ETV Bharat / state

আন্তঃজাতিক মাতৃভাষা দিৱসত উদ্বিগ্ন অসম সাহিত্য সভা

শনিবাৰে পালন কৰা হয় আন্তঃজাতিক মাতৃভাষা দিৱস । উদ্বিগ্ন অসম সাহিত্য সভা ।

International Mother Language Day is observed on Saturday
আন্তঃজাতিক মাতৃভাষা দিৱসত উদ্বিগ্ন অসম সাহিত্য সভা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 1:10 PM IST

3 Min Read
Choose ETV Bharat

ধুবুৰী/যোৰহাট: শনিবাৰ অৰ্থাৎ ২১ ফেব্ৰুৱাৰীত পালন কৰা হয় আন্তঃজাতিক মাতৃভাষা দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ধুবুৰী আৰু যোৰহাটতো পালন কৰা হয় আন্তঃজাতিক মাতৃভাষা দিৱস ।

ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্তশাসিত) অসমীয়া, সংস্কৃত, বাংলা আৰু হিন্দী বিভাগৰ উদ্যোগত মহাবিদ্যালয় আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ আৰু ধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত শনিবাৰে আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি অধ্যাপক অমলেন্দু চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ কিশোৰ কুমাৰ শ্বাহৰ জৰিয়তে বন্তি প্ৰজ্জ্বলন কৰা হয় । বন্তি প্ৰজ্জ্বলন কৰি শ্লোক পাঠ কৰে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ মৌচুমী ভট্টাচাৰ্যই ।

আন্তঃজাতিক মাতৃভাষা দিৱসত উদ্বিগ্ন অসম সাহিত্য সভা (ETV Bharat Assam)

ইয়াৰ পিচতে বিশিষ্ট ভাষাবিদ-সাহিত্যিক, হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমলেন্দু চক্ৰৱৰ্তীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ।

অধ্যাপকগৰাকীয়ে কয়, "প্ৰতিটো ভাষাৰে এক নিজস্ব শক্তি আছে। পৃথিৱীৰ ভাষাসমূহৰ ভিতৰতেই ভাৰতীয় ভাষা অৰ্থাৎ অসমীয়া, বাংলা আদি ভাষা কোনো গুণে দুৰ্বল নহয় । বৰঞ্চ এই ভাষাসমূহৰ এক সুৱদি সুৰীয়া শৈলী আছে । ভাষাৰ লগত জাতীয় পৰম্পৰা নিবিড়ভাৱে জড়িত । অসমীয়া সংস্কৃতি ভাৰতীয় পৰম্পৰাৰ সৈতে জড়িত হৈয়ো যে পৃথক তাৰ তথ্য ভিত্তিক বক্তব্য দাঙি ধৰে ।"

যোৰহাটত আন্তঃজাতিক মাতৃভাষা দিৱস পালন:

আন্তঃজাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ মুক্ত শিক্ষা সংসদৰ সহযোগত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ বাকৰিত থকা ৰাধাকান্ত সন্দিকৈ ভৱনত পালন কৰা হয় আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগতে এখন আলোচনা চক্ৰ ।

এই আন্তঃজাতিক মাতৃভাষা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড৹ বসন্ত কুমাৰ গোস্বামীয়ে কয়, "আমি যোৰহাটৰ লগতে অসমৰ ভিন্ন প্ৰান্তত থকা আমাৰ শাখাসমূহতো পালন কৰা হৈছে আন্তঃজাতিক মাতৃভাষা দিৱস । প্ৰত্যেকেৰে চৰকাৰলৈ একোটা দাবী পত্ৰ প্ৰেৰণ কৰিছে । কাৰণ যোৱা বছৰ ১৫ এপিলত অসমীয়া ভাষাটোক ইংৰাজী লগতে অসমীয়া ভাষাও ব্যৱহাৰ কৰা হ'ব বুলি কৈছিল । আমি এই কথাত আপত্তি কৰিছোঁ, ইংৰাজী লগত নহয়, অসমীয়াৰ লগতহে ইংৰাজী ভাষাটো থাকিব লাগে, এই ধৰণৰ সিদ্ধান্ত ল'ব লাগিছিল ।"

তেওঁ পুনৰ কয়, "যি কি নহওক আজিৰ দিনটোত ৰাজ্য বিভিন্ন ঠাই লৈ ফোন কৰি আৰু অধ্যয়ন কৰি জানিলো যে ১৫ এপিলৰ সিদ্ধান্তমৰ্মে ইংৰাজী লগত অসমীয়া ভাষা আৰু অন্যান্য জনগোষ্ঠীয় ভাষা থাকিব বুলি কৈছিল, সেইটো এতিয়া হোৱা নাই, প্ৰত্যেক মহকুমা সদৰ আৰু জিলা আয়ুক্ত কাৰ্যালয়ত দুটা ডাঙৰ সমস্যা হৈছে । কাৰণ অসম সচিবালয় পৰা যিমানবোৰ চিঠি পত্ৰ জিলা আয়ুক্ত আৰু অন্যান্য লৈ আহি আছে । সেইবিলাক এতিয়ালৈকে ইংৰাজীতে আহি আছে ।"

লগতে পঢ়ক: সংবাদ জগতৰ মহীৰূহ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জীৱন নাটৰ যৱনিকা

প্ৰিয়ংকা গান্ধীৰ বৈঠকৰ গোপন খবৰ মুখ্যমন্ত্ৰীৰ হাতত ! কোনে দিলে ?