ETV Bharat / state

ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বুকু কঁপাই তোলা এক ঘটনা: নলঘূলিৰ স্বাধীনতা যুঁজৰ এক অখ্যাত অধ্যায়

১৯৪২ চনৰ ২৪ নৱেম্বৰত নলঘূলিত ১১ জনীয়া এক সাহসী ‘মৃত্যুবাহিনী’য়ে এখন ৰে’ল বগৰাইছিল ৷ কিন্তু স্বাধীনতা আন্দোলনৰ এই অধ্যায়টো অখ্যাত হৈ ৰ’ল ৷

Indian freedom movement
নলঘূলিৰ স্বাধীনতা যুঁজৰ এক অখ্যাত অধ্যায় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 19, 2026 at 7:57 PM IST

|

Updated : August 19, 2026 at 8:04 PM IST

4 Min Read
Choose ETV Bharat

সোণাপুৰ: ১৯৪২ চনৰ ‘ভাৰত ত্যাগ’ আন্দোলনৰ উত্তাল সময়ছোৱাত অসমৰ মাটিত ৰচিত হৈছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বিৰল আৰু অভূতপূৰ্ব অধ্যায় । ১৯৪২ চনৰ ২৪ নৱেম্বৰৰ নিশা, বৰ্তমান অসমৰ ৰাজধানী দিছপুৰৰ নিচেই কাষৰ ডিমৰীয়া সমষ্টিৰ পাণবাৰী আৰু পানীখাইতিৰ মাজৰ নলঘূলিত ১১ জনীয়া এক সাহসী ‘মৃত্যুবাহিনী’য়ে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বুকু কঁপাই তুলিছিল ।

ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচাৰণ কৰি নলঘূলিত বগৰোৱা হৈছিল এখন ট্ৰেইন ৷ কিন্তু স্বাধীনতা আন্দোলনৰ এই অধ্যায়টো অখ্যাত হৈ ৰ’ল ৷

নলঘূলিৰ স্বাধীনতা যুঁজৰ এক অখ্যাত অধ্যায় (ETV Bharat)

পৰিকল্পনা আৰু সংগ্ৰামৰ পটভূমি

দৈপৰা সত্ৰৰ সত্ৰাধিকাৰ, মহদানন্দ দেৱ গোস্বামী (মহদা গোঁহাই)ৰ নেতৃত্বত এই মৃত্যুবাহিনীয়ে দেশক স্বাধীন কৰাৰ সংকল্পৰে ‘কৰিম কিম্বা মৰিম’ পণেৰে ব্ৰতী হৈছিল । ডিমৰীয়াৰ হঁহৰা-কমাৰকুছিৰ আমলুং পাহাৰত থকা গোঁসাইৰ আশ্ৰমত সম্পূৰ্ণ গোপনীয়তাৰে গেৰিলা যুদ্ধৰ কৌশল আৰু ৰে’ল বগৰোৱাৰ আঁচনি প্ৰস্তুত কৰা হৈছিল ।

নলঘূলিৰ ভয়ংকৰ নিশা আৰু ঐতিহাসিক সাফল্য

কাৰ্যপন্থা বাস্তৱায়িত কৰিবলৈ ওলাই অহা এই কেইগৰাকী সেনানীয়ে পাণবাৰী-ঠাকুৰকুছি ষ্টেচনৰ মাজৰ ৰে’ল আলিত উপস্থিত হয় । ব্ৰিটিছ পহৰাদাৰীৰ চকুৰ ধূলি দি, ৰে’ল আলিৰ ফিছপ্লেট খুলি নিশাৰ আন্ধাৰত ব্ৰিটিছ-আমেৰিকান সৈন্য আৰু যুদ্ধাস্ত্ৰ কঢ়িয়াই নিয়া উজনিমুৱা ৰে’লগাড়ীখন লাইনচ্যুত কৰিছিল মৃত্যুবাহিনীয়ে ।

ইতিহাসৰ সোণালী পৃষ্ঠাত নাম খোদিত ১১ গৰাকী বীৰ সেনানী

ৰে’ল বগৰোৱা কাৰ্যত জড়িত থকা ১১ গৰাকী বীৰ সংগ্ৰামী হৈছে

  • মহদানন্দ দেৱ গোস্বামী (দৈ-পাৰ) – মূল দলপতি
  • ভিবিৰাম বৰা (কামপুৰ)
  • ধনপুৰ লস্কৰ (কামপুৰ)
  • মাণিক বৰা (কামপুৰ)
  • বেণুধৰ ডেকা (সোণাৰুগুৰি)
  • ৰূপৰাম সূত(সোণাৰুগুৰি)
  • কামেশ্বৰ বৰদলৈ(চৰাইবাহী)
  • লয়ৰাম মেধি(শিলডুবি)
  • মধু কেওঁট (বহমপুৰ)
  • দধিৰাম বৰদলৈ(কোঁৱৰপুৰ)
  • ভোগৰাম ডেকা(কোঁৱৰপুৰ)

ৰে’লখন লাইনচ্যুত হোৱাৰ লগে লগে আকাশ-পাতাল কঁপোৱা শব্দৰে দহোটামান দবা দ খাৱৈত বাগৰি পৰিছিল আৰু জুই জ্বলি উঠিছিল । এই ভয়াৱহ ঘটনাত থিতাতে প্ৰায় ৭০০ জন ব্ৰিটিছ সেনাৰ মৃত্যু হৈছিল । এই ঘটনাৰ প্ৰভাৱ ইমানেই প্ৰচণ্ড আছিল যে ইংলেণ্ডৰ সংসদতো ইয়াক লৈ ব্যাপক তোলপাৰ লাগিছিল ।

এই সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক, বিশিষ্ট লেখক-গৱেষক ড৹ সূৰ্য দাসে ইটিভি ভাৰতৰ আগত কয়, ‘‘১৯৮৭ চনৰ ডিচেম্বৰ মাহত মই মুক্তিযুঁজাৰু মহদা গোঁসাই আৰু সেই সময়ত জীয়াই থকা মুক্তিযুঁজাৰু ভিবিৰাম বৰা, মাণিক বৰা, কামেশ্বৰ বৰদলৈ, ৰূপৰাম সূত আৰু ভোগৰাম ডেকাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি আকাশবাণীৰ পৰা প্ৰচাৰ কৰিছিলোঁ । পাণবাৰীৰ ৰে’ল বগোৰোৱা ঘটনাটো স্বাধীনতা আন্দোলনৰ অতি ডাঙৰ ঘটনা আছিল । আজিও নলঘূলিৰ পিতনিৰ বোকাত ৰেলৰ ইঞ্জিনটো পোত খাই আছে বুলি শুনিছোঁ । চৰকাৰে যদি সেই ৰে’লৰ ইঞ্জিনটো বোকাৰ পৰা তুলি সংৰক্ষণ কৰে আৰু নলঘূলিক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলে, তেন্তে নতুন প্ৰজন্মই অসমৰ এই অভূতপূৰ্ব অৱদানৰ বিষয়ে জানিব পাৰিব ।’’

আনহাতে, স্থানীয় ব্যক্তি তথা নাগৰিক উন্নতি সাধিনী সমাজৰ কৰ্মকৰ্তা এলিচন চাংমাই সাক্ষাৎকাৰত কয়, ‘‘এই ৰেল বগৰোৱা কাৰ্যত জড়িত সংগ্ৰামীসকলৰ ভিতৰত দুজনমানক ব্ৰিটিছ পুলিছে গ্ৰেপ্তাৰ কৰি নগাঁও কাৰাগাৰত বন্দী কৰি ৰাখিছিল । তেওঁলোকক খাদ্যৰ বাবে নিমখ-জলকীয়া যোগান ধৰা মেমে মাৰাক নামৰ গাৰো সম্প্ৰদায়ৰ বৃদ্ধা এগৰাকীক চিনাক্তকৰণৰ বাবে নিয়া হৈছিল । কিন্তু মহিলাগৰাকীয়ে তেওঁলোকক 'চিনি নাপাওঁ' বুলি মিছা মাতি সংগ্ৰামীসকলৰ প্ৰাণ ৰক্ষা কৰিছিল । বোকাৰ মাজত আজিও পৰি থকা সেই ঐতিহাসিক ইঞ্জিনটো উদ্ধাৰ আৰু সংৰক্ষণ হোৱাটো অতি জৰুৰী, যাতে নতুন প্ৰজন্মই এই ইতিহাস জানিব পাৰে ।’’

ইতিহাস সুৰক্ষাৰ পদক্ষেপ

যোৱা ২০২২ চনৰ ২৪ নৱেম্বৰত নাগৰিক অধিকাৰ সমাজ অসম (নাছা) আৰু স্থানীয় নলঘূলি ইতিহাস সুৰক্ষা সমিতিয়ে এই ঐতিহাসিক ঘটনাৰ ৮০ বছৰ পূৰ্তিত নলঘূলিত এক স্মৃতি ফলক উন্মোচন কৰে । ইয়াৰ উপৰিও ‘স্বাধীনতা সংগ্ৰামৰ অনাদৃত ইতিহাস নলঘূলি’ নামৰ তথ্যসমৃদ্ধ সংকলন প্ৰকাশ কৰাৰ লগতে স্থান টুকুৰাক পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা আৰু পোত গৈ থকা ইঞ্জিনটো উদ্ধাৰৰ বাবে চৰকাৰক স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: প্ৰকৃতিয়েই দিয়ে জীৱন... বানত সৰ্বস্বান্ত অসমীয়াৰ দুখ বুজি নীলোৎপলৰ কণ্ঠৰে নিগৰিল এটি সুমধুৰ গীত

Last Updated : August 19, 2026 at 8:04 PM IST