ETV Bharat / state

গহপুৰত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

দলটোৱে গহপুৰ সম-জিলাৰ আলুপাৰা অঞ্চল পৰিদৰ্শন কৰি স্থানীয় বাসিন্দা আৰু বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰে ।

FLOOD AFFECTED AREA VISIT
আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 10, 2026 at 1:18 AM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ: ভাৰত চৰকাৰৰ দ্বাৰা গঠিত আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলে বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ গহপুৰ সম-জিলাৰ অন্তৰ্গত বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ দলটোৱে শেহতীয়া বান পৰিস্থিতিৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰে আৰু জনসাধাৰণৰ আন্তঃগাঁথনি তথা অন্যান্য সম্পত্তিৰ ওপৰত বানৰ প্ৰভাৱৰ বুজ লয় ।

কেন্দ্ৰীয় দলটোক নেতৃত্ব দিয়ে ভাৰত চৰকাৰৰ যুটীয়া সচিব(কেন্দ্ৰীয় শাসিত অঞ্চল) প্ৰবীণ কুমাৰ ৰায়ে । দলটোত থকা আন আন সদস্যসকল আছিল ক্ৰমে মহেশ কুমাৰ(যুটীয়া সঞ্চালক, ফ্লাড কণ্ট্ৰ’ল ডিভিজন (FCD), ব্যয় বিভাগ, বিত্ত মন্ত্ৰালয়) আৰু ড৹ এছভিএছপি শৰ্মা(বিজ্ঞানী-এছএফ, নেশ্যনেল ৰিম’ট ছেন্সিং চেণ্টাৰ) ৷

FLOOD AFFECTED AREA VISIT
দলটোৱে গহপুৰ সম-জিলাৰ আলুপাৰা অঞ্চল পৰিদৰ্শন কৰে (ETV Bharat Assam)

এই পৰিদৰ্শনকালত দলটোৱে বানপীড়িত কেইবাটাও স্থান পৰিদৰ্শন কৰি বান আৰু আকস্মিকভাৱে অহা বাঢ়নী পানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰে । জিলা প্ৰশাসনে দলটোক সাম্প্ৰতিক বান পৰিস্থিতি, গ্ৰহণ কৰা সঁহাৰি আৰু উদ্ধাৰ ব্যৱস্থাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে ।

দলটোৱে গহপুৰ সম-জিলাৰ আলুপাৰা অঞ্চল পৰিদৰ্শন কৰি স্থানীয় বাসিন্দা আৰু বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰে । পৰিদৰ্শনৰ সময়ত স্থানীয় লোকসকলে বানৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যা, ক্ষতি আৰু প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনমূলক ব্যৱস্থাৰ বিষয়ে দলটোক অৱগত কৰে ।

জিলা বিষয়াসকলে দলটোৰ আগত পথ, মথাউৰি, ৰাজহুৱা উপযোগী আন্তঃগাঁথনি, কৃষিভূমি, জলসম্পদ আৰু অন্যান্য গুৰুত্বপূৰ্ণ সম্পত্তিৰ ওপৰত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত তথ্য দাঙি কৰে । লগতে বান পৰিস্থিতিৰ সময়ত গ্ৰহণ কৰা তাৎক্ষণিক ব্যৱস্থা আৰু উদ্ধাৰ কাৰ্যৰ বিষয়েও দলটোক অৱগত কৰা হয় ।

FLOOD AFFECTED AREA VISIT
স্থানীয় বাসিন্দা আৰু বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰাৰ সময়ত দলটো (ETV Bharat Assam)

উক্ত পৰিদৰ্শনকালত দলটোৰ সৈতে উপস্থিত আছিল বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত কৰবী শইকীয়া কৰণ, গহপুৰ সম-জিলাৰ ভাৰপ্ৰাপ্ত আয়ুক্ত চম্পক ডেকা, হেলেমৰ ৰাজহ চক্ৰ বিষয়া জাহ্নৱী সোণোৱাল আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুক্তাৰাম ডেকা তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবৰ্গ ।

জিলা প্ৰশাসনে দলটোক অৱগত কৰে যে বানৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে তৎপৰতাৰে উদ্ধাৰ আৰু স্থানান্তৰণ কাৰ্য, সাহায্য শিবিৰ পৰিচালনা, সাহায্য সামগ্ৰী বিতৰণ, যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰ, অত্যাৱশ্যকীয় সেৱা অব্যাহত ৰখা আৰু বিপদজনক অঞ্চলসমূহৰ নিয়মীয়া নিৰীক্ষণ আদি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ।

উল্লেখ্য যে, অসমৰ বান সম্পৰ্কীয় ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি উপযুক্ত সাহায্য, পুনৰুদ্ধাৰ, পুনৰ নিৰ্মাণ আৰু দীৰ্ঘম্যাদী দুৰ্যোগ প্ৰশমনমূলক ব্যৱস্থাৰ বাবে ভাৰত চৰকাৰক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্যে এই পৰিদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । IMCT-ৰ পৰ্যবেক্ষণ আৰু অনুসন্ধানসমূহ এক বিস্তৃত প্ৰতিবেদনত সন্নিবিষ্ট কৰি ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা হ'ব ।

লগতে পঢ়ক: নগাঁৱত দুই বিদেশীক ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ