শ্যামকানু-সিদ্ধাৰ্থহঁতৰ বাবে জ্বলিছে বাক্সা ! অগ্নিগৰ্ভা বাক্সাত সাময়িকভাৱে বাতিল ইণ্টাৰনেট সেৱা, ১৬৩ ধাৰা জাৰি
৫ অভিযুক্তক আৰক্ষীয়ে লৈ বাক্সাত উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় ভয়ংকৰ পৰিস্থিতি ।আৰক্ষীৰ বাহনৰ লগতে কৰ্তব্যৰত সাংবাদিকক উদ্দেশ্যি একাংশ ক্ষুব্ধ লোকৰ শিলাবৰ্ষণ ।

Published : October 15, 2025 at 9:43 PM IST
গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক লৈ অগ্নিগৰ্ভা হৈ পৰা বাক্সাত ১৬৩ ধাৰা জাৰি কৰি সমাৱেশত নিষেধাজ্ঞা দিয়াৰ লগতে জিলাখনত সাময়িকভাৱে ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে প্ৰশাসনে ৷ অসম আৰক্ষীয়ে ৰুজু কৰা ’জুবিন হত্যা গোচৰ’ ৰ অন্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গসহ ৫ জনক বাক্সাৰ নিকাছিস্থিত নতুন, অব্যৱহৃত বাক্সা জিলা কাৰাগাৰলৈ আদালতে ন্যায়িক জিম্মালৈ কঠোৰ নিৰাপত্তাৰ মাজেৰে প্ৰেৰণ কৰাৰ পিছতেই লৈ যায় আৰক্ষীয়ে ।
৫ অভিযুক্তক আৰক্ষীয়ে লৈ বাক্সাত উপস্থিত হোৱাৰ পিছতেই সৃষ্টি হয় ভয়ংকৰ আইন-শৃংখলা জড়িত পৰিস্থিতিৰ । ৫ অভিযুক্তক কঢ়িয়াই নিয়া আৰক্ষীৰ বাহনৰ লগতে আৰক্ষীলৈ ক্ষুব্ধ একাংশ লোকে কৰে শিলাবৰ্ষণ ।
এই শিলাবৰ্ষণত আহত হয় ১০ জনকৈ সাংবাদিক, কেইবাগৰাকীও আৰক্ষীৰ লোক । উত্তেজিত লোকে জ্বলাই দিয়ে এটা টিভি চেনেলৰ এখন গাড়ী । পৰিস্থিতি এনে হয়গৈ আৰক্ষীয়ে লাঠিচালনাৰ লগতে শূন্যলৈ গুলীচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় । তথাপিতো পৰিস্থিতি নিয়ন্ত্ৰণলৈ নহাত শান্তি আৰু ৰাজহুৱা শৃংখলা বজাই ৰখাৰ উদ্দেশ্যৰে বি এন এছ এছৰ অধীনত ১৬৩ ধাৰা জাৰি কৰে ৷ লগতে ইণ্টাৰনেট আৰু টেলিকম সেৱা ৰদ ঘোষণা কৰে ।

হাতত আগতীয়া কোনো খবৰ নথকা অসম আৰক্ষী এই পৰিস্থিতিত হৈ পৰে কিংকৰ্তব্য বিমোৰ । বি এন এছ এছৰ অধীনত জাৰি কৰা ১৬৩ ধাৰাৰ অধীনত বাক্সা জিলাৰ মুছলপুৰ আৰু নিকাছিৰ কাৰাগাৰৰ সমীপৱৰ্তী অঞ্চলত বাধা-নিষেধ আৰোপ কৰা হয় ৷ সেই অনুসৰি বাক্সা জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ১৬৩ ধাৰাৰ অধীনত মুছলপুৰ অঞ্চল আৰু জিলা কাৰাগাৰ, নিকাছিকে ধৰি বাক্সাৰ সংলগ্ন অঞ্চলত তৎক্ষণাৎ কাৰ্যকৰী হোৱাকৈ কেতবোৰ কাৰ্য-কলাপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ।
এই নিষেধাজ্ঞা অনুসৰি,
- নিকাছিস্থিত জিলা কাৰাগাৰৰ ৫০০ মিটাৰ পৰিসীমাৰ ভিতৰত পাঁচ বা ততোধিক ব্যক্তিৰ সমাৱেশ হ’ব নোৱাৰিব
- ৰাজহুৱা স্থানত লাঠি, কটাৰী, লাখুটি, যাঠী, তৰোৱাল আদিৰ দৰে মাৰাত্মক বা আন অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই লৈ ফুৰিব নোৱাৰিব ৷
- জিলা কাৰাগাৰৰ ৫০০ মিটাৰ পৰিসীমাৰ ভিতৰত অনুমতি অবিহনে ৰাজহুৱা সমাৱেশ, শোভাযাত্ৰা, প্ৰদৰ্শন, ধৰ্মঘট, অনশন, ধৰ্ণা বা শ্ল’গান দিয়াত নিষেধাজ্ঞা ৷ ৰাজপথ, ফুটপাথ বা যান-বাহনৰ স্বাভাৱিক চলাচলত বাধা সৃষ্টি কৰিব নোৱাৰিব ।
- পথত শিল নিক্ষেপ, ফটকা ফুটোৱা বা জুই জ্বলোৱা সামগ্ৰীৰ ব্যৱহাৰ কৰি পথচাৰীৰ লগতে চলন্ত বা ৰৈ থকা বাহনৰ ওপৰত বাধা সৃষ্টি কৰিব নোৱাৰিব ৷
আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰয়োজনীয়তাৰ কাৰণে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। বাক্সাত এই আদেশ তৎক্ষণিকভাৱে কাৰ্যকৰী কৰণ কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বলৱৎ থাকিব ।
বাক্সা জিলাত ইণ্টাৰনেট-ম’বাইল ডাটা সেৱা সাময়িকভাৱে কৰ্তন
বাক্সা জিলাত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতিৰ তৎকালীন প্ৰতিবেদন লাভৰ পাছত অসম চৰকাৰে জৰুৰী পদক্ষেপ গ্ৰহণ কৰি জিলাখনত সাময়িকভাৱে ইণ্টাৰনেট-ম’বাইল ডাটা সেৱা বাতিল কৰিছে । জিলা দণ্ডাধীশৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে ১৫ অক্টোবৰত বাক্সা জিলা কাৰাগাৰলৈ 'জুবিন হত্যা গোচৰ' ৰ ৫ কাৰাবন্দীক স্থানান্তৰৰ সময়ত গুৰুতৰ আইন-শৃংখলাৰ সমস্যাৰ সৃষ্টি হয় । যাৰ ফলত
প্ৰশাসনে ছ’চিয়েল মিডিয়া আৰু ইণ্টাৰনেটৰ জৰিয়তে প্ৰৰোচনামূলক বাৰ্তা আৰু উৰাবাতৰি প্ৰচাৰে পৰিস্থিতি আৰু অৱনতি কৰিব পাৰে বুলি আশংকা কৰে ।
তেনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, আই এ এছৰ নিৰ্দেশত ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ ৰ ৫(২) ধাৰা আৰু টেলিকম সেৱাৰ সাময়িক স্থগিতকৰণ নিয়ম, ২০১৭ ৰ অধীনত বাক্সা জিলাত তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ইণ্টাৰনেট-ম’বাইল ডাটা সেৱা বন্ধৰ নিৰ্দেশ জাৰি কৰে ।
অৱশ্যে, ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ব্ৰডবেণ্ড সংযোগ সক্ৰিয় থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ২২৩ ধাৰাৰ অধীনত শাস্তিৰ ব্যৱস্থা কৰা হ’ব ।
উল্লেখ্য যে, বাক্সাত সংঘটিত শিলাবৰ্ষণৰ ঘটনাত আহত হয় জিলাখনৰ উপ-আৰক্ষী অধীক্ষক(ডি এছ পি) চক্ৰধৰ দাস, অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান গীতাৰ্থ গোস্বামী, অসম আৰক্ষীৰ ২৪ নং বেটালিয়নৰ জোৱান ক্ৰমে - নৃপেন দাস, অৰূপ ৰয়, ৰিদীপ তালুকদাৰ, মৃণাল দাস, গণেশ শৰ্মা, মদন চন্দ্ৰ কলিতা (বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকে) ধৰি কেবাজনো আৰক্ষীৰ লোক ৷
আনহাতে, এই ঘটনাত আঘাতপ্ৰাপ্ত সাংবাদিকসকল হৈছে ক্ৰমে - নকুল তালুকদাৰ(প্ৰতিদিন টাইম), জিণ্টুমণি দাস(প্ৰথম খবৰ), বনজিৎ কলিতা, অপূৰ্ব শৰ্মা (এন কে টিভি), দিলীপ কুমাৰ বড়ো(ইটিভি ভাৰত), প্ৰদীপ দাস, ধ্ৰুৱ বৰা(এন ডি ২৪), অভিজিৎ তালুকদাৰ(ডি ৱাই ৩৬৫), সৌৰভ দে (প্ৰাগ নিউজ), অক্ষেন্দ্ৰ ডেকা(প্ৰতিবিম্ব লাইভ) আৰু বিৰিঞ্চি কুমাৰ ডেকা(নিউজ ১৮ অসম নৰ্থইষ্ট) ৷
আৰক্ষীৰ গুলিত গুৰুতৰভাৱে আহত হয় দীপক মেধি, হৰিহৰ দাস নামৰ দুজন লোকৰ লগতে বিদ্যুত কলিতা নামৰ এটি শিশু ।
লগতে পঢ়ক: জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাতৰ বাবে অসমলৈ আহিব ৰাহুল গান্ধী

