ETV Bharat / state

কলিয়াবৰ মহাবিদ্যালয়ত ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ

১৯৬৯ চনত প্ৰতিষ্ঠিত কলিয়াবৰ মহাবিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰা হয় ২০১৫ ত ।

SMALL TEA GARDEN MANAGEMENT IN KALIABOR COLLEGE
ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 16, 2026 at 1:46 PM IST

4 Min Read
Choose ETV Bharat

কলিয়াবৰ: শেহতীয়াকৈ স্বতন্ত্ৰ মৰ্যাদা লাভ কৰা কলিয়াবৰ মহাবিদ্যালয়ৰ বৃত্তিমূলক পাঠক্ৰম 'চাহ বাগিচা প্ৰৱন্ধন'ৰ শিক্ষাৰ্থীসকলে চাহ খেতিৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছে । শিক্ষাৰ্থীসকলে লগতে চাহ উৎপাদনৰো কাৰ্যকৰী জ্ঞান লাভ কৰাৰ এক পৰিৱেশ গঢ়ি উঠিছে ।

মহাবিদ্যালয়খনৰ চৌহদতে ৰোপণ কৰি উলিওৱা ক্ষুদ্ৰ চাহ বাগিচাখনৰ চাহ গছৰ লালন-পালন,পাত তোলা আদিৰ শিক্ষা প্ৰদান কৰি আহিছে । কলিয়াবৰ মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ নিয়োগৰ সম্ভাৱনীয়তা সৃষ্টি কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছ ।

ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ 1 (ETV Bharat Assam)

১৯৬৯ চনত প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খনত ২০১৫ চনত বৃত্তিমূলক শিক্ষাৰ স্নাতক পাঠ্যক্ৰম মুকলি কৰা হয় । প্ৰথম পৰ্যায়ত বিশ্ববিদ্যালয় অনুদান আয়োগৰ আৰ্থিক সহযোগত ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন আৰু পৰ্যটন সেৱাৰ দুটা পাঠ্যক্ৰম চলাই নিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত আয়োগৰ আৰ্থিক সহযোগ বন্ধ হোৱাত মহাবিদ্যালয়ে নিজাববীয়াকৈ পাঠ্যক্ৰম দুটা অব্য়াহত ৰাখিছে । অৱশ্যে পূৰ্বৰ তুলনাত দুয়োটা পাঠ্যক্ৰম ব্যয়বহুল হোৱাত গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ সমস্যা নোহোৱা নহয়; কিন্তু দুয়োটা পাঠ্যক্ৰমতে নিয়োগৰ পৰ্যাপ্ত সুযোগৰ বাবে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পাইছে ।

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ উত্তম কুমাৰ বৰুৱা (ETV Bharat Assam)

যোৱা ২০১৫ চনত তেতিয়াৰ 'ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন' পাঠ্যক্ৰম মুকলি হোৱাৰ দিন ধৰি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই মহাবিদ্যালয়খনৰ লগত বুজাবুজি চুক্তিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক পাঠগ্ৰহণ আৰু নিয়োগৰ ক্ষেত্ৰত বহুখিনি সহায় আগবঢ়াই আহিছে । ইয়াৰ মাজতেই ২০২৫–২০২৬ শিক্ষাবৰ্ষৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সমস্যাৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে কলিয়াবৰৰ এগৰাকী চাহ উদ্যোগী কৰুণা মহন্ত ।

কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু কাঞ্চন চাহ বাগিচাৰ স্বত্বাধিকাৰী তথা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি কৰুণা মহন্তই আৰ্থিকভাৱে পিছপৰা এগৰাকী ছাত্ৰীক তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সমুদায় মাচুলৰ ৫০ শতাংশ বহন কৰাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে । সোমবাৰে কলিয়াবৰ মহাবিদ্যালয়ত ছাত্ৰীগৰাকীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ উত্তম কুমাৰ বৰুৱাৰ হাতত মাচুলৰ ধনৰাশিৰ চেক অৰ্পণ কৰে ।

SMALL TEA GARDEN MANAGEMENT IN KALIABOR COLLEGE
ক্ষুদ্ৰ চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমৰ প্ৰতি শিক্ষাৰ্থীৰ আগ্ৰহ বৃদ্ধি ,সহায়ৰ হাত প্ৰাক্তন ছাত্ৰৰ (ETV Bharat Assam)

আনহাতে, বাকী ৫০ শতাংশ মাচুল মহাবিদ্যালয়ে বহন কৰিব বুলি অধ্যক্ষই ঘোষণা কৰিছে । এই সন্দৰ্ভত কৰুণা মহন্তই কয়, "চাহ প্ৰৱন্ধন পাঠ্যক্ৰমৰ আৰম্ভণিৰে পৰাই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকোতেই মহাবিদ্যালয়ৰ লগত এক বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল আৰু সেয়া আজিও অব্যাহত আছে । শেহতীয়াকৈ, অধ্যক্ষৰ লগত হোৱা আলোচনাত এই পাঠ্যক্ৰমৰ প্ৰতি আগ্ৰহী অথচ আৰ্থিকভাৱে সহায়ৰ প্ৰয়োজন হোৱা এগৰাকী ছাত্ৰীৰ বিষয়ে জানিব পাৰি মই ব্যক্তিগতভাৱে সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰো । আজি ছাত্ৰীগৰাকীৰ সহায় হোৱাকৈ তেওঁৰ তিনিবছৰীয়া পাঠ্যক্ৰমৰ পঢ়াৰ খৰচৰ ৫০ শতাংশ ধন আনুষ্ঠানিকভাৱে অধ্যক্ষক অৰ্পণ কৰো । আশা কৰো ছাত্ৰীগৰাকীয়ে এই পাঠ্যক্ৰম সফলতাৰে উত্তীৰ্ণ হৈ চাহ বাগিচাৰ উচ্চ পদত নিয়োগৰ সুবিধা লাভ কৰিব ।"

কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ উত্তম কুমাৰ বৰুৱাই কৰুণা মহন্তৰ এই সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই আৰ্থিক সহযোগিতা লাভ কৰা ছাত্ৰীগৰাকীক অভিনন্দন জনাই কয়,"চাহ উদ্যোগী কৰুণা মহন্তৰ এই পদক্ষেপে কেৱল ছাত্ৰীগৰাকীৰ উপকাৰ কৰাই নহয়, ই আন বহুজনক সহায় কৰিবলে আগবাঢ়ি অহাৰ বাট মুকলি কৰিব । যোৱা সময়ছোৱাত বিশ্ববিদ্যালয় অনুদান আয়োগৰ আৰ্থিক সাহাৰ্য বন্ধ হৈ যোৱাৰ পিছতো মহাবিদ্যালয়ে নিজাববীয়া প্ৰচেষ্টাৰে ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ আৰু নিয়োগৰ সম্ভাৱনীয়তালৈ চাই পাঠ্যক্ৰমটো চলাই নিছিলো; কিন্তু পূৰ্বতকৈ ব্যয়বহুল হোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ আৰ্থিক সমস্যাও হৈছিল । আমি আৰম্ভণিতে এগৰাকী শিক্ষাৰ্থীৰ পঢ়াৰ খৰচ বহন কৰাৰ সিদ্ধান্ত লৈছিলো, য'ত কৰুণা মহন্তই আমাৰ সমানেই সহায় আগবঢ়ালে ।"

অধ্যক্ষ ডঃ বৰুৱাই পুনৰ কয়, "এই নতুন বৰ্ষত পূৰ্বতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বুলি আশা কৰিছো । ইতিমধ্যে কলিয়াবৰৰ স্থানীয় ছাত্ৰ-ছাত্ৰীৰ লগতে চাহ বাগিচা প্ৰৱন্ধন পাঠ্যক্ৰমত উজনিৰ গোলাঘাট, চৰাইদেউ, শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে ।"

লগতে পঢ়ক:বিদ্যালয়লৈ কিতাপৰ গধুৰ বোজা নিব নোৱাৰিব শিক্ষাৰ্থীয়ে, ক’ত জাৰী হ’ল এই নিৰ্দেশনা ?

ব্ৰিটিছ মিউজিয়ামত সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে প্ৰত্যক্ষ কৰিলে বৃন্দাৱনী বস্ত্ৰ