আহিব পলিমাৰ নোট : এই নোটৰ বৈশিষ্ট্য কি, বিশেষজ্ঞই কি কয়...
কি এই পলিমাৰ নোট, বিশ্বৰ কিমান দেশত প্ৰচলিত পলিমাৰ নোট, পলিমাৰ নোটৰ বিশেষত্ব কি, বিভিন্ন দিশ সামৰি বিশেষ প্ৰতিবেদন...

Published : August 16, 2026 at 8:26 PM IST
|Updated : August 17, 2026 at 9:36 AM IST
গুৱাহাটী : পলমকে হ'লেও ভাৰতত উপলব্ধ হ'ব পলিমাৰ নোট তথা প্লাষ্টিকৰ টকা । অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষামূলকভাৱে বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া পলিমান নোট । ভাৰত চৰকাৰে বিশেষ প্লাষ্টিক বা পলিমাৰৰ ১০ আৰু ২০ টকীয়া নোট প্ৰস্তুত কৰাৰ বাবে অনুমোদন জনাইছে ।
শেহতীয়াকৈ সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দিয়া তথ্য অনুসৰি চৰকাৰে পৰীক্ষামূলকভাবে ১০ আৰু ২০ টকীয়া ১ বিলিয়ন টা পলিমাৰ নোট প্ৰস্তুত কৰাত অনুমোদন জনাইছে । পৰীক্ষামূলক কাৰ্যত সফল হ'লে পৰৱৰ্তী সময়ত ভাৰতত বৰ্তমানৰ নোটসমূহৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে পলিমাৰ নোট প্ৰস্তুত কৰা প্ৰস্তাৱ গ্ৰহণ কৰিছে ।
আজিৰ এই প্ৰতিবেদন পলিমাৰ তথা প্লাষ্টিক নোটৰ বিভিন্ন দিশ সামৰি প্ৰস্তুত কৰা হৈছে । পলিমাৰ নোট কি ? বিশ্বৰ কিমান দেশত পলিমাৰ নোটৰ প্ৰচলন আছে ? পলিমাৰ নোটৰ বিশেষত্ব কি ? ইয়াৰ স্থায়িত্ব কিমান তথা ব্যৱহাৰৰ সুবিধা-অসুবিধা কি ? পলিমাৰ নোট সন্দৰ্ভত এনে কেতবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ইটিভি ভাৰতৰ তৰফৰ পৰা বিশিষ্ট মুদ্ৰা বিশেষজ্ঞ তথা মুদ্ৰা সংগ্ৰাহক ভাৰত বাগাদিয়াৰ আছুটীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল । তাৰেই আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

উল্লেখ্য যে, গুৱাহাটীৰ ধীৰেনপাৰাৰ বাসিন্দা ভাৰত বাগাদিয়াই বিগত কেইবা দশক ধৰি বিশ্বৰ ডেৰ শতাধিক ৰাষ্ট্ৰৰ মুদ্ৰা আৰু নোট সংগ্ৰহ কৰি আহিছে । তেওঁৰ সংগ্ৰহত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ঐতিহাসিক তথা প্ৰচলন বন্ধ হোৱা আৰু প্ৰচলিত বহু মুদ্ৰাৰ ভাণ্ডাৰ আছে । তদুপৰি প্ৰায় ৪৫ খন ৰাষ্ট্ৰৰ প্লাষ্টিক নোট তেওঁৰ সংগ্ৰহত আছে । কেৱল মুদ্ৰা সংগ্ৰহ কৰাই নহয় দেশ-বিদেশৰ মুদ্ৰাৰ ইতিহাস আৰু বিভিন্ন দিশ তেওঁৰ নখ দৰ্পণত আছে ।
পলিমাৰ নোট সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "পলিমাৰ নোট বুলি ক'লে প্লাষ্টিক নোট বুলি কোৱা হয় । কিন্তু আচলতে এইটোক পলিপ্ৰপেলিং বুলি কোৱা হয় । এই মেটেৰিয়েলত এটা ক'টিং থাকে আৰু সেই ক'টিঙটোৱেই মুখ্যত । তাৰ ওপৰত পাছত প্ৰিণ্টিং কৰা হয় আৰু সেইদৰে নোট হিচাপে প্ৰস্তুত হয় । পলিমাৰ নোটৰ বাবে ভাৰতত প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে ।"
পলিমাৰ নোটৰ প্ৰচলন সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "বিশ্বৰ প্ৰায় ৬০ৰ পৰা ৭০খন দেশত সম্পূৰ্ণৰূপে বা আংশিকভাৱে পলিমাৰ নোট প্ৰচলিত হৈ আছে । ১৯৮৮ চনত পলিমাৰ নোট তথা প্লাষ্টিক মুদ্ৰা জাৰি কৰা প্ৰথমখন দেশ হৈছে অষ্ট্ৰেলিয়া । তাৰ পাছতে নিউজিলেণ্ড আৰু ৰোমানিয়াই প্লাষ্টিক নোটৰ প্ৰচলন কৰে । আনহাতে বিশ্বৰ প্ৰায় ১০-১২খন দেশত সম্পূৰ্ণৰূপে পলিমাৰ নোটৰ প্ৰচলন আছে । আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এটা, নেপালত ২ টা আৰু ভূটান ৩ টা নোট পলিমাৰৰ আছে ।"
ভাৰতত পূৰ্বতেও পলিমাৰ নোটকলৈ হোৱা চৰ্চাৰ প্ৰসংগত ভাৰত বাগাদিয়াই কয়, "২০১২-১৩ চনত ভাৰতত পলিমাৰ নোট প্ৰচলনৰ বিষয়টো চৰ্চালৈ আহিছিল । কিন্তু কাৰিকৰী কাৰণত সেই সময়ত সেইটো হৈ নুঠিল । যাৰ বাবে পলম হ'ল ।"
কাগজৰ আৰু পলিমাৰৰ নোটৰ পাৰ্থক্য সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "কাগজৰ আৰু পলিমাৰ নোটৰ মাজত বহুত বেছি পাৰ্থক্য আছে । সকলোতকৈ ডাঙৰ কথা যে পলিমাৰ নোট নকল কৰিব নোৱাৰিব । অৰ্থাৎ পলিমাৰ নোটৰ কোনেও জাল নোট বনাব নোৱাৰিব । পলিমাৰ নোটত ট্ৰান্সপাৰেণ্ট কিবা এটা ল'গ' থাকে । সেইটো পলিমাৰ নোটৰ চিহ্ন । এইটো কপি কৰাটো সম্ভৱ নহয় । জাল কৰিব নোৱাৰিব ।"
জলবায়ুৰ আৰু পলিমাৰ নোটৰ প্ৰসংগত ভাৰত বাগাদিয়াই কয়, "২০১২-১৩ চনত চৰ্চালৈ আহোতে ভাৰতৰ পাঁচটা চহৰত পলিমাৰ নোট পৰীক্ষামূলকভাৱে প্ৰচলন কৰাৰ কথা চিন্তা কৰা হৈছিল । এইবাৰো হয়টো পাঁচটা চহৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হ'ব । ভাৰতৰ সকলো ঠাইৰ জলবায়ু বেলেগ বেলেগ । জলবায়ুৱে পলিমাৰৰ ওপৰত প্ৰভাৱ পেলায় । গৰম নাইবা ঠাণ্ডাৰ কথা আছে । আঠা লাগি ধৰিব পাৰে । আনহাতে পলিমাৰ নোটত সহজতে জুই লাগিব পাৰে । কিন্তু কাগজৰ নোটত সোনকালে জুই নালাগে । এই সকলোবোৰ দিশ পৰীক্ষা-নিৰীক্ষা কৰি চাব । যাৰ বাবে দেশৰ সকলো প্ৰান্তক সামৰি পাঁচটা চহৰত পৰীক্ষামূলকভাৱে পলিমাৰ নোট প্ৰচলন কৰিব পাৰে ।"
পলিমাৰ নোটৰ সুবিধা আৰু অসুবিধা সন্দৰ্ভত ভাৰত বাগাদিয়াই কয়, "এডভাণ্টেজ বুলি ক'লে প্ৰথমতেই ক'ব লাগিব যে পলিমাৰ নোট জাল কৰিব নোৱাৰিব । আনহাতে কাগজৰ নোট দুইবছৰৰ স্থায়িত্ব আছে যদিও পলিমাৰ নোটৰ স্থায়িত্ব চাৰিবছৰ । পলিমাৰ নোট বহুত দিনলৈ নষ্ট নহয় । অৱশ্যে ব্যৱহাৰৰ ওপৰতো কথা থাকে । পলিমাৰ নোট কাগজৰ নোটৰ দৰে কেইবা ভাজ কৰিব নোৱাৰি । পলিমাৰ নোট আচলতে মানীবেগত ৰাখিব লাগে । ভাজ নকৰাকৈ ব্যৱহাৰ কৰিব লাগে । মানীবেগত চিধাকৈ ৰাখিব লাগে । আনহাতে পলিমাৰ নোট পানীত অলপো নষ্ট নহয় । সাগৰত মানুহে পলিমাৰ নোট লগত লৈয়ে সাতুৰে । অসমত হোৱা বানপানীত এই পলিমাৰ নোট পানীত পৰিলেও নষ্ট নহয় । অৱশ্যে পলিমাৰ নোট প্ৰস্তুত কৰাৰ খৰচ কাগজৰ নোটৰ তুলনাত যথেষ্ট বেছি ।"

ভাৰতত কাগজৰ নোট প্ৰচলনৰ প্ৰসংগত ভাৰত বাগাদিয়াই কয়, "স্বাধীনতাৰ পাছত ভাৰতত ১৯৪৯-৫০ চনত প্ৰথম কাগজৰ নোট প্ৰচলন হৈছিল । ১৯৪৯ চনত প্ৰথম ১০ টকীয়া নোট প্ৰচলন হৈছিল । তেতিয়া চি ডি দেশমুখ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আছিল । তেওঁ বৃটিছ ইণ্ডিয়াৰ উপৰি স্বাধীন ভাৰতৰো ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আছিল । তাৰ পিছৰ পৰা পৰ্যায়ক্ৰমে ভাৰতীয় নোট বজাৰলৈ আহে আৰু সেইদৰে প্ৰচলন হৈ আহিছে ।’’
বাগাদিয়াই কয়, ‘‘ব্ৰিটিছ ভাৰতৰ মুদ্ৰা ব্যৱস্থা আছিল এক জটিল ব্যৱস্থা । বিভিন্ন প্ৰেছিডেন্সিৰ আছিল নিজা নিজা মুদ্ৰা পদ্ধতি । পৰৱৰ্তী সময়ত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ হাতলৈ যায় ভাৰতৰ মুদ্ৰা ব্যৱস্থা । ১৮৬২ চনত ব্ৰিটিছ ইণ্ডিয়ান নোট জাৰি কৰিছিল । য’ত আছিল ব্ৰিটিছ সম্ৰাটৰ ছবি ।’’
তেওঁ আৰু কয়, ‘‘ইমান দিনে ভাৰতীয়ই কাগজৰ নোট ব্যৱহাৰ কৰি আহিছিল । পলিমাৰ নোট আহিলে ইয়াৰো ব্যৱহাৰ কৰিব পাৰিব । পলিমাৰ নোট আহিলে ভাল হ'ব । কিন্তু এটা কথা কও যে পলিমাৰ নোট আহিলেও কাগজৰ নোট বন্ধ নহ'ব । বহুতে কৈছে যে কাগজৰ নোট বন্ধ হৈ যাব । কিন্তু মই কৈছো যে কাগজৰ নোট বন্ধ নহয় ।"

