুঠ ৬৯৯ গৰাকী হিতাধিকাৰীক সামৰি লোৱা হৈছিল ।

এই অভিযানত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, আধাৰ কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড, অৰুণোদয়, প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ), বন অধিকাৰ পট্টা, পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, পিএম জীৱন জ্যোতি বীমা যোজনা, পিএম কিষাণ সন্মান নিধি যোজনা, পিএম সুৰক্ষা বীমা যোজনা, পিএম বিশ্বকৰ্মা যোজনা, ৰেচন কাৰ্ড আৰু জল জীৱন মিছন আদিৰ সৈতে সম্পৰ্কিত সেৱা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় । ইয়াৰ উপৰি টীকাকৰণ, যক্ষ্মা, চিকল চেল, মেলেৰিয়া পৰীক্ষা, উচ্চ আৰু নিম্ন ৰক্তচাপ, গেষ্ট্ৰাইটিছ, ৰক্তহীনতা আৰু এএনচি সেৱাৰ বাবে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক:কম মূল্যত শাক-পাচলি পোৱা মহানগৰীৰ এখন বিশেষ বজাৰ
স্বচ্ছতাৰ দিশত আৰু এখোজ নগাঁও চহৰ: পৌৰসভাই জাৰি কৰিছে কেবাটাও নীতি-নিৰ্দেশনা

