বিধায়ক মহোদয়ে আহি পথছোৱা চাই যাওঁক : বিশ্বজিৎ ফুকনক উন্নয়নৰ নমুনা চাবলৈ আহ্বান ৰাইজৰ
চৰকাৰে আঁচনিৰ নামৰ ধন মোকলাই দিয়ে যদিও উন্নয়নহে নহয় । ৰাইজে দুৰ্ভোগ ভুগিয়েই আছে কিয় ?

Published : January 28, 2026 at 3:56 PM IST
সৰুপথাৰ : চৰকাৰে যাতায়তৰ উন্নয়ন হোৱা বুলি দাবী কৰিলেও প্ৰকৃততে সকলো ঠাইতে সমউন্নয়ন হৈছে নে ? চৰকাৰে আঁচনিৰ নামৰ ধন মোকলাই দিয়ে; কিন্তু উন্নয়নহে নহয় । চৰকাৰে এই দাবী কৰিলেও ৰাইজে দুৰ্ভোগ ভুগিয়েই আছে কিয় ?
সন্মুখত ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততেই গ্ৰামাঞ্চলৰ ৰাইজৰ অভাৱ-অভিযোগ, উন্নয়ৰ প্ৰকৃত ছবিখন ওলাই পৰে । এই ছবিখন ফুটি উঠিছে সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰেমহৰা পঞ্চায়তৰ ২নং প্ৰেমহৰা গাঁৱৰ ৰাইজৰ অভিযোগ । সৰুপথাৰ সমষ্টিত এমজিএনৰেগা (MGNREGA) আঁচনিৰ অধীনত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে । সেয়েহে আজিলৈকে সম্পূৰ্ণ হোৱা নাই পথ ।
এমজিএনৰেগা ২০২৪-২৫ বৰ্ষৰ পূঁজিৰে সমষ্টিটোৰ প্ৰেমহৰা গাঁও পঞ্চায়তৰ অধীনৰ ২ নং প্ৰেমহৰা গাঁৱত ৩,৮২,১৬৫ টকাৰে চেণ্ডগ্ৰেভেল দিয়া হৈছিল । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথছোৱাত অতি নিম্নমানৰ কাম কৰিছে। চেণ্ডগ্ৰেভেল দিয়াৰ পিছতো বাৰিষা দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে ।
ৰাইজে কৰা অভিযোগ মতে, এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পথত চেণ্ডগ্ৰেভেল নিয়মমতে দিয়া নাই । ইপিনে, ৰাইজে নাজানে কোন ঠিকাদাৰে নিৰ্মাণ কৰিছে পথছোৱা ।

উন্নয়নৰ নমুনা চাবলৈ আহ্বান :
ৱাৰ্ড সদস্যৰ কথাটো বাদেই, পঞ্চায়তৰ সভাপতিক সুধিলেও কোনে কাম কৰিছে নাজানো বুলিহে কয় । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰী আঁচনিৰ নামত দুৰ্নীতি কৰি চৰকাৰৰ উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰি আহিছে একাংশ ঠিকাদাৰে ।
এই বিষয়ত হয়তো সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন জ্ঞাত নহয় । ইপিনে, স্থানীয় ৰাইজে বিধায়কগৰাকীক গাঁৱখনলৈ মাতিছে, উন্নয়নৰ নমুনা চাবলৈ ।

কোনে কাম কৰিলে সেইটো আমি গম নাপালো :
এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই ইটিভি ভাৰতক কয়, "২ নং প্ৰেমহৰা গাঁৱৰ ৰাইজে সৰুপথাৰ-বৰপথাৰলৈ যোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে এই পথেৰেই যাতায়ত কৰিবলগীয়া হয় । বাৰিষা কালত যেতিয়া ল'ৰা-ছোৱালী বিদ্যালয়লৈ যায়, তেতিয়া চাইকেল আমি পকী পথলৈ উলিয়াই দিবলগীয়া হয় । বিদ্যালয় ছুটি হোৱাৰ পিছতো আমি পুনৰ পকী পথৰ পৰা ঘৰলৈ চাইকেল ঠেলি লৈ যাওঁ । বাৰিষা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ বহুতে শিক্ষানুষ্ঠানত অনুপস্থিত থাকিবলগীয়া হয় । এমজিএনৰেগা আঁচনিৰ ফলক এখন যেতিয়া আঁৰিছে তেতিয়াহে গম পাইছিলো যে ইমান পইচা আহিছিল । যিমান পইচা আহিছিল সিমান কাম ন'হল, কোনে কাম কৰিলে সেইটো আমি গম নাপালো ।"

এটা পথতেই দুখন ছবি :
আন এগৰাকী মহিলাই কয়, "ৰাস্তাটোত চেণ্ডগ্ৰেভেল দিয়া হৈছিল; কিন্তু যিদৰে দিব লাগিছিল তেনেদৰে দিয়া নাই । মূল পথৰ পৰা অলপ দূৰলৈকে ভালকৈয়ে দিছিল চেণ্ডগ্ৰেভেল; কিন্তু ভিতৰৰ ফালে বিপৰীত ছবি । মানুহে পথছোৱাত সোমাই আহোতেই ভাবিব ভালকৈ নিৰ্মাণ হৈছে; কিন্তু পথছোৱাৰ ভিতৰলৈ আহিলেহে গম পাব প্ৰকৃত ছবি । পথছোৱাৰ মাজতেই খলাবমা । এজাক বৰষুণ দিলেই গাড়ী যোৱাত অসুবিধা । ৰোগী নিলেও গাড়ীৰ পৰা নমাই নিবলগীয়া হয় । বিধায়ক মহোদয়ক অনুৰোধ জনাইছো যে প্ৰেমহৰা পঞ্চায়তৰ বাট-পথসমূহ সুচল কৰি তোলে ।"
এই সন্দৰ্ভত আন এগৰাকী মহিলাই কয়, "প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত ২ নং প্ৰেমহৰা গাঁৱৰ এই পথছোৱাত এমজিএনৰেগা ২০২৪-২৫ বৰ্ষৰ পূঁজিৰে ৩,৮২,১৬৫ টকাৰে চেণ্ডগ্ৰেভেল দিয়া হৈছিল; কিন্তু যিদৰে দিব লাগিছিল সেইদৰে নিদিলে । কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ দিয়া বাবে চেণ্ডগ্ৰেভেলসমূহ নাইকীয়া হৈ গৈছে । কেৱল ফলকতহে দেখিছো ইমান টকাৰ কাম কৰিছিল; কিন্তু কাৰ্যত হোৱা নাই । ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতায়তত যথেষ্ট অসুবিধা । প্ৰেমহৰা বুলি ক'লেই এম্বুলেন্সৰ লগতে অন্য গাড়ী আহিবলৈ সংকোচ কৰে । কিয়নো জৰাজীৰ্ণ পথ ।"

তেওঁ লগতে কয়, "বিধায়ক মহোদয়ে আহি পথছোৱা চাই যাওক । তেওঁ ভাৱিছে ৰাস্তাটো ভাল হৈছে, ফলকখন দেখিছে; কিন্তু প্ৰকৃততে সিমান টকাৰ গ্ৰেভেল পৰিল নে নাই চাই যাওক । কোন ঠিকাদাৰে কাম কৰিছিল আমি নাজানো । নিশাই শিলগুটি পেলায় পথটোত । গাঁও সভাপতিক সুধিলেও নাজানো বুলিহে কয় ।"

