মহাথেৰা ভিক্ষুক হত্যা কৰিলে কোনে ?
মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ইন্দৰবংশ মহাথেৰা ভিক্ষুক হত্যা ৷ মৃতদেহৰ কাষতে উদ্ধাৰ ৰক্তাক্ত কুঠাৰ । ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবী ৷

Published : November 23, 2025 at 12:18 PM IST
তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ ঘটনাই এতিয়া জোকাৰি গৈছে ৰাজ্য । শনিবাৰে নিশা মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ ইন্দৰবংশ মহাথেৰা ভিক্ষুক কোনো দুৰ্বিত্বই হত্যা নিজৰ কোঠাৰ বিচনাতেই হত্যা কৰে । মৃতদেহটোৰ কাষতে এখন ৰক্তাক্ত কুঠাৰো উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
ইয়াৰ পৰা অনুমান কৰিব পাৰি যে মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰৰ বিহাৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক কোনো দুৰ্বৃত্তই কুঠাৰেৰে অতি নিৰ্মমভাৱে হত্যা কৰি থৈ যায় । ইনথেম বৌদ্ধ বিহাৰৰ ভিক্ষু ইন্দ্ৰবংশ মহাথেৰা ।
বৌদ্ধ ধৰ্মগুৰুজনক কোনে কি কাৰণত হত্যা কৰিলে বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও নিশাই ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে । সমান্তৰালভাৱে মৃতদেহটোৰ কাষতে উদ্ধাৰ কৰা ৰক্তাক্ত কুঠাখন আৰক্ষীয়ে জব্দ কৰে ।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ঘটনাস্থলীত উপস্থিত হৈ গোৰ্খা ছাত্ৰ সন্থা পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি সুভাষ তামাঙে কয়, "আমি জানিব পাৰো যে ভাত দিবলৈ আহোঁতে মৃতদেহটো হঠাৎ কোঠাৰ ভিতৰতে পৰি আছে আৰু কাষতে এখন ৰক্তাক্ত কুঠাৰ । গতিকে ইয়াৰ পৰা নিশ্চিত যে এয়া এক হত্যাকাণ্ডৰ ঘটনা । আজিলৈকে এনেধৰণৰ ঘটনা আমি দেখা নাই ৷ এখেত ৫৫ বছৰীয়া আছিল যদিও আমাৰ ইয়ালৈ অহা ৩ বছৰ হৈছিল ৷"
তেওঁ লগতে কয়, "এগৰাকী ধৰ্মগুৰুক হত্যা কৰাটো কেতিয়াও সহ্য কৰিব নোৱাৰি । ইতিমধ্যে আৰক্ষী আহিছে । গতিকে আমি বিচাৰিছো যে ঘটনাৰ উচিত তদন্ত কৰক আৰু দুখিক ২৪ ঘণ্টাৰ ভিতৰত বিচাৰি উলিয়াই কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক । নহ’লে কিন্তু আমি হাত সাবটি বহি নাথাকোঁ । আমাৰ সন্দেহ এই অঞ্চলত অবাধ হাৰত নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ’ব পাৰে ।"

