চকু সেমেকি উঠা এক দৃশ্য ! পেটত আঘাত লৈয়ে আৰ্তনাদ বন্য়হস্তীৰ
এটা অমাত জীৱৰ কৰুণ দৃশ্য় দেখি কান্দি উঠিছে গেন্ধালি বেবেজীয়াবাসীয়ে । বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Published : November 26, 2025 at 9:10 AM IST
নগাঁও : এটা অসুস্থ বন্য়হস্তীয়ে এখন বিশাল পথাৰত আৰ্তনাদ কৰি অকলশৰে ঘূৰি ফুৰিছে । প্ৰায় এপষেক ধৰি এই হাতীটোৱে ভালদৰে খোৱা নাই খাদ্য় । স্থানীয় ৰাইজে হাতীটোৰ আৰ্তনাদ শুনিও ওচৰলৈ যাব পৰা নাই । কাৰণ হাতীটোৰ পেটত আছে আঘাতৰ চিন । এই দৃশ্য়টো দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব ।
ঘটনাটো নগাঁও জিলাৰ গেন্ধালি বেবেজীয়াৰ । নগাঁৱৰ চামগুৰিৰ সমীপৰ গেন্ধালি অঞ্চলত এটা হৃদয়বিদাৰক দৃশ্যৰ সাক্ষী হৈছে স্থানীয় ৰাইজ । পেটত গভীৰ আঘাত লৈ এটা প্ৰাপ্তবয়স্ক বন্যহস্তী জাকৰ পৰা বিচ্ছিন্ন হৈ অকলশৰে ঘূৰি ফুৰিছে । হাতীটোৱে মৃত্যুৰ সৈতে যুঁজি থকা প্ৰত্যক্ষ কৰি ম্ৰিয়মান স্থানীয় লোক ।
এই সন্দৰ্ভত স্থানীয় লোকে জনোৱা মতে, হাতীটোৰ পেটৰ বাওঁফালৰ তলৰ অংশত গভীৰ আঘাতৰ চিন দেখা গৈছে । অসুস্থতাৰ বাবে হাতীটোৱে খাদ্য গ্ৰহণ কৰিব পৰা নাই । কেইবাদিন ধৰি খাদ্য় নোখোৱা বাবে ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । গেন্ধালি পথাৰ আৰু চাহ বাগিচাৰ মাজেৰে এই অসুস্থ হাতীটোৱে কষ্টেৰে খোজ কাঢ়ি ফুৰা দৃশ্যই স্থানীয় ৰাইজৰ মনত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে ।
বন্যহস্তীৰ বিচৰণত আতংকিত ৰাইজ :
বৃহত্তৰ অঞ্চলটোত বিগত কেইবাদিন ধৰি বন্যহস্তীৰ এটা জাকে মুক্ত বিচৰণ কৰাত স্থানীয় লোক আতংকিত হৈ পৰিছে । বিগত প্ৰায় পোন্ধৰ দিন ধৰিয়েই আঘাতপ্ৰাপ্ত হাতীটোৱে পথাৰত অকলশৰীয়াকৈ কোনোমতে খোজকঢ়া প্ৰত্যক্ষ কৰি হাতীটোৰ জৰুৰী চিকিৎসাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে স্থানীয় লোকে । এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, “আজি প্ৰায় পোন্ধৰ দিনমানৰ পৰাই জাকৰ পৰা বিচ্ছিন্ন এটা হাতীয়ে আমাৰ পথাৰত বিচৰণ কৰি আছে । আতংকৰ মাজত হাতীটোৰ কাষ চাপিব পৰা নাই যদিও হাতীটোৰ পেটত আঘাতৰ চিন দেখা পোৱা গৈছে । আনকি হাতীটোৱে ভালকৈ খোজকাঢ়িব পৰাও নাই ।"

উপযুক্ত চিকিৎসাৰ বাবে আহ্বান :
হাতীটোৰ উপযুক্ত চিকিৎসাৰ বাবে বন বিভাগক দাবী জনাই এই লোকজনে কয়,"এই পৰ্যন্ত বন বিভাগৰ লোকে অসুস্থ হাতীটোৰ চিকিৎসাৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । অতি শীঘ্ৰে চিকিৎসা নকৰিলে মৃত্যুমুখৰ পৰা হাতীটোক বচোৱা অসম্ভৱ হৈ পৰিব ।” অসুস্থ হাতীটোৰ চিকিৎসাৰ ক্ষেত্ৰত বন বিভাগৰ বিৰুদ্ধে স্থানীয় লোকে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে ।
এই সন্দৰ্ভত শালনা আঞ্চলিক বন বিষয়া বিভূতি মজুমদাৰৰ সৈতে টেলিফোনযোগে যোগাযোগ কৰাত বিষয়াগৰাকীয়ে ইটিভি ভাৰতক কয়, “এই সন্দৰ্ভত আমি কালি অৰ্থাৎ সোমবাৰে অৱগত হৈছো । যিহেতু এটা জাকৰ সৈতে থকা বনৰীয়া হাতী এনে ক্ষেত্ৰত যথেষ্ট অসুবিধাও আছে । আমি ইতিমধ্যে হাতীটোৰ চিকিৎসাৰ বাবে কাজিৰঙাৰ চিকিৎসকৰ দলৰ সৈতে যোগাযোগ কৰিছো । কাইলৈ অৰ্থাৎ বুধবাৰে চিকিৎসকৰ এটা দল উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰিব । হাতীটো কিদৰে আঘাতপ্ৰাপ্ত হৈছে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই ।”

