ETV Bharat / state

কংক্ৰিটৰ মাজতো কৃষিকৰ্মৰে সফল হ'ব পাৰি...

যোৰহাট নগৰৰ পুলিবৰত থকা জানকী ফাৰ্ম । এগৰাকী সফল উদ্যোগীৰ চিন্তাৰ ফল এই ফাৰ্মত কি নাই !

Jaanki Farm in Jorhat
এগৰাকী সফল উদ্যোগীৰ চিন্তাৰ ফল এই ফাৰ্মত কি নাই ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 7:09 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: লুইতৰ চাপৰি বা গ্ৰামাঞ্চলত নহয়, কংক্ৰিটৰ নগৰীত কৃষিকৰ্ম এগৰাকী ৬৮ বছৰীয়া উদ্যোগীৰ । ৮ বিঘা মাটিৰ এই কৃষিপাম চালে চকুৰোৱা । নাম জানকী ফাৰ্ম । যোৰহাট নগৰৰ গাতে লাগি থকা পুলিবৰত ২০১৪ চনত প্ৰকৃতিপ্ৰেমী আনন্দ আগৰৱালাই আৰম্ভ কৰিছিল এই কৃষিপাম । এই কৃষিপামত অধুনালুপ্ত থলুৱা ফলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ শাক-পাচলি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হয় । লিচু, লেতেকু, পনিয়ল, মৌচম্বী, বিভিন্ন প্ৰজাতি আমৰ পৰা আৰম্ভ কৰি ড্ৰেগন ফল, অৰ্কিড আদিৰে জাতিষ্কাৰ হৈ আছে এই কৃষিপাম । পিতৃৰ পদাংক অনুসৰণ কৰিয়েই কৃষিকৰ্মত নিজকে নিয়োজিত কৰা আনন্দ আগৰৱালাই যোৰহাটৰ জনতাক নিৰ্ভেজাল পাচলি যোগানৰ প্ৰয়াস কৰি আহিছে ।

এই সন্দৰ্ভত তেওঁ কয়, "আমাৰ কৃষিফাৰ্মত কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ । আমাৰ ফাৰ্মত গৰু আছে । গোবৰহে কৃষিত ব্যৱহাৰ কৰোঁ । সকলো ধৰণৰ শাক-পাচলি হয় । বৰষুণৰ বতৰত বিশেষ পদ্ধতিৰে শাক-পাচলিৰ খেতি কৰা হয় ।"

এগৰাকী সফল উদ্যোগীৰ চিন্তাৰ ফল এই ফাৰ্মত কি নাই ! (ETV Bharat)

কেৱল সিমানেই নহয়, এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থতো নিৰন্তৰে কাম কৰি আহিছে । যোৰহাট নগৰৰ অজন্তা বাইপাছৰ পৰা দেৰগাঁৱলৈকে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেওঁ শ শ গছপুলি ৰোপণ কৰিছে । ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত বহু গছ কাটি পেলোৱা হৈছিল আৰু সেই স্থান পূৰণৰ বাবে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Jaanki Farm in Jorhat
যোৰহাট নগৰৰ পুলিবৰত থকা জানকী ফাৰ্ম (ETV Bharat)
Jaanki Farm in Jorhat
জানকী ফাৰ্মত আছে ৬৮ জনী গীৰ গাই (ETV Bharat)

সম্প্ৰতি আগৰৱালাৰ জানকী কৃষিপাম পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে । ব্যতিক্ৰমী কৃষিপামখন চাবলৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে । কাৰণ তেওঁৰ কৃষিপামত কেৱল শাক-পাচলি বা ফলমূলেই নহয় বিভিন্ন ঔষধি উদ্ভিদ, মচলা বা ব্যৱসায়িকভিত্তিক উদ্ভিদো আছে । সচৰাচৰ অসমৰ কৃষকে নকৰা খেতিও তেওঁ কৰে ।

Jaanki Farm in Jorhat
বিভিন্ন প্ৰকাৰৰ ফল আছে জানকী ফাৰ্মত (ETV Bharat)

এই জানকী কৃষিপামত আছে ৬৮ জনী গীৰ গাই । দৈনিক উৎপাদন কৰে প্ৰায় ২০০ লিটাৰ গাখীৰ । থলুৱা গৰুও আছে তেওঁৰ পামত । প্ৰকৃতিপ্ৰেমী আগৰৱালাই তেওঁৰ কৃষিপামত ২০ গৰাকী স্থানীয় লোকক সংস্থাপন দিছে । লক্ষণীয় যে আনন্দ আগৰৱালাৰ কৃষিপামত আছে তেজপুৰৰ লিচু । এইবাৰ লিচু ১০ হাজাৰ উৎপাদন হৈছে । তেওঁ জনোৱা মতে গুণাগুণ, আকাৰ আৰু সোৱাদ সকলো একেই । এই সন্দৰ্ভত তেওঁ কয়, "তেজপুৰৰ লিচু বিখ্যাত বুলি কোৱা হয় । এটা এটা লিচুৰ ৫০ টকা দাম । কিন্তু তেজপুৰ লিচু আমাৰ ইয়াতো হৈছে । আভাকাডো কৰিছোঁ । ড্ৰেগন ফল খুব ভাল হয় ইয়াত । মিয়াজাকি আমো আছে আমাৰ ইয়াত । তাৰ দাম ২.৫ লাখ টকা কেজি বুলি শুনিছোঁ । অৱশ্যে এতিয়ালৈ ইয়াত উৎপাদন হোৱা নাই ।" তেওঁ লগতে অসমৰ যুৱ সমাজকো কৃষিকৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে ।

Jaanki Farm in Jorhat
জানকী ফাৰ্মত জৈৱিক পদ্ধতিৰে কৰা হয় শাক-পাচলি (ETV Bharat)

উল্লেখ্য যে অসম চৰকাৰৰ পূৰ্বৰ কৃষি মন্ত্ৰী অতুল বৰায়ো আনন্দ আগৰৱালাৰ জানকী কৃষিফাৰ্ম পৰিদৰ্শন কৰিছিল । ফাৰ্মখন দেখি তেওঁ অভিভূত হৈ পৰিছিল । তেওঁৰ কৃষিকৰ্মক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছিল বুলিও উল্লেখ কৰে ।

Jaanki Farm in Jorhat
জানকী ফাৰ্মত স্থানীয় বহু লোকে সংস্থাপন লাভ কৰিছে (ETV Bharat)

কৃষিকৰ্মৰ লগতে পৰিৱেশ সংৰক্ষণৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে ইতিমধ্যে আনন্দ আগৰৱালাক সন্মানিত কৰা হৈছে । ২০২৬ বৰ্ষৰ পদ্মশ্ৰী যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটাও তেওঁক প্ৰদান কৰা হৈছিল ।

লগতে পঢ়ক :

ৰুগীয়া পৃথিৱীক সন্তুলিত কৰাৰ প্ৰচেষ্টা; ১২০০ হেক্টৰ ভূমিত অৰণ্য সৃষ্টিৰে সেউজী ধৰণী গঢ়াৰ প্ৰয়াস