ETV Bharat / state

অসমৰ বিমান পৰিবহণ খণ্ডত নতুন সংযোজন; আৰম্ভ হ'ব গুৱাহাটী-বেংকক বিমান সেৱা

নতুনকৈ নিৰ্মাণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা আৰম্ভ হ'ব তৃতীয় আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ।

LGBIA Guwahati
অসমৰ বিমান পৰিবহণ খণ্ডত নতুন সংযোজন; আৰম্ভ হ'ব গুৱাহাটী-বেংকক বিমান সেৱা (FB@HimantaBiswaSarma)
author img

By PTI

Published : August 28, 2026 at 9:08 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ বিমান পৰিবহণ খণ্ডৰ বাবে এক সুখবৰ । আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা খণ্ডত সংযোজিত হ'বলৈ আগবাঢ়িছে এক নতুন অধ্যায় । এইবাৰ গুৱাহাটী বিমানবন্দদৰ পৰা পোনপটীয়াকৈ বেংককলৈ আৰম্ভ হ'ব অসামৰিক বিমান পৰিবহণ সেৱা । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই কথা জনায় ।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, ২৭ অক্টোবৰৰ পৰা গুৱাহাটী আৰু বেংককৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হ’ব । এই বিমান সেৱা পৰিচালনা কৰিব ইণ্ডিগ’ৱে । উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটী বিমানবন্দৰৰ পৰা দুখনকৈ আন্তঃৰাষ্ট্ৰীয় বিমান পোনপটীয়াকৈ চলি আছিল । নৱনিৰ্মিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চলিত বৰ্ষত আৰম্ভ হ’ব তৃতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা ।

সামাজিক মাধ্যম ফেচবুকৰ এটা পোষ্টত 'আকাশী সংযোগৰ নতুন দিগন্ত' বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, "এটি ভাললগা খবৰ । ডুবাই আৰু আবুধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমান সংযোগ আৰম্ভ হ’ব । অহা ২৭ অক্টোবৰৰ পৰা ইণ্ডিগ'ৱে গুৱাহাটী আৰু বেংককক সংযোগ কৰি এই দুই মহানগৰৰ মাজত যাতায়াত অধিক সুচল কৰি তুলিব । এই নতুন বিমান সংযোগে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু ভ্ৰমণৰ দিশত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰাৰ লগতে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত কৰিব ।"

আনহাতে, এটা X পোষ্টত তেওঁ লিখিছে, "গুৱাহাটী আৰু উৰিছে ! ডুবাই আৰু আবুধাবিৰ পিছত বেংকক হৈছে পৰৱৰ্তী স্থান ।"

তেওঁ লগতে লিখিছে, "২৭ অক্টোবৰৰ পৰা ইণ্ডিগ'-৬ইয়ে (IndiGo6E) গুৱাহাটীক বেংককৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰি দক্ষিণ-পূব এছিয়ালৈ আন এক প্ৰৱেশ পথ মুকলি কৰি পৰ্যটন, বাণিজ্য আৰু ভ্ৰমণক এক নতুন মাত্ৰা প্ৰদান কৰিব ।"

উল্লেখ্য যে শেহতীয়াভাৱে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বাধিক সুন্দৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলে ৷ ২০২৬ চনৰ প্ৰিক্স ভাৰ্ছেইলছ বিশ্বৰ আটাইতকৈ সুন্দৰ বিমানবন্দৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ এই বিমানবন্দৰটোক ।

প্ৰিক্স ভাৰ্ছেইলছে ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত বিমানবন্দৰ পৰিচালক আদানী এয়াৰপ'ৰ্ট হ'ল্ডিংছ লিমিটেডক (AAHL) বিশ্বৰ অন্যতম বিশ্ববিখ্যাত স্থাপত্য আৰু ডিজাইন বঁটা প্ৰদান কৰে ।

আদানী গ্ৰুপৰ এক আনুষ্ঠানিক বিবৃতি অনুসৰি, নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (NMIA) আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ২ দুয়োটায়ে ২০২৬ চনৰ বিশ্বৰ আটাইতকৈ সুন্দৰ বিমানবন্দৰ তালিকাত স্থান লাভ কৰে । এই স্বীকৃতিয়ে ডিজাইন, বহনক্ষমতা, আৰু যাত্ৰীকেন্দ্ৰিক পৰিকল্পনাক এক নতুন মাত্ৰা প্ৰদান কৰিছে ।

উল্লেখ্য যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলটো (Terminal 2) যোৱা বছৰ ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল । আনহাতে, চলিত বছৰৰ ২২ ফেব্ৰুৱাৰীৰ পৰা এই নতুন টাৰ্মিনেলটোৰ পৰা সাধাৰণ যাত্ৰীৰ বাবে বাণিজ্যিক বিমান চলাচল আৰম্ভ হয় ।

প্ৰায় ৪,০০০ কোটি টকা ব্যয়সাপেক্ষে বাঁহ আৰু কপৌ ফুলৰ আৰ্হিত সজোৱা তথা বছৰি ১.৩ কোটি যাত্ৰী নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা থকা এই বিমানবন্দৰটো ভাৰতীয় বায়ুসেনাৰো বিমান ঘাটি ।

লগতে পঢ়ক :চাহ উদ্য়োগঃ অসম তথা উত্তৰ ভাৰতত নিলামৰ মূল্য দ্ৰুতগতিত হ্ৰাস, উদ্বিগ্ন ভাৰতীয় চাহ সন্থা
লগতে পঢ়ক :নেপালৰ বানঃ তিব্বত-নেপালৰ প্ৰাকৃতিক দুৰ্যোগে কঢ়িয়াই আনিছে নতুন সতৰ্কবাণী; পূব হিমালয় কিমান সুৰক্ষিত ?