এফালে ঈদ, সন্মুখত নিৰ্বাচন : আইন নমনা চালকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন
জীয়াভৰলী দলঙত যানবাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

Published : March 21, 2026 at 7:22 PM IST
বিশ্বনাথ : আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ-উল-ফিটৰ । এই বিশেষ দিনটোত শোণিতপুৰ জিলাৰ অন্তৰ্গত নদুৱাৰ সমষ্টিৰ জীয়াভৰলী দলঙত এক ব্যতিক্ৰমী দৃশ্য দেখা গৈছে । দলঙৰ ওপৰত ফটো উঠিবলৈ বিভিন্ন স্থানৰ পৰা যুৱক-যুৱতী তথা একাংশ লোকে ভিৰ কৰিছে । পিছে তাৰ মাজতে বহু চালকে যান-বাহন আইন উলংঘন কৰা দেখা গৈছে । একাংশ বাইক আৰোহীক ৰাজপথত উদ্ভণ্ডালি কৰাও দেখা গৈছে । যাৰ বাবে সেইসকল চালকক বাধা দিবলৈ ৰাজপথত সাজু জামুগুৰিহাট আৰক্ষী । তীব্ৰগতিত গাড়ী চলোৱা, হেলমেট পৰিধান নকৰা, ছীট বেল্ট নমৰা চালকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী ।
এই সন্দৰ্ভত জামুগুৰিহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া উজ্জ্বল কুমাৰ দাসে কয়, "আজি ঈদৰ পবিত্ৰ দিনটোত পৰিয়ালৰ সৈতে ঘৰত থাকি উৎসৱ পালন কৰিব লাগে । কিন্তু তাকে নকৰি একাংশ যুৱকে এইদৰে পথটো যান-জঁটৰ সৃষ্টি কৰিছে । অৰাজকতা সৃষ্টি কৰি সম্পূৰ্ণ যান-বাহন আইন উলংঘন কৰিছে । উপায়হীন হৈ আৰক্ষীয়ে যুৱকক নিয়ন্ত্ৰণৰ চেষ্টা কৰাৰ লগতে জৰিমনা বিহাৰ দৰে কঠোৰ পদক্ষেপ লোৱা হৈছে ।"
ইফালে আৰক্ষীৰ পদক্ষেপক বিভিন্নজনে আদৰণি জনাইছে । এজন লোকে কয়, "আৰক্ষীয়ে যি কাম কৰিছে এয়া ভাল কৰিছে । কিন্তু একাংশ যুৱকে আৰক্ষীকো সন্মান কৰা নাই । যানবাহন আইন মানি চলা নাই তাৰ বাবে আৰক্ষী অধিক কঠোৰ হ'ব লাগে ।"


আৰক্ষীৰ পদক্ষেপক আদৰণি জনাই ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ অসম ৰাজ্যিক মুখ্য উপদেষ্টাই কয়, "আমি সকলোৰে ভালটো বিচাৰো, শান্তি বিচাৰোঁ । কিন্তু ইয়াত একাংশ যুৱকে কোনো হেলমেট পৰিধান নকৰাকৈ আৰক্ষীৰ সন্মুখতে ঘূৰি ফুৰিছে আৰু সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে লোৱা কঠোৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ ।"

কেৱল আৰক্ষীয়ে নহয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগৰ ফ্লায়িং স্কোৱাড আৰু এছ এছ টিয়েও (ষ্টেটিক চাৰ্ভিলেন্স টীম) একেটা স্থানতে অভিযান অব্যাহত ৰাখিছে । প্ৰতিখন বাহনে তন্নতন্নকৈ তালাচী কৰিছে ।
লগতে পঢ়ক :
গুৱাহাটীতো উলহ-মালহেৰে পালন ঈদ-উল-ফিটৰ : অজাপৰ প্ৰাৰ্থী কুংকিও আহিল নামাজলৈ

